[ বেটুপাত ]

—কুলি—


লিখক:-

— এজন সমাজবাদী যুৱক

[ প্ৰকাশন ]
 

Gauhati University.


কুলি


লিখক:—

এজন সমাজবাদী যুৱক


ৰেৱতী প্ৰকাশ ভৱন,

বলমা।


বেচ—॥৵৹ অনা মাত্ৰ।

[ মুদ্ৰণ ]

প্ৰকাশক ⸺
 সদানন্দ মহন্ত,
 ৰেৱতী প্ৰকাশ ভৱন,
 পোঃ আঃ বলমা,
 যোৰহাট।





প্ৰথম তাঙৰণ,

ডিচেম্বৰ, ১৯৫০ চন




যোৰহাটৰ বাতৰি প্ৰেছত ছাপা কৰা হল।

 

[ পাতনি ]

প্রকাশকৰ দুআষাৰ

 আকস্মিক ভাবে বলমা এৰি কিছুদিন অনাই-বনাই ফুৰিব লগা হ’ল। অনিশ্চিত, ভষ্যিতৰ ওপৰত কোনো সিদ্ধান্ত ল'ব নোৱাৰাত আৰু থকা ঠাইৰ বিশেষ স্থায়ী অৱস্থা প্রাপ্ত নোহোৱাতেই প্রকাশ ভৱনৰ কাৰণে পুথি যুগুত কৰি থৈয়ো প্ৰকাশ কৰিবৰ সুবিধা পোৱা নাছিলোঁ। যিয়েই কি নহওঁক, কাকজানত থিতাপি লোৱাৰপৰাই মনত নতুনকৈ আশা পোষণ কৰিব পৰা হৈছো।

 বৰ্ত্তমানৰ পুথিখনি এজন উদ্যোগী লিখকৰপৰা পোৱা হৈছে । নাম প্রকাশ কৰাত তেখেতৰ আপত্তি আছে। তথাপি থোৰতে কৈ থওঁ যে তেখেতৰ পৰিচয় অজানিত হ'লেও, তেখেতৰ ভাৱৰাশি যুগৰ যুৱকৰ কাৰণে অপৰিচিত নহয়। অসমৰ চুকে-কোণে এনে বহুতো লিখক আছে যাৰ লিখনীয়ে প্রকাশকৰ অভাৱতে ৰাইজৰ মুখ দেখিবলৈ পোৱা নাই । পঢ়ুৱৈ সমাজে আৰু কিমান দিন অপেক্ষা কৰিলে অসমীয়া সাহিত্য-ক্ষেত্ৰত এই অজানিত লিখকসকলক লগ কৰাৰ সুযোগ ঘটিব ?

 পুথিখনি যেনে-তেনে ভাবেই যুগুত কৰি উলিওৱা হ’ল ৷ আশাকৰো সুধী সমাজে ত্রুটী খিনি ঠাই দিব। ইতি,

পো: কাকজান
যোৰহাট
বিনীত,
শ্ৰীসদানন্দ মহন্ত
কাকজান।
 

[ পাতনি ]

লিখকৰ ক’ব লগা

 ৰাজনৈতিক চেতনাৰ পৰিসৰ বৃদ্ধি কৰাৰ উদ্দেশ্যেই এটা সত্য ঘটনাৰ আংশিক আভাষ লৈ আৰম্ভ কৰিলো আৰু সমাধাও কৰিলো। কাৰো মনোকষ্ট দিয়াৰ উদ্দেশ্য ইয়াত নাই, নিজৰ তৃপ্তিৰ কাৰণেই লিখা। গুণ বোধহয় গ্ৰহণ কৰিবলৈ নায়েই, দোষ হ'লে কিন্তু মাৰ্জ্জনা কৰিব।

ইতি—

—লিখক।

যোৰহাট।
২৮ এপ্ৰিল, ১৯৫০ চন

[  ]

কুলি

—এক—


 শৰৎকালৰ সন্ধিয়াৰ দৰে অলপ অলপ জাৰ, বতাহো আছে অলপ অলপ। তিথিটো অৱশ্যে নিয়ম-কাৰণ মানি চলা মানুহৰ মনত থাকিব— অন্যৰ নাথাকে। কাৰণ আজিকালি আউসী-একাদশী মনা বা খবৰ ৰখা মানুহৰ সংখ্যা একেবাৰে কম। বাৰিষা ৰাখে খেতিয়কে আৰু বাপেক মাকৰ শৰাধ পৰিলে ৰাখে শ্ৰাদ্ধকৰ্ত্তাই। তথাপি উমানতে ক’ব পাৰি যে সপ্তমী বা অষ্টমীয়ে হ’ৱ। কাৰণ, কেনিও ডাৱৰৰ চাব নথকা নীলা আকাশখনত জোনৰ পোহৰে মাদকতা এটা সৃষ্টি কৰি দিছিল। মাৰ্চ্চ মাহৰ সন্ধিয়াটো ঘণ্টা হিচাবত অলপ দেৰিকৈয়ে হয়। ঠাই টুকুৰাৰ পাৰিপাৰ্শ্বিকতাত বৈশিষ্টতা নাই। সাধাৰণ ঠাই, তথাকথিত ভদ্ৰ সমাজ সন্ধ্যা সময়ত শনিবাৰ দেওবাৰে সেই ফালে নাযায়। অন্যবাৰে গ'লেও বিশেষ প্ৰয়োজনতহে যায়। কাৰণ মতলীয়া মানুহ নামধাৰী জীৱবোৰে হয়তো সিহঁতক অপমান কৰিব৷ সিহঁতৰ ভদ্ৰতাৰ বগা কাপোৰখন যদিও হাত দিলেই ফটা হৈ আছে, তথাপি চেকা লগোৱাৰ সন্দেহ। [  ] মানুহ সিহঁত হয়নে নহয় সেইটো হলে ভাবিব লাগিব। মাৰ্কচে সিহঁতক মানুহ বুলি কৈছে। গান্ধীয়ে সিহঁতক হিন্দুৰ ঈশ্বৰৰ নামেৰেহে নাম দিছে। কিন্তু সচাঁই সিহঁতক মানুহ বুলি কোনোবাই মানিছেনে? ওচৰত সৰু সৰু জোপোহা জোপোহ লাইন্ লাইন্‌ সেউজীয়া পাতৰ চাহৰ গছবোৰ,গজাল লগা কাঁইটীয়া কাটা তাঁৰৰ মাজতে। সেইফালে অলপ আঁতৰতে সৰু সৰু শাৰী শাৰীকৈ সজা ৰঙা টিঙৰ সৰু পকাবেৰৰ চাপৰ চাপৰ ঘৰবোৰ। ঘৰবোৰ ইটোতে সিটো লগা। দুৱাৰ একোখন আছে। অন্ধকাৰ ভিতৰবোৰ, খিড়িকি বোলা বস্তুটোৰ ব্যৱহাৰ এই শ্ৰেণীৰ ঘৰত হোৱা নাই। বেৰ গোবৰ মাটি দি ইটাৰে গঁথা। ভেটিবোৰৰ লগত বাহিৰৰ চোতালৰ কোনো প্ৰভেদ নাই। বৰষুণ আনিলে হয়তো চোতালৰপৰা পানী ভিতৰলৈহে সোমাৱ। এৰা, ইয়াতে কিছুমান আমাৰ আকৃতিৰেই হাত ভৰি মুখ থকা, কথা ক'ব পৰা জীৱ থাকে। ওচৰতে এটা সৰু টুপ লগা খেৰৰ ঘৰ। বেৰ আধালৈকে দিয়া—তাক অৱশ্যে বেৰ নুবুলি জেওৰা বোলাই ভাল। ত্ৰিকোণাকাৰকৈ কটা চাৰিডোখৰ ৰঙা কাপোৰ লগাই চাৰিডাল ওখ বাঁহ ঘৰটোৰ চাৰি চুকে পোতা আছে। অনুস্তুপীয়া হ'লেও বুজিব লাগিবই কোনো দেৱতাৰ বাসস্থানৰ কাৰণেই তৈয়াৰী হৈছে। সেইজন দেৱতা সৰ্ব্বসাধাৰণ সমাজৰ দেৱতা হয়তো নহবও পাৰে। সেইজন দেৱতা হয়তো যোগ-নিদ্ৰাত মগ্ন—সেইজন [  ] দেৱতাই মধু আৰু কৈটভৰ হাতত হোৱা ব্ৰহ্মাৰ বিপদৰ কথা নাজানে। তাকেই, সেই ঘৰটোকেই সিহঁতে কয় “দেওৰ ঘৰ” বা “মূৰৈ ঘৰ।” ৰঙা ফুল বেলপাত দি পাঠা ছাগলি বলী দি সিহঁতে তাতে বৈষ্ণৱী কীৰ্ত্তন কৰে আৰু পূজাও কৰে। তাৰ কাষতেই সিহঁতে গায়—“এস দুটি ভাই,গৌৰ নিতাই;” আৰু হয়তো গায়—“বাগাল ভাইকো লিয়ে দিবেক পিতল গৰা বাঁশী।” সিহঁতৰ কাৰণে সেয়ে বহুত “ধৰমেৰ কথা৷” “অজপা” নামক সাধনা কৰি মুক্তি মাৰ্গৰ চৰম সত্ত্বাটোক উপেক্ষা কৰে সিহঁতেই। এইযে এটা সৰু মন্দিৰ—ইয়াৰ কাষতেই কোনোৱা দেৱতা দৰদীয়ে ৰুলে কেইজোপামান ফুল।ৰজনীগন্ধাৰ গোন্ধে ঠাইডোখৰত এটা আনন্দৰ ঢৌ বগৰাবলৈকে হয়তো চেষ্টাও কৰিছে। তাই হতভাগী, তাইৰ নিচিনা বহু জোপা ৰজনীগন্ধাই আজি কিমান প্ৰেমিক-প্ৰেমিকাৰ বিলাসকক্ষত গন্ধ ৱিতৰণ কৰিছে। হয়তো কোনো বিলাস উদ্যানত তাইৰ নিচিনা কোনো জুপি ৰজনীগন্ধাৰ গালত হাত ফুৰাই মৰম কৰিছে কত যুৱক-যুৱতীয়ে। কিন্তু তাই আজি ক’ত? দেৱত্বশূন্য অনাদৃত এটা স্বৰ্গৰ বাসিন্দাৰ কাৰণে সজা খেৰৰ আধা ভগা জুপুৰীৰ দাঁতিত। প্ৰকৃতিৰ বিচাৰত ভুল—পাহাৰত গোলাপৰ গন্ধ হৰণ কৰাদি তাইৰো এই গন্ধ হৰণকে কৰিব লাগিছিল। কাৰণ ৰজনীগন্ধাৰ গোন্ধ পাৱৰ উপযুক্ত দেৱতা বা উপযুক্ত মানুহ আজিৰ সমাজৰ পৰিস্থিতিয়ে সেই ঠাইত ৰখা নাই। এই ঠাইত [  ] ৰজনীগন্ধাৰ মোল হয়তো ইমানকেই বুজে—“ফুলগাছ টাৰ থিন্‌লে খুব গন্ধ হেকো৷।" এই ঠাইত “অ” ৰজনী গন্ধা,তোমাৰ গন্ধে সুধা ঢালো” বুলি ৰবীন্দ্ৰ সঙ্গীতৰ লহৰ নুঠে। এই ৰজনীগন্ধা ফুলে লিপষ্টিক লগা ওঠত ওঠ লগাবলৈ নাপায় বা পাল্পচ্ ক্ৰীম্ লগোৱা গালত গালখনি স্পৰ্শ কৰাৱলৈকো নাপায়। হাঁয়! দুৰ্ভগীয়া দেৱতা, তোৰ এই মন্দিৰত বাস, আৰু তোৰ নিচিনা দেৱতাই দিল্লী নগৰীৰ বিৰলা মন্দিৰতো আছে।তহঁতক মানুহে নেদেখে,—আছে বুলি ভাবেহে। স্বৰ্গত ৱোলে সৰু বৰ নাই, সকলো সমান আৰু সকলো সুখী। তেন্তে দেৱতা, ত‍ই মৰতত আহি খেৰৰ জুপুৰীত সোমাই আছ আৰু তোৰে নিচিনা এজনে আজি বিৰলাৰ লক্ষ্মীনাৰায়ণ মন্দিৰতো আছে। দেৱতা তহঁতৰ মাজতো সমতা নাই। মানুহে ভুলকৈ কয় যে তহঁত সমান আৰু সুখী। মই মানুহ, সিও মানুহ, আৰু সৰু লাইন লাইন ঘৰবোৰত থকাবোৰো মানুহ; কিন্তু এটা কথা ইয়াত আছে, সেয়ে বৰ্ত্তমানৰ পৃথিৱীৰ মূল কথা।— অসমতা অশান্তি, অসুখ আৰু সমাজৰ স্তৰৰ পাৰ্থক্য।

