পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/২২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২২
ভক্তি-ৰত্নাৱলী

প্ৰমাদত অবি- -হিত আচৰিলে,
 নাহি আন প্ৰায়চিত্ত॥১৯৫০॥
কায় বাক্য মনে, সুদৃঢ় বিশ্বাসে,
 কৰোক সেৱা কৃষ্ণত।
এতেকে পৰম, কৃতাৰ্থ হৈবেক,
 ঈশ্বৰৰ প্ৰসাদত॥
উক্ত অৰ্থ পুনু, দঢ়ায়া কহওঁ,
 জনকৰ বচনত।
মিথিলাৰ ৰাজা, বোলন্ত কৃষ্ণক,
 হৈয়া অতি অৱনত॥
হে কৃষ্ণ কৃপা- -ময় প্ৰভু দেৱ,
 প্ৰণামো তোমাৰ পাৱে।
আজ্ঞা ভঙ্গ দোষো নিজ ভকতৰ,
 নধৰা হৰি স্বভাৱে॥১৯৫১॥
হেনয় পৰম, কৃপালু গুণক,
 জানয় যেবে তোমাৰ।
কোননো পুৰুষে তযু পাদপদ্ম,
 ভজিয়ো ত্যজিবে আৰ॥
তুমি বিনে যিটো, শান্ত মতি মুনি,
 সাৰ কিছো নেদেখয়।
তাসম্বাক প্ৰভু, আপনাকো দিয়া,
 কিনো দেৱ কৃপাময়॥