পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
ভক্তি-ৰত্নাৱলী

এতেকে তৰিবা ঘোৰ সংসাৰত সুখে।
পলাওক পাতক ৰাম ৰাম বোলা মুখে॥১৫৪॥

ছবি

যেন মতে দামোদৰ বশ্য হন্ত ভকতৰ
 শুনিলাহা পৰম উৎসুকে।
শুনা আৰো সাবধানে, পৰীক্ষিত বিদ্যমানে,
 কৈলা যেন মহা মুনি শুকে॥
কদাচিতো দেৱহৰি, নবনীত চুৰি কৰি,
 খাইলা দেখি যশোদা সুন্দৰী।
ক্ৰোধে খেদি ধৰি আনি, উড়ুখলে টানি টানি,
 বান্ধন্ত গৰুৰ লৈয়া জৰী॥১৫৫॥
অনন্ত ব্ৰহ্মাণ্ডপতি, বাহিৰে ভিতৰে অতি,
 নাহি পূৰ্ব্বাপৰ আদি অন্ত।
বেদে নজানন্ত যাক, তাহাঙ্ক গৃহতে পাই,
 পুত্ৰ বুলি যশোদা বান্ধন্ত॥
ফোকাৰন্ত শ্ৰান্ত পাই, গোড়ে ঘাম বহি যাই,
 খসিয়া খোপাৰ পৰে ফুল।
মাতৃৰ দেখিয়া শ্ৰম, কৃপায়ে বন্ধন পাছে,
 লৈলা জগতৰ আদি মূল॥১৫৬॥
মোৰ বশ্য চৰাচৰ ময়ো বশ্য ভকতৰ
 হেনসে দেখাইলা দামোদৰ।