 সেই সন্ধিয়াত ময়ে গ'লো আগবাঢ়ি সেইফালে। ইচ্ছাকৃত ফুৰা-চকা মোৰ কাম নহয়। মই নিজকে নিজেই whimsical বুলি বুজি পাওঁ৷ ভাল লগা বেয়া লগা কথাও নহয়। মাত্ৰ যাব লাগে গ'লো। বাগানৰ লাইনত সেইদিনা মানুহ নোসোমায়। মই সোমাওঁ—ময়ো মানুহ। মদৰ [  ] ৱিকট গোন্ধ নাকড লাগিছে, কিন্তু ধৈৰ্য্যেৰে সহ্য কৰিছো। আগৱাঢ়ি গৈ দুৱাৰী চৰ্দ্দাৰৰ ঘৰৰ মুখ পালো। বাগানখন মোৰ ৱৰ বেচি চিনাকী নহলেও চৰ্দ্দাৰ, চকিদাৰ আৰু বাবু বোৰকো চিনি পাওঁ। দুৱাৰী দুৱাৰ মুখতে এটা সৰু মূঢ়াত বহি আছিল। মোক দেখিয়ে মাতিলে— “এ পোৱালী বামুণ! তোকে হামি খুজলি – তুই কাহাঁ যাইছিলি?”

 —“ঘৰতে আছিলো, কি হ’লনো তোৰ?”

 মোক সি পোৱালী বামুণ বুলি মাতে। কাৰণ মোৰ সৰু গঠনটোৱে মোক “পোৱালী” উপনাম এটা প্ৰখ্যাত কৰাই দিছে। চেন্‌ট্ৰেল ইন্সপেক্টৰৰ লগত পেটব দায়ত ৰান্ধনি হৈ থকা দিনৰে এই নাম জনাজাত। বুঢ়া দুৱাৰীয়ে মোক যৰ মৰম কৰে। কাৰণ, মই তাক পালে কথা পাতো আৰু তাঁহাতৰ স্বভাৱ-চৰিত্ৰ — সকলোবোৰ কথা সোধো। সেই দিনা দুৱাৰীয়ে মোক বিচৰা কথাটো অৱশ্যে মই, বুজা নাই। মোৰ বাগানৰ বাহিৰৰ অকণমান পাণৰ দোকানৰপৰা দুৱাৰীয়ে জুইচলা, বিড়ি আৰু মানচাদা তাহানিখন সদায়েই আনিছিল৷ কিয় বিচাৰিছে বুলি সোধাত দুৱাৰীয়ে মোক ওচৰলৈ মাতি নি অন্য এটা মূঢ়াত বহিবলৈ দিলে আৰু লাহে লাহে ক’বলৈ ধৰিলে—“বাবু, তোক মাতিছো মোৰ অলপ কথা ক'বলৈ। মই বাগানৰ কুলি। তথাপি মই হিন্দু মানুহ। মোৰ ঈশ্বৰ- কৃষ্ণ আৰু তহঁতৰো ঈশ্বৰ কৃষ্ণ। মুচলমান বা খৃষ্টানৰ লগত ম‍ই নাথাওঁ আৰু তহঁতেও [  ] নাখাৱ। আমি হিন্দু যদিও তহঁতে আমাক কুলি মানুহ বুলি বহুত ঘিণ কৰ। কৰিছ কৰ, আপত্তি নাই। কাৰণ আমি ওপজোতেই কুলি আৰু তহঁত ওপজোতেই বাবু। এইবোৰ কথা বাদ দি মই আজি বৰ বিপদত পৰিছো। তই মোৰ এজন আপোন মানুহ আৰু বয়সত ছোট হলেও বন্ধু মানুহ বুলি বুদ্ধি বিচাৰিছো, তই ভাল বুদ্ধি দে। নহলে মোৰ জাত আৰু ধৰম সব যাব — মানে মই একদম্ পাপী হৈ যাব লাগিব।”

 “কি বিপদ, তই অলপ খাই আছনেকি?”

