পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৮
ভক্তি-ৰত্নাৱলী

অতি অনায়াসে, উচ্চাৰন্তে সাধে,
 ধৰ্ম্ম অৰ্থ মোক্ষ কাম॥৭৮৮॥
আক অল্প বুলি, এড়ি পাপী সবে,
 কৰ্ম্ম-পথে প্ৰবৰ্ত্তিল।
এতেকে গ্ৰাহক, নেদেখি জানন্তা,
 জনে নাম নকহিল।
জানিয়ো হৰিৰ, নাম নকৈবাৰ,
 আৰো আছে অভিপ্ৰায়।
যেন কোন জনে, কুকুৰ শৃগাল,
 খেদাইবাক মাত্ৰ চায়॥৭৮৯॥
তাক লাগি যেন, পোষণ সিংহক,
 মেলি নেদে কদাচিত।
সেহি মতে অতি, তুচ্ছ চাড় ইটো,
 কোন পাপ প্ৰায়শ্চিত্ত॥
পৰম মঙ্গল, হৰি নাম ধৰ্ম্ম,
 মুকুতৰো যাত ৰতি।
পাপ প্ৰায়শ্চিত্ত, অৰ্থে মহাজনে,
 নকৈলা নাম সম্প্ৰতি॥৭৯০॥
নাম নকৈবাৰ, আৰো অভিপ্ৰায়,
 শুনিবি সমস্ত দূত।
নামৰ মহিমা, জানিল মাত্ৰকে,
 জগতে হৈব মুকুত॥