পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৩
চতুৰ্থ বিৰচন

লৈয়োক সিদ্ধান্ত আৰ, কৃষ্ণ কথা শুনিবাৰ
 মহিমা কহিবো মই কত॥
পুৰুষাৰ্থ মাজে সাৰ, জানিয়া মহন্ত সবে,
 পূৰ্ব্বে কহি আছে বিদ্যমান।
ভগৱন্ত মাধৱৰ, চৰিত্ৰ অমৃত কথা,
 সংসাৰক কৰয় নিৰ্য্যাণ॥৬৭৫॥
হেন কথা অমৃতক, মহন্ত সবৰ মুখে,
 পীয়ে যিটো কৰ্ণাঞ্জলি ভৰি।
নুহি যেবে পশু সিটো, জানয় কথাৰ ৰস
 নুশুনিবে কোননো সাদৰি॥
কৃষ্ণ কথামৃত এড়ি, শুনে বিষয়ৰ কথা,
 পশুতো অধম সিটো অতি।
প্ৰতিকূল কৰ্ণ দিয়া, জানিবা নিশ্চয় তাক,
 বিধাতায়ে কৰিলন্ত শাস্তি॥৬৭৬॥
কলা হৈলে ভাল তাৰ, কুকথাক শুনিবাৰ,
 নপাইলেক হন্তে দোষে আসি।
কৃষ্ণৰ কথাত কৰি, কুকথা যিমত তুচ্ছ,
 শুনা কহো দৃষ্টান্ত প্ৰকাশি॥
অমৃত পড়িয়া থাকে, যেন শূকৰৰ জাকে,
 বিষ্ঠাকেসে কৰন্ত ভোজন।
জানিয়া কুকথা বিষ্ঠা, ত্যজিয়া কৃষ্ণৰ কথা,
 অমৃতক কৰিয়ো যতন॥৬৭৭॥