 –“খাই থাকিলে তোৰ লগত মই কথাকে নকওঁ। মোৰ বিপদটো শুনিবি। কিন্তু উপায় কৰিবও লাগিব। ন'হলে একদম.জাত গ'ল।”

 —“বাৰু কৈ যা।”

 – “বুজিছ, মাষ্টৰ, নতুন চাহাৱ এটা আমাৰ বাগানলৈ আহিছে। তাৰ মাইকী নাই। মতা বাবুৰ লগত বহুত দোস্ত। তাৰ বৰৱাবুৰ লগতো খুব ভাল। এতিয়া তাক একটা কুলি মেম লাগে। বৰবাবুৱে মোক বহুত দিনৰ পৰাই কৈ আছে আৰু মতা বাবুৱেও কৈছে। মই বাগানৰ কামৰ চৰ্দ্দাৰ হ'ব পাৰো, কিন্তু বাবু হিন্দু হৈ কি ৰকমে খৃষ্টান চাহাবক এটা জাতৰ মাইকী দিম? সেইকাৰণে চাহাবক ফাঁকি দি আছিলো যে বিচাৰিছো পোৱা নাই। সেইদিনা চাহাব কুলি লাইন দেখিবলৈ আহিছিল, [  ] দেখিলে মোৰ বেটী বিকিয়াক। মোৰ বেটী অৱশ্যে অন্য কুলী মাইকী, চুক্ৰীবোৰত থাকি ধুনীয়া। এতিয়া চাহাবক মোৰ বেটীটো লাগে। মোক বৰবাবুৱে কৈছে যে চাহাবে চুক্ ৰী নিদিলে বাগানতে থাকিবলৈ নিদিব আৰু গ’ল বছৰৰ হাওলাটীটো এই দুই মাহৰ ভিতৰত কাটি ল’ব। হাওলাটী,দুই মাহতে কাটিলে মই এক পয়চা নাপাওঁ৷ তাৰোপৰি কোন দিন কি কৰিৱ ঠিক নাই। একফালে পেট আৰু একফালে জাত। তাৰোপৰি কোন দিন হয়তো বাগানকে এৰি দিব লাগিব৷ সেই কাৰণে মই বৰ বিবুদ্ধিত পৰিছো। তুমি ইয়াৰ এটা উপায় কৰিব লাগিব। মই চুক্ ৰীটো মণিলালক চাদি দিবৰ ঠিক কৰি ৰাখিছো। সি বস্তিৰ মানুহ খেতি-বাতি আছে আৰু মানুহটোও ভাল। তাৰ বাহিৰেও বেটা তকিয়াই চুক্ ৰী দিয়াৰ কথা ক’লেই ৰাগত গৰম হৈ উঠে৷ সি চাহাব, বাবু এইসব দেখিৱই নোৱাৰে। কয় বোলে এই সব ঠগ, ডকাইত, এইসৱক একদম মাৰি পেলাব লাগে। একৱাৰ ৱৰবাবুক গালিপাৰাত তাক পুলিছে ধৰি নিছিল। মই দুই কুৰি টাকা দিহে খুলি আনিছো, আৰু আগলৈ গণ্ডগোল কৰিলে মই দায়ী থাকিম বুলি লিখা দিছো৷ এতিয়া মিছা কাৰণতে তাক আকৌ দুইটা সাক্ষী ধৰি পুলিচত দি দিৱও পাৰে। আমাৰ যে কুলি মানুহ সৱ্ দেখিছ, ইহঁতৰ ৱহুতক পইছা দিলে আৰু মদ খাবলৈ দিলে খাৰাপ কাম কৰাই ল’ব পাৰি। ফুচুলালে, মিঠা মিঠা কথা [  ] ক’লে কুলি ভুলি যায়। যি ৰকম একদম তেল নাথাকিলে চাকি নজ্বলে আৰু অলপ থাকিলেই জ্বলে, সেই ৰকম অলপ পানীৰ পুথি মাছৰ দৰে কুলিয়ে অলপ পালেই সব ভুলি যায়। মই জাতত কমাৰ, অসমীয়া মানুহৰ হ’লে কলিতা জাত। তেন্তে মইনো কি ৰকম চাহাৱক চুক্ৰীটো দিম? চাহাবে মোক কাম দিব খুজিছে—মালীৱাৰীৰ চকিদাৰ, দৰমহাও বেচি দিম বুলিছে আৰু চুক্ৰী দিলে টাকাও দিম বুলিছে, কিন্তু কি ৰকম মোৰ এই মাউৰা ছোৱালীটোৰ জাতটো খাম? আৰু মই মণিলালৰ লগত কথা পকা কৰি থৈছো যে তাৰ লগত চুক্ৰীটোক চাদি দিম। মোক একটা উপায় দে বাবু, মই বৰ দুখ পাইছো। কুলি যেতিয়া মৰিবলৈ বেচি দিনো নাই, মোৰ জাত আৰু ইজ্জৎটো বছাই মৰি যাব পাৰিলেই ভাল।”

 তাৰ কথাবোৰ শুনি গ’লো। সি একেলেঠাৰিয়ে কিতাপ পঢ়াদি কথাবোৰ কৈ গ’ল। হয়তো কেইবাদিনৰে পৰা মুন্সিপৰ আগত সাক্ষী ক’বলৈ সাজি থোৱাদি সি কথাবোৰ জুকিয়াই থৈছিল বা ভাৱনাত ভাও দিবলৈ থোৱা দিয়ে থৈছিল। বাস্তৱতে সত্যতা থকা কথা যেতিয়া বুজিবলৈ আৰু বাকী নাথাকিল। তাৰ অন্তৰত ভীষণ বেজাৰ, তাৰ হিয়াখন হয়তো বেজাৰত টুকুৰা-টুকুৰ হৈ গৈছে। মই জানো, বিকিয়াৰ মাক তিনি কি চাৰি মাহতে মৰিছে আৰু বুঢ়াই সিহঁতক বৰ দুখেৰে তুলিছে। এই বুঢ়া চৰ্দ্দাৰ যদিও [  ] বুঢ়া দেখাতহে—বয়সত নহয়। সি কুলিৰ ভিতৰত মন কৰিৱলগীয়া কুলি। মদ খায় যিদিনা তাৰ কাৰো লগত কথা হ’বৰ প্ৰয়োজন নাথাকে। চুৰি বিদ্যা আৰু মিছা কথাক সি তাৰ অলপীয়া নীতি-জ্ঞানেৰে ঘিণ কৰে আৰু ধৰ্ম্মৰ নামত সি সঁচা কথা কয়। বহুত কাৰণতে সি কুলিৰ ভিতৰত মন কৰিব লগীয়া কুলি। ময়ো লাহে লাহে সুধিলো—“বাৰু তোৰ যদি চুক্ৰী দিবৰ মনেই নাই, তেন্তে তাইক সোনকালে বিয়া নিদিয় কিয়?”

 – “যদি কাৰবাৰ কৰো তেন্তে গণ্ডগোল লগাই দিব।”

 —“তই ভয় নকৰিবি, মাথোন ঠিক কৰি কবি। যদি চুক্ৰী মণিলালক দিয়, মই বন্দোৱস্ত কৰি দিম। কালি মণিলালক মোৰ ঘৰলৈ পঠাই দিবি।”

 “ৱাৰু বাবু কোনো ৰকম গণ্ডগোল হ’ব নালাগে আৰু বিপদ বাচিব লাগে।”

