পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৪
ভক্তি-ৰত্নাৱলী

দুলড়ী

কৃষ্ণৰ চৰিত্ৰ, শ্ৰৱণেসে মাত্ৰ
 পৰম শ্ৰেষ্ঠ ভকতি।
শুক মহামুনি, নৃপতিৰ আগে,
 কহিলন্ত প্ৰতি প্ৰতি॥
উত্তম শ্লোকৰ, গুণ বাদ কথা,
 যিটো শুনে একবাৰ।
এতেকে যতেক, অমঙ্গল তাৰ,
 নষ্ট হৱে বাৰম্বাৰ॥৬৭৮॥
হেন জানি মহা নিৰ্ম্মল ভকতি,
 যি জনে চাহে কৃষ্ণত।
তাহান কথাক, পৰম শ্ৰদ্ধায়ে,
 শুনোক মাত্ৰ সতত॥
ইটো প্ৰকৰণ, ঊপসং হৰিয়া,
 কহো অৰ্থ নিৰন্তৰ।
নিজ ধৰ্ম্ম পথ, ৰক্ষাৰ নিমিত্তে,
 যিটো কৃষ্ণ মহেশ্বৰ॥৬৭৯॥
শুদ্ধ সত্ত্ব গুণে, লীলায়ে ধৰন্ত,
 ৰাম আদি অৱতাৰ।
তেহে ভগৱন্ত, দেৱ যদুত্তম,
 জানিবাহা সাৰে সাৰ॥
আন অৱতাৰ, সদৃশ যতেক,
 কৰিলা কৰ্ম্ম লীলায়।