পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
প্ৰথম বিৰচন

কহিলোহো ভকতিৰ উত্তম লক্ষণ।
মুকুতিৰ অৰ্থে ভিন্ন নলাগে যতন॥৫৪॥
মিলিবে মুকুতি ভকতিৰ প্ৰসাদত।
লিঙ্গ দেহ দহিবে অজ্ঞান প্ৰথমত॥
যেন প্ৰাণী অন্ন পান ভুঞ্জে যত যত।
উদৰৰ বহ্ণি জীৰ্ণ কৰয় সমস্ত॥৫৫॥
ভকতিও সেহিমতে লিঙ্গ জীৰ্ণ কৰে।
বিনা যত্নে জীৱন্তে মুকুতি পাৱে নৰে॥
জানি ধৰা ভকতি ত্যজিয়া আন কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥৫৬॥

দুলড়ী

কপিল বদতি, শুনা দেৱহুতি,
 মাতৃ কৰি স্থিৰ চিত্ত।
কহিলোহো নিষ্ঠ, ভকতি গৰিষ্ঠ,
 লক্ষণ কৰো বিদিত॥
আমাৰ একান্ত, ভকত সকলে,
 দেখে সমস্তকে মিছা।
ভকতি বিৰোধী, জানিয়া সাযুজ্য,
 মোক্ষকো নকৰে ইচ্ছা॥৫৭॥
একে মোতে মাত্ৰ, কায় বাক্য মনে,
 ৰতি কৰে নিৰন্তৰে।