 তাৰ পিছত মই যাওঁ বুলি কৈ ওলাই আহিলো। তাৰ চোতালতে সময় ভালেমান হ'ল। ইপিনে লাইনতো হুলস্থুল লাগি আছেই। মাদল বজোৱাই মাদল বজাইছে,কোনোটোৱে গানকে টানিছে, কোনোটোৱে কোনোটোৰ মা-বহিনক ধৰি গালিয়েই পাৰিছে। মোটতে শনিবাৰে সন্ধিয়া ওচৰত মহল থকা বাগানৰ লাইনৰ অৱস্থা দেখিলেহে বুজিৱ পাৰি, নহলে বুজা টান। এটা নতুন চাহাবে আহি ৰৱিবাৰে কোনো এক ৱাগানৰ অফিচত কাম চাবলগীয়া হৈছিল। [ ১০ ] লাইনৰ এনে অৱস্থা দেখি বাবুক সুধিলে—“কেৰাণী বাবু, what গণ্ডগোল?” ইংৰাজীত বিদগ্ধ পণ্ডিত কেৰাণীয়ে উত্তৰ দিলে—“চাহাব, মাটি কলহৰ দেশী wine taking, senseless and drum beating and খচখচ তাল hiting and গণ্ডগোল। “Yes” বুলি চাহাবে মিচিকিয়াই হাঁহি মাৰি থ'লে। নতুন চাহাবৰ মুখত হাঁহি দেখি বাবুৰ মনত বৰ খুচি। সেয়ে বাগানৰ বাবু, কুলি আৰু চাহাব। ইয়াক বুধিয়ক বাবুবোৰে চাহ বাগান নোবোলে ৱোলে “বাগিছা।” তাৰ অৰ্থ হৈছে যে বাগি দিছোঁ চা। কুলিক বাগি দি,ফাঁকি দি ধন কেনেকৈ গোটাইছে, পূজিপতি দলে তাকে মানুহক চাবলৈ কৈছে। সেয়ে হল বাগিছা! বাগিছাৰ মনোবৃত্তি সাধাৰণ ভাবে ৱৰ উন্নত হবলৈ নাপায়। কাৰণ অলপ চালাক-চতুৰ মানুহ বাগানৰ কামত সোমালে ইমান ৱিন্ধা পায় যে যেনিয়ে তেনিয়ে কেৱল স্বাৰ্থৰ পৰিসীমা ৱঢ়াই নিব পাৰে৷ সেই কাৰণে ওপৰৱালা বগা চাহাবে বাবুসকলক বা কুলিকো অন্য মানুহৰ লগত মিল হোৱাটো, পঢ়া-শুনা জনাটো ভাল নাপায়। সেই কাৰণে বাগান বহুতো ক্ষেত্ৰত পিছপৰা। এইটো দোষ পাৰি-পাৰ্শ্বিকতাৰ আৰু ধাৰণাৰ। আমাৰ মধ্যবিত্ত মানুহ বাগানৰ চাকৰিত সোমালেই সোধে—“পইচা-পাতি কেনেকুৱা?” অৰ্থাৎ অসৎউপায়েৰে উপাৰ্জ্জন কৰিব পাৰিনে নোৱাৰি? সেয়ে ৱাগানৰ বাবু আৰু কুলিতো কুলিয়েই, তাৰ কথা মানুহে ৱৰ চিন্তা নকৰে। আজিকালি লেবাৰ মুভমেন্ট হোৱাত মালিকসকলে [ ১১ ] কুলিক এপিজমেন্ট পলিচি অৰ্থাৎ যেনে-তেনে শান্ত কৰি ৰখা নীতিৰে চলাবলৈ প্ৰচেষ্টা কৰিছে। তাৰপৰা লেবাৰৰ কিন্তু লাভ হোৱা নাই – হৈছে মদৰ মহল লওঁতা কিজনৰ আৰু মাৰোৱাৰী মহাজনৰ। দেশত ইনফ্লেচন্ ( মুদ্ৰাস্ফীতি ) সমস্যাত প্ৰকাৰান্তৰে সহায়হে হৈছে। এয়ে অসমত চাহ বাগান আৰু তাৰ ব্যৱহাৰ ব্যৱস্থা। লাহে লাহে কথাবোৰ ভাবি ভাবি ওলাই আহিলো। প্ৰায় সন্ধ্যাটোৰ আধাঘণ্টা সময় এইদৰে গল। মনটো সময়ৰ সুখ উপভোগ কৰিবৰ উপযোগী হৈ নুঠিল— এটা গভীৰ ভাব আৰু ঘৃণাৰ ভাবেৰে উৎকণ্ঠিত হৈ পৰিল। ভাবিলো বাগান, বনুৱা, বাবু আৰু ৱগা চাহাব — সিহঁতৰ প্ৰত্যেকৰে পাৰিপাৰ্শ্বিক ব্যৱস্থা আৰু চাহপাত—ইয়াৰ বজাৰ।

 *  *  *  *  *  *  *  *

[ ১২ ]
 

—দুই—

 সেই দিনা সন্ধিয়া—আৰু যিটো দিনৰ সন্ধিয়াৰ কথা কব লাগিব বহুত বেলেগ। বাহিৰত ঘন-ঘোৰ অন্ধকাৰ। ৰঙা ৰঙা জুইৰ নিচিনা বিজুলিয়ে অন্ধকাৰ ছাট্‌ কৰে দূৰ কৰে, কিন্তু পিছ মুহূৰ্ত্তকতে অন্তৰ কঁপি উঠে। বতাহৰ হো হো শব্দ, কাৰো কতো সাৰ-সুৰ পাবলৈ নাই। তাৰোপৰি মেঘত প্ৰলয়ঙ্কৰী গৰ্জ্জন। ছাট কৰে বিজুলি মাৰি পঠিৱাৰ পিছতেই একোটা শব্দই তাল-ফাল খুৱাই পঠিয়ায়। মোৰ সৰু ঘৰটো অকলশৰে এফালে পথাৰৰ মাজতে। বাঁহৰ খুটাৰ খেৰী ঘৰ। বতাহে বাৰুকৈয়ে হেঁচি ধৰিছে; কিন্তু হয়তো বায়ু দেৱতাৰ কৰুণাতে সি ৰক্ষা হৈ আছে। এশহাত মান আতৰতে থকা আম গছ জোপাৰ আজি যৱনিকা হল। বুঢ়া গছজোপাৰ দৃঢ়তাক বায়ুয়ে নামানিলে, সি ৰামায়ণৰ যুদ্ধত কুম্ভকৰ্ণৰ মৃত্যু নাইবা হয়তো কৰ্ণ একাঘ্নি অস্ত্ৰত ঘটোৎকচৰ অৱস্থাই হল। সিহঁতে কয় তাত বোলে কিবা এজন বুঢ়া ডাঙৰীয়া আছে। সি যদি ভূত বা দেৱতাই, বেচেৰা প্ৰাকৃতিক এই মহা দুৰ্য্যোগত আশ্ৰয়হীন। বেচেৰা হয়তো ক’ৰবাত শিল বৰষুণৰ ঠেলাত অজ্ঞান হৈ পৰি আছে বা হয়তো সেই যোনিৰ পৰা মুক্তই হৈছে। “সিন্দুৰ” বুলি এখন টকী দেখিছিলো। তাতো এনে [ ১৩ ] এটা দৃশ্যপট আছিল। হঠাতে মনত পৰিল সেই বুঢ়ীজনীৰ মৃত্যুলৈ আৰু নায়কজন আহি নায়িকাক ৰক্ষা কৰা অৱস্থা- টোলৈ। গানটো মনত পৰিল—“তূ ৰূথে হুৱে ভগৱান, তুমকো কেইস্যে মনাউ”। এই বিকট অন্ধকাৰৰ মাজত কাৰ কি হব পাৰে? হঠাতে মনত পৰিল ৱিকিয়া, তকিয়া আৰু দুৱাৰীৰ কথালৈ। দুৱাৰীক সেই দিনা লগ পোৱাৰ পাছত আজি পোন্ধৰ দিন লগ পোৱা নাই। শুনিছো যে বাগানৰ ৫ নম্বৰ আৰু ৬ নম্বৰ লাইনত ব্যাপকভাৱে বসন্ত হৈছে। মনতে সন্দেহ হল—কিজানি কি বেচেৰাহঁতৰো তেনে কিবা হৈছে। ইপিনে বুঢ়াটোৰ চাহাবে ছোৱালী নিব খোজা বিপদটোৰ পৰা ভাল মানুহৰ দৰে ৰক্ষা কৰিম বুলি কৈ গুচি আহিলো। কিন্তু পিছত খবৰ নকৰিলো আৰু সিহঁতৰ লাইনতে বসন্ত হৈছে—মইতো খৱৰকে কৰা নাই। নিজৰ ওপৰতে বৰ ধিক্কাৰ জন্মিল। অকৰ্ত্তব্যৰ চূড়ান্ত কৰি মনটো বৰ উচপিচ লাগিবলৈ ধৰিলে। পাৰ্টিৰ কামত ব্যস্ত থাকি হয়তো পাঁচ দিন খবৰ নকৰাৰ এটা জোৰা দিয়া কৈফিয়ৎ মই নিজৰ কাৰণে দিলো। কিন্তু ৱাকী ডোখৰৰ কাৰণে অশান্তি বেছি হল। ভাবিলো, সমাজৰ কামৰ নামত মই এটা মিছলীয়া। মনক প্ৰৱোধ দিয়াৰ সূচনাত ঠিক কৰি পেলালো যে এতিয়াই গৈ চাই আহিমগৈ। দুৰ্য্যোগ শেষ হোৱা মাত্ৰেই যাম বুলি টৰ্চ্চ লাইটটো লৈ বাহিৰৰ মেজতে লেমটো থৈ মেহটাৰ মহিশুৰ কনভেনচনৰ পইণ্ট কেইটা ব্লিটজখন লৈ পঢ়িবলৈ ধৰিলো। . [ ১৪ ] গোটেই খিনি পঢ়িও মই নিজেই ক'ব নোৱাৰিলো— কি পঢ়িলো। বৰষুণ অলপ পাতলাটো কিন্তু ক’ব পাৰো, লাহেকৈ জাপিটো মূৰত লৈয়ে ওলালো। ছাতি এটা যোগাৰ কৰা মোৰ পক্ষে সচাঁই টান আছিল। মৌজাদাৰ আৰু ডাক্তৰৰ সৰু সৰু ল’ৰা-ছোৱালী কেইটাকে ক ক ম ম শিকাই মাত্ৰ ২০৲ বিশ টকা পাওঁ। তাৰে পেট প্ৰৱৰ্ত্তোৱা মোৰ পক্ষে কঠিন, ছাতিটোৰ কথা নুঠেই। মাজে মাজে দুই চাৰিজন বন্ধুৱে সহায় নকৰিলে মোৰ ড্ৰেচটোৰ যোগাৰ হ’ব নোৱাৰে। তাৰোপৰি আলহী আছে। বহুতো আলহীৰ আকৌ বেছি ভদ্ৰতা থকা কাৰণে হয়তো দুদিনৰ কাৰণে খোৰাকী কিনি থৈয়ো যায়। ভাৱিলো চাইকেলখন লৈয়ে যাওঁনে কি? কিন্তু আন্ধাৰত ঢিমিক-ঢামাক পোহৰ দিয়া টৰ্চ্চটো লৈ যাবলৈ সাহ নহ’ল। হয়তো পৈতৃক সম্পত্তি দেহাটোত ঘুণ লাগিব বুলি, খোজ কাঢ়িয়েই যাবলৈ ওলালো। ডাৱৰ কমা নাই, বিজুলি মাৰিয়েই আছে। গাজনিবোৰ অলপ সৰু হৈছে। গৈ পালোগৈ, আশা আৰু নিৰাশাৰ কোনো কথা নাই। মাত্ৰ মনুষ্যত্ব আৰু সেৱা বোলা কথাটোৰ এটা ধূলি কণাৰ উপমাৰ আদৰ্শতে গলো। ঘোৰ অন্ধকাৰ, ৰাষ্টাত কেইবাজোপাও কলগছ পৰি আছে। অলপতে হৈ যোৱা ধুমুহাৰ জয়-চিহ্ন। লাইনত কেইবা ঘৰতো ক’লা কেৰাচিনৰ চাকি ঢিমিক-ঢামাককৈ জ্বলি থকা দেখিলো সময় হৈছে যদিও সিহঁতৰ একান্ত আশ্ৰয় বিচনাখন, য’ত হয়তো দুখন [ ১৫ ] চ’টি বা থৈলা আৰু দুখন বা এখন কপাহী কম্বল আছে। এই শ্ৰেণীৰ জীৱকে গান্ধীজীৰ পূৰা আদৰ্শ মানি চলা বুলি ক’ব পাৰি। সিহঁতৰ জীৱনত অভাৱৰ অনুভূতি নাই। ‘অসংগ্ৰহ’ কথাটোৰ বাস্তৱিকতে ৰূপান্তৰ ইহঁতেই কৰিছে। মানুহে নেদেখে, চাবলৈকো ইচ্ছা নকৰে নাইবা জানিলেও সিমান ইণ্টাৰেষ্টেড নহয়।

 এয়ে কুলি। ইহঁতৰ সম্পত্তি এটা পিতলৰ হাৰিয়া, তিনিটা মাটিৰ কলহ, দুটা পিতল ৱা এনামেলৰ বাতি, তিনিখন বা চাৰিখন পিতল বা এনামেলৰ থাল। পৰিয়ালৰ জন-সংখ্যা অনুযায়ী তাৰে কম বেছি হয়। কাৰোবাৰ হয়তো সিও নাই—মাটিৰে থাল দুখন আছে। কাপোৰ-কানিৰ বিষয়ত মটাৰ, হ’লে দুটা বজাৰৰ পৰা কিনা নীলা বা অন্য ৰঙৰ হাফ কামিজ আৰু মাৰ্কিনৰ ধূতি দুডোখৰ। হয়তো কাৰোবাৰ একোখন অলপ মিহি ধূতি, একোটা ক’লা কপাহী কোট, লগে লগে বজৰুৱা একোখন বঙালী গামোচা। তিৰোতাৰ শাৰী বা মেখেলা বা চেমিজ-জাকিটৰ কথাটোও ভাৰিবলগীয়া। কাৰণ সিহঁতৰ তিৰোতাবোৰৰ খুব বেছি দুখন ক’লা চালু কাপোৰৰ আঠুৰ অলপ তললৈকে পৰা নামত মেখেলা আৰু হয়তো ক’লা চালুৰে দুটা জাকিট চোলাও (কোনোৱে কৰাই লয়) কিয়নো কেচুৱাই অনবৰতে ঘুকি থকা বুকুৰ অপ্ৰাকৃতিক ডেভেলপমেণ্টত বজাৰৰ চোলাই টান ধৰে। সেয়ে কৰাই ল’বলগীয়া হয়। লজ্জা নিৱাৰণৰ [ ১৬ ] কাৰণে তিৰোতাৰ যি খিনি আৱশ্যক, সেইখিনি সিহঁতৰ যথেষ্ট ভাৱে নাই। ক’লা চালুৰ চুটি মেখেলাখনৰ ওপৰত এহাত পুতলৰ চাৰিহতীয়া বগা বা মটীয়া ৰঙৰ ৰিহা নামৰ কাপোৰ খনে বুকুখনৰ আধাহে লুকুৱায়। কবিৰ কাৰণে সৌন্দৰ্য্যৰ কিবা থাকিব পাৰে, কিন্তু বহুতৰেই আকৌ এনে অৱস্থাত নিজৰে লাহে লাগে। কোনো জনীৰ হয়তো একোখন ভাল শাৰীও থাকে; কিন্তু শ্ৰম-উপাৰ্জ্জনৰ ধনৰ পৰা ইমান বিলাসী হ’ব পৰা শক্তি বহুত কুলি মাইকীৰ নাই। মুঠতে সিহঁত কুলি। সেয়ে সিহঁতৰ দোষ। সিহঁতৰ থকা-খোৱাৰ কথা কেতিয়াৱা কোনোবাই যে ধীৰে-সুস্থে ভাবিছে—সন্দেহ।

 সিহঁতৰ শ্ৰমৰ দ্বাৰাই উৎপন্ন হৈছে সুগন্ধি ব্ৰকন্ পিকো, অৰেঞ্জ পিকো, কিন্তু সিহঁতে সঁচাই নাজানে ইয়াৰ ব্যৱহাৰ কি, কি মূল্য। উৎপাদন কিন্তু সিহঁতেই কৰে। কুলিৰ শ্ৰমৰ দ্বাৰা আজি বিৰাট দুমহলীয়া পকাঘৰ, বুইক, হাটশ্বন নতুন মডেলৰ গাৰী, সোণৰ ফ্ৰেমৰ চচমা, সোণৰ কেচৰ হাতঘড়ী, দামী বিলাতী পপলিনৰ চাৰ্ট আৰু পেণ্ট, ভৰিত নব্বৈটকীয়া জোতা, গাল-ওঠত বিলাতী প্ৰসাধন আৰু চৌখীন বস্তুৰ ব্যৱহাৰ কৰিছে মালিকে—মালিকৰ ধামাধৰাসকলে। সিহঁতে পিন্ধিছে কি—ফটাকানি আৰু খাইছে কি? সিহঁতে নাজানে মাখন কাক বোলে, সিহঁতে নাজানে অমলে’ট্, কাটলেট্, মামলেট্, চিকেন্‌কাৰী, মাটন্ বা, কেক কাক বোলে। সেইবোৰ সিহঁতৰ শ্ৰমত উপাৰ্জিত অৰ্থেৰে ভোগ [ ১৭ ] কৰিছে মহাজনে, মালিকে আৰু সিহঁতক কুলি কৰি চলাব পৰা দলে। গণতান্ত্ৰিক চৰকাৰ গান্ধীৰ আদৰ্শত চলিছে বুলি ৰাজেন্দ্ৰ প্ৰসাদে এবাৰ বুকুত হাত দি ক’ব পাৰিবনে? যদি পাৰে কুলিৰ এই অৱস্থা তেওঁ এৱাৰ চোৱা প্ৰয়োজন হ’ব বুলি যুক্তি বিচাৰে কয়। ঈশ্বৰৰ নামত ৰাষ্ট্ৰপতিয়ে শপত লোৱাৰ আগতে এবাৰ মানৱতাৰ নামত—চল্লিশ কোটি জনগণৰ নামত শপত কৰি মুক, মূঢ়, মৌন, ম্লান এই অৰ্দ্ধনগ্ন মানৱ শ্ৰেণীৰ মৰ্য্যাদা কেনেকৈ পাৰে ৰক্ষা কৰক। ৰাতিপুৱাই ডাঠ ৱস্তাত ভৰোৱা চাহত গুৰ-গাথীৰ নোহোৱা ক’লা চাহ টোপাত কিছুমান আৰৈ চাউল ভাজি নিমখ দি খাই লৈ ৭ বজাৰ পৰা দুই বজালৈ ১০ নল ডবল্-কোৰ মৰা কুলিৰ তেজৰপৰা আজি চাহপাত তৈয়াৰ হৈছে৷ চাহৰ ৰংটো ভাবিলে এনেহে লাগে যেন ই মানুহৰ — ঠিক সিহঁতৰেই তেজহে। কুলিৰ তেজ বিক্ৰী কৰি আজি ৱাগানৰ মালিকে ৬০ মাইল জোৰত নতুন মডেলৰ বেবী অষ্টিন্ গাড়ীখন চলাই বিলাতী চুৰট টিঙে টিঙে শেষ কৰিব পাৰিছে। মানুহৰ এনে নিকৰুণ অৱস্থাৰ কথা, অবিচাৰৰ কথা ভাৱিলে ভগবানৰ সৃষ্টিখনত এফালৰ পৰা জুই দি ছাৰ-খাৰ কৰি দিবৰ ইচ্ছা হয়। মাছ-ভাত গাখীৰ খাবলৈ পোৱা হলেও কুলিৰ জীৱনত কিছু তৃপ্তি সাধন হলহেতেন। চাউল ভজা চাহপানী, খাই সিহঁতৰ শৰীৰত শক্তি থাকিব পাৰে কৰ পৰা? নৰ কঙ্কালবোৰক গৰমৰ দিনত মহ-ডাঁহে [ ১৮ ] কামুৰিব নোৱাৰে৷ জাৰৰ দিনত ৱিনা কাপোৰে কটাব পৰাকৈয়ে ভগৱানে সৃষ্টি কৰিছে। ভগৱানে কৰা নাই, মানুহেই সিহঁতক তেনে অভ্যাসত অভ্যস্ত কৰি দিছে। মানুহ তুমি, “সবাৰ উপৰ মানুষ সত্য” বুলি কবিত! নাগাবা! বক্তৃতা কৰিছা গণসেৱাৰ; কিন্তু আজি মানুহ হৈ মানুহৰ তেজ কি বুলি পিব ধৰিছা? স্বত্বৰ সূত্ৰত তোমাৰ কি অধিকাৰ আছে যে তুমি এইবোৰক সদায় এনেকৈ গড়কি ৰাখিবা? তুমি আজি গান্ধীৰ নাম কৈ ৰাজত্ব কৰিছা, লোকায়ত্ব শাসন পাতিছা আৰু গান্ধীৰ প্ৰাণ-প্ৰিয় “হৰিজন” আৰু “মজদুৰ”ক জহন্নামলৈ হেলাৰঙে ঠেলি দিছা। দুখীয়া খেতিয়কক যি সুখ দিছা সিও তথৈবচ। কৰৰ হেঁচাত সিহঁত হয়তো কেতিয়াবা তোমালোকৰ পৰা একেবাৰে বিচ্ছিন্ন হৈ যাবগৈ লাগিব৷ আৰু কুলি? তাৰ ব্যৱস্থাৰ কথা তোমাৰ শাসনে আজি ভাবিছেনে? এইবোৰকে ভাবি ভাবি গৈ লাইনৰ মূৰ পালোগৈ। দেখিলো সিফালৰপৰা এটা লেম লৈ কোনোবা আহিছে। ওচৰ পাই বুজিলো, যে লাইন চকিদাৰ জানকীয়া। মাত দিলো, “জানকীয়া, ক’ত যাৱ?"

 “কোন? অ’ পোৱালী বাবু, ৰাতি ইয়ালৈ কিয আহিলি?”

 “এৰা, তহঁতৰ লাইনত বোলে বেমাৰ হৈছে। মানুহ বোৰৰ খবৰকে কৰিবলৈ আহিলো, ভাল হৈছেনে এতিয়া?” [ ১৯ ]  “কুলিৰ বেমাৰত ৱাবুৱে ৰাতি খবৰ কৰা কথা, পোৱালী বাবু, তোকে জীৱনত পহিলা দেখিলো।” “এৰা।” সি হুমুনিয়া কাঢ়ি ক’লে—“ৱাবু লাইন্‌ একৰকম গোঁসানীৰ ৰাগতে শেষ হৈছে। আজিলৈকে চাৰি দিনৰ ভিতৰত চোক্‌ৰা-চুক্‌ৰী লগাই দু-কুৰি মৰিছে আৰু মৰিবলগীয়া আছে একুৰি মান।”

 “আঃ ইমান হৈছেনে? দুৱাৰী বুঢ়াটোৰ ভালনে?”

 “এৰা বাবু তাৰ বেটাটো পৰহি মৰিল, সিও এতিয়া পৰিহে আছে। সি চকুৱে নেদেখা হ’ল। কি ঠিক, তাৰো হয় কি? বাবু, গোঁসানীৰ ইচ্ছা হৈছে, লেগিছে। তুমি আমি জানো কিৱা কৰিব পাৰো? আৰু, বাবু, দুইটা অলপতে মৰিছে, বৰষুণৰ কাৰণে পুতিব পৰা নাই; বৰবাবুক খবৰ দিব লাগে যাওঁ। তই দেখিলে দুৱাৰীটোক দেখি আহিব পাৰ। তোৰ কথা সি সৱ দিন কৈয়ে আছে, সি মৰাৰ আগতে দেখি আহ। মই পিছত লগ পাম” বুলি সি গলগৈ।

 তকিয়াৰ মৃত্যু, দুৱাৰীৰ চকু · কণা হোৱা আৰু মৃত্যু-শয্যাত চটফট কৰি থকা অৱস্থা আৰু বেচেৰী বিকিয়াৰ অকলশৰীয়া জীৱনৰ বিপদৰ কথা ভাবি মনটো কিবা লাগি গ’ল। আগবাঢ়ি গৈ বিকিয়াক মাত দিলো—“বিকিয়া”?

 “কোন” বুলি দুৱাৰ মেলি আউলী-জাউলী চুলিৰে কাপোৰ-কানিৰ লাগ-বান্ধ নোহোৱা অৱস্থাত গাভৰু বিকিয়াই হাতত টিপ চাকি এটা লৈ ওলাই আহি “হা পোৱালী [ ২০ ] বাবু” বুলি হুক্‌ হুক্‌ কৰে কান্দিবলৈ ধৰিলে। মোৰ মানসিক অৱস্থা সেই সময়ত কি হৈছিল সঁচাই কব নোৱাৰো। মাথোন থিয় হৈ থাকোতে জৰ জৰ কৰে দুই চকুৱেদি চকুপানী বৱলৈ ধৰিলে। সম্ভবতঃ ৰূমালেৰে দুবাৰমান চকুপানী মচিও পেলাইছিলো। দুৱাৰখন পাৰহৈ গলো আৰু একেথৰে তিনি মিনিট মান ৰলো। ভাৱিবৰ সময় নাছিল, মই ক’ত কেনেকৈ আৰু কিয় আছিলো। লাহেকৈ কলো—“বিকিয়া, নাকান্দিবি, সকলো ভগৱানৰ ইচ্ছা। বিপদত থিৰেৰে থাকিব লাগে। মই আছো -ভয় নকৰিবি।” কিন্তু তাই নামানে। অলপ চিলমিলকৈ টোপনি অহা বুঢ়াই তাইৰ কান্দোনত সাৰ পালে আৰু মাতটো শুনি সেহাই সেহাই মাতিলে——“কোন হেকে বেটী, পোৱালী বাবু?”

 “ওঁ ময়ে দুৱাৰী, অলপ ভাল পাইছনে?”

 “ৱাবু, তই ইয়াত কিয় আহিছ? কুলি মৰিলে তোৰ কি লোকচান? বাবু, তই যাগৈ, তোৰ গাত বেমাৰ লাগিব পাৰে।” “দুৱাৰী, সেইবোৰ নকবি। অলপ ভাল পাইছনে? মই ঘৰত নাছিলো আজি আহি খবৰ পায়ে আহিছো।”

 “ভাল কৰিছ, পোৱালী বাবু, নাই তই কুলিৰ ৱাবু আছ, মনত নুদুখাবি। মোৰ মগজটো খাৰাপ হৈ গৈছে।” সি সেহাই সেহাই আৰু কিছুমান লাগ-বান্ধ নোহোৱা অবান্তৰ কথা কৈ গ’ল। সি ভ্ৰম বকিৱলৈ ধৰিলে। ৱিকিয়াক ক’লো, “বিকিয়া বাপেৰৰ মূৰত অলপ পানী ঢালি [ ২১ ] দে তাৰ মূৰটো খুব গৰম আছে।” মই মূৰত হাত দি চাইছিলো। তাই হাৰিয়াটোৰেই পানী আনি দিলে আৰু ম‍ই কোৱাত মুৰটো ডাঙি ধৰিলে, মই লাহে লাহে পানী ঢালিলো। অলপ সময়ৰ পিছত সি অলপ হুচ পালে। লাহে লাহে কলে—“বাবু, চকুৰে নেদেখো। তোৰ হাতটো দে, মই চুই দেখিম। তই বাবুনে কি?” মই ওচৰতে থকা সৰু মূঢ়াটোতে বহি হাতটো আগবঢ়াই দিলো। সি হাত-টোত টানি ধৰিলে আৰু লাহে লাহে কলে—“ঠিক তই,বাবু। বাবু মানে তই চাফা কানি-কাপোৰ পিন্ধা বাবু নহয়, তোৰ কলিজা বাবুৰ কলিজা” বুলি মনে মনে থাকিল। হাতটো ধৰি কপালত লগালে আৰু এৰি দি এটা নমস্কাৰ কৰিলে। তাৰ পিছত অলপ সময় নিমাত। বৰষুণ আকৌ আহিবলৈ উপক্ৰম হ'ল। মেঘে বৰকৈ গাজনি মাৰিৱলৈ ধৰিলে। বতাহ বেছিকৈ মৰা দেখি চাকিটো নুমাই যাব বুলি দৰজাটো বন্ধ কৰি দিলো। ৰাতি দহ বজাত কুলি লাইনৰ ঘৰৰ ভিতৰত এজনী গাভৰু ছোৱালী,এটা কণা বেমাৰী বাপেক আৰু এনে ডবাপিতা শিল-বৰষুণৰ অভিজ্ঞতা আন কোনো বাবুৱে কেতিয়াবা পাইছেনে নাই মই ক'ব নোৱাৰো। মোৰ জীৱনত কিন্তু এয়ে প্ৰথম অভিজ্ঞতা। মই ভাৱিলো যে কুলিবোৰে দেখিলে কিভাবিব। সিহঁতে নিশ্চয় ক’ব যে বিকিয়া দেখিবলৈ বৰ ধুনীয়া, যোৱান চুক্ৰী দেখি বাবুটো ইয়ালৈ আহে। অৱশ্যে [ ২২ ] সন্দেহ নাই, ঘুৰণীয়া মিঠা বৰণীয়া মুখখনেৰে জাকিত চোলাৰ মাজেদি ঠৰঙা হৈ জিলিকি থকা বুকুখনেৰে লোহোৰা লোহোৰ হাত-ভৰিৰে বিকিয়াজনী সঁচাকৈয়ে মোহ লগা। তাইৰ চেহেৰাতকৈ তাইৰ মাত বোল আৰু কথা ইমান লনী যে তাইৰ লগত এবাৰ কথা পতা মানুহেও, হয়তো বহুত দিনলৈ তাইক মনত ৰাখি যাব। অমায়িক ব্যৱহাৰ, সৰু টিয়া মাত সাধাৰণতে কুলি ছোৱালীৰ স্বভাৱগত কথা। কাৰণ সিহঁত সৰু যেতিয়া সদায় অমায়িক হ’ব, হ’বই লাগে, ন’হলে যে কুলি আৰু তাতে কুলিৰ তিৰোতা৷ অৱশ্যে লাওপানী খাই লৈ মছগুল হৈ গান গাবৰ সময়ত আৰু নাচিৱৰ সময়ত সেই অমায়িকতা আৰু ভদ্ৰতা সিহঁতৰ থাকিব নোৱাৰে। বিকিয়াৰ কিন্তু আচৰিত ব্যৱহাৰ সকলোৰে আদৰণীয় আৰু বহুতেই মানো কৰে আৰু মৰমো কৰে। ষোল বছৰীয়া গাভৰু বিকিয়াৰ তেজে ফুটি যাওঁ ফাটি যাওঁ কৰা গালকিখন এই কেই দিনতে আচৰিত ধৰণে শুকাই যোৱাতো স্বাভাৱিক কথা। চুলিবোৰ আউল-জাউল পৰি থকা স্বত্বেও তাইৰ সৌন্দৰ্য্যৰ কম-বেছ হোৱা নাই। নহলেনো ইউৰোপীয়ান, চাহাবে তাইক চকু দিলেহেতেন নে? মনে মনে থকাটো বৰ বেয়া দেখায় আৰু জানিবলগীয়া কথা এটাও মনত পৰি লাহেকৈ সুধিলো— “ৱিকিয়া, মণিলাল আহিছিলনে?” তাই হুক্ হুক্ কৰে আকউ কান্দিবলৈ ধৰি ফেঁকুৰি ফেঁকুৰি ক'লে—“আমাৰ কাৰণে ৱাবু সেই মানুষটো ও

. [ ২৩ ] আজি ৰাতিপুৱা...’’ বুলি আৰু ক’ব নোৱাৰিলে৷ মাত্ৰ কান্দোনৰ মূৰত আৰু কান্দি কান্দি কোৱা কথাবোৰত বুজিলো যে সিও মৰিল। মই ভগৱানক বিশ্বাস কৰো। এনেকৈ দুখীয়াক বিপদত পেলোৱা কথাটোৰ ওপৰত মোৰ ভগৱানৰ প্ৰতিয়েই বিৰাগ জন্মি উঠিল। মই ভাৱিলো — দুৱাৰীয়ে হয়তো আজিয়েই শেষ নিশ্বাস ত্যাগ কৰিব। তাৰ পিছত তাইৰ কি অৱস্থা হ’ব? দুৱাৰীৰ মনৰ কথা কামত পৰিণত ন’হল, তকিয়া মৰিল, মণিলাল মৰিল আৰু সি এই ভয়ানক নিশাটোতে হয়তো বিদায় ল’ব। বুঢ়াটোৱে এনেতে টোপনিৰপৰা সাৰ পোৱাৰ দৰে মাত দি ক’লে— “বেটী, ৱাবুটা গেলেক্ না কি?” মই “নাই যোৱা” বুলি সহাৰি দিয়াত সি সেহাই সেহাই ক’লে—“বাবু, মই একটা স্বপন দেখিলে যে মোৰ ৱেটী ৱিকিয়াই একটা মটৰ গাৰীতে উঠি গৈছে আৰু বহুত মানুহৰ চাম্‌নে কথা কৈছে, একটা মুকলি জায়গাতে। সঙ্গে তুই ভী আছ, বাবু।” মই মাত্ৰ ক’লো, “তই অলপমান মনে মনে শুই থাক, ভাল পাবি।”

 —“কি আৰু ভাল হ’বে বাবু? হ’ৱাৰটো হৈয়ে গেছে। মাত্ৰ বাকী জীউতা, কালি পুৱা পুতি পেলা বেক। বাবু, মৰিবাৰ সময় কি কৰিতে লাগে? ৰাম নাম ল’ব লাগে? নাহয় বাবু?

 —“সেইবোৰ তই এতিয়া ন’কবি, তই ভাল হ’বি।”

 —“মই ভাল নহ’ম বাবু, মই বেছি সময় নাথাকো। [ ২৪ ] একটা কথা। তোক মৰাৰ আগে একটা বস্তু দিম, ল’বি?”

 “কি” বুলি মই সুধিলো।

 “মই যদি তোৰ বন্ধু মানুষ হওঁ, মোক যদি তই ভাল পাৱ, তোক একটা বহিন্ দিলো। ইয়াকে তই দেখিবি। মোৰ আৰু নাই। জাতিৰ বহিন নহয়, কুলি ৱহিন্। লবিনে বাবু?” “মই আগতে লৈ থৈছো দুৱাৰী, তই সেইবোৰ বাদ দে।” “বাদ দিবলৈ নাই, মই জানো, মই মৰিম৷ তই কালিৰ ভিতৰত ইয়াৰ পৰা লৈ যাবি। নহলে চালাসবে ইয়াৰ জাত খাব।”

 ইফালে বিকিয়াৰ কান্দোন মাৰ যোৱাই নাই। ৱৰষুণ বৰকৈ আহিবলৈ ধৰিলে। গাজনি আগতকৈয়ো ৱেছি হবলৈ ধৰিলে। বিজুলি ছাট্‌ ছাট্‌ কৰে মাৰি চকু জলক-তবক লগাবলৈ ধৰিলে। যেন পুৰাণৰ কোনোবা প্ৰলয়ঙ্কৰী দেৱাসুৰৰ যুদ্ধহে আৰম্ভ হ’ল! এবাৰ গাজনিত চক্ খাই ৱিকিয়া বেমাৰী বাপেকৰ কাষ চাপি গ’ল। কিন্তু কি হ’ব? নিয়তিৰ বিচাৰ অন্য ধৰণৰ। দুৱাৰীয়ে হাত- ভৰিবোৰ ৱৰকৈ চটফট্ কৰিবলৈ ধৰিলে। বৰ জোৰ দি এবাৰ মাতিলে দীঘলীয়াকৈ—“ৰাম।” তাৰ পিছত আৰু একো সাৰ-সুৰ নাই। বিকিয়াই বৰকৈ কান্দিবলৈ ধৰিলে। মোৰ ভৰি দুটাত অকস্মাতে সাবটি ধৰি চিঞৰিবলৈ ধৰিলে। “বাবু, বচা, বচা, বাবাকে বচাই দে।” অসময়ত বুজনিৰ পৰা লাভ নাই। বৰ ৱেছি শোক পালে কিছুমানে নাকান্দে। [ ২৫ ] মই জানিলো, কান্দি ভাগৰিলে আপুনি এই শান্ত হ'ব-- ভবিষ্যতৰ কথা ভাবি। দুৱাৰী মৰাৰ আগত যে এই আপদ মোক গটালৈ তাক কি কৰা যায়, সেই চিন্তাই মোক বৰ ৱ্যস্ত কৰিলে। দুৱাৰখন মেলি বাহিৰলৈ চালো—ভয় লাগে, ইমান অন্ধকাৰ। এনে দুৰ্য্যোগ মোৰ জীৱনত কাহানিও ঘটা নাই। দুৱাৰ বন্ধ কৰি দিলো। ভিতৰত যদি হুৰাও-ৰাৱে চিঞৰিছে বাহিৰলৈ তাক কোনেও নুশুনে। বতাহ-বৰষুণ তেতিয়াও পূৰা দমেই চলি আছে। গতিকে তাৰ শব্দই ইয়াক কোনো মতেই বাহিৰলৈ ওলাবলৈ দিয়া নাই। হয়তো ভগৱানেও শুনা নাই। নহ’লে এটা দুখীয়া পৰিয়ালক নিজ হাতে স্ৰজন কৰি এনেকৈ নষ্ট হবলৈ নিদিলেহেতেন।। কান্দি-কান্দি বিকিয়া অচেতন হল। তাই বুঢ়াৰ মৰাশৱৰ ওচৰতে শুই পৰিল। প্ৰায় তিনিঘণ্টা সময় এইদৰেই যোৱাত বৰষুণ কমি আহিল। মোৰ মন ইমান সময় দুখ-বেজাৰতে ব্যস্ত হৈ থকা নাছিল। মানুহ ওপজে আৰু মৰে। সি স্বাভাৱিক দুখ-বেজাৰ, কথাটোত বৰ জোৰ দি সমাজৰ কামো সমাধা নহয়। ৱৰষুণ কমাত জাপিটো লৈ ওলাই আহি জানকীয়াক বাবু ঘৰৰ ফালৰপৰা হাতত লেম লৈ অহা দেখিলো। অলপ ৰ'লো তাক লগ পালো। “জানকীয়া আজি বৰ খাৰাপ দিন।”

 –“এৰা ভগৱানৰ একদম ৰাগ হৈছে। তই যোৱা নাই? যাবি কি ৰকম? দুৱাৰীক দেখিলি?” “ওঁ” বুলি [ ২৬ ] হুমুনিয়াহ কাঢ়ি ক’লে,—“দুৱাৰী আৰু নাই। সিবোৰ যি হওক আৰু ৱিকিয়াক মোৰ তাত কালি পঠাই দিবি। দুৱাৰী বুঢ়াই মোক তাইক ধৰম-বহিন্ দি গৈছে।”

 —“কুলিকে তোৰ সঙ্গে কি কৰি ৰাখিবি, মানুষ কি বলিবেক। এইসব ঠিক নাই বাবু।”

 “নাই জানকীয়া, মানুহৰ কথা বাদ দে। মোৰ ধৰম- বহিন্, তই তাইক ৰাতিপুৱা পঠাই দিবি। তাইক কৈ দিবি যে ৱাবু ৰাতি গলগৈ। নহলে হয়তো চাহাবে গম পালে ৱেয়া হব।” বাগানৰ লাইনত এটা লেবাৰ ইউনিট্ কৰিবলৈ চেষ্টা কৰাৰপৰা চকিদাৰবোৰৰ লগত মোৰ ভাল চিনাকী। সিহঁতে মই কোৱা কথাবোৰ অন্ততঃ অলপ ভাবে আৰু পাৰিলে মানে। জানকীয়া চকিদাৰ মোৰ সহায়ৰ মানুহ বুলিয়েই তাক সেই কেইটা কথা কৈ গুচি আহিলো। ৰাতি ২॥ টা বজালৈ নোখোৱা-নোবোৱাকৈ অৱসাদ লাগিছিল। আহি ভিতৰত আনি থোৱা পানীৰে পৰিস্কাৰকৈ গাটো ধুই চাহ একাপ কৰি শুকান ৰুটী দুখন খাই ৩ বজাত বিচনাত পৰিলো। টোপনি হলে নাহিল। বিকিয়াক কাইলৈ আনি কত থম, কি কৰিম আদি নানা চিন্তাত মনটো উগুগ-থুগুল লাগি টোপনি দূৰতে বিদূৰ হল।

 * * * *

[ ২৭ ]
 

— তিনি —

 পাৰ্টি অফিচৰ সোলা বুঢ়া চকিদাৰৰ থৰক-বৰক দেহাটোৰ অলপ তৎ আহিল। সি আমাৰ নামত হে চকিদাৰ কামত নাছিল। ভাত কেইটা আৰু পানী টোপাত সি এতিয়া চিন্তা কৰিৱ নালাগে। কিন্তু বুঢ়াই লিখা-পঢ়া জনাৰ কাৰণে ৱৰ টান কাম হাতত লব লগা হল। বুঢ়া শৰ্ম্মাৰ অফিচৰ কামৰ বাহিৰেও ৱিকিয়াক ইংৰাজী আখৰ কেইটা শিকোৱাৰ ভাৰ পৰিল। তাৰ বাবে প্ৰতি দেওবাৰে তেওঁৰ ঘৰত কাপোৰ ধূই দিবৰ ব্যৱস্থা আছিল। বুঢ়া চকিদাৰ শৰ্ম্মাৰ পৰা বিকিয়াই, এ-বি, চি-ডি, কিটা শিকি পেলালে। অসমীয়াতো চিঠি এখন-দুখন লিখিব পৰা হল। প্ৰায় দুমাহ হল, বিকিয়াই ‘জনতা' কাগজখনো সৰ্ণম্পুকৈ পঢ়িব পৰা হল। ইংৰাজীত আখৰ জোটাৰপৰা অৱস্থাও হল।

 ইফালেদি বাগানৰ বৰলা চাহাবৰ মূৰত গৰম বেছি হবলৈ ধৰিলে। সি বিকিয়াক বাগানত বিচাৰ লগালে। যেতিয়া সি জানিব পাৰিলে যে বাপেক ককায়েক মৰাত তাই তাৰপৰা গুচি আহিল, তেতিয়া সি জানিব পাৰিলে যে বিকিয়াক সহজে কৰায়ত্ব কৰিব পৰা হৱ। তাকে ভাবি ৱৰ মহৰীৰে সৈতে পৰামৰ্শ কৰি হাওলতী টকা খাই পলাই যোৱা বুলি ৱিকিয়াক পুলিচত দিলে। এমাহ মান বিচাৰি [ ২৮ ] ক’তো শুংসূত্ৰ উলিয়াব নোৱাৰি বৰ মহৰীৰ মনত সুখ নাই৷ কেনেবাকৈ গম পালে বিকিয়া ছচিয়েলিষ্ট পাৰ্টিৰ অফিচৰ চকিদাৰৰ লগত থকা কথাটো। চাহাবক কথাষাৰ কৈ পুলিচ অফিচাৰক খাটিৰ লগাই চাহাবৰ জামিনত বিকিয়াক দিবলৈ এটা টকাৰ দেনা-পাওনাৰ বন্দোবস্ত কৰিলে। চাহাবেও তাতে হয় দিলে। ইপিনে হয়তো বুঢ়া ৱৰ মহৰীয়ে নাজানে যে ছচিয়েলিষ্ট কি বস্তু। মোচত তাও দি চাহাবৰ নতুন গাড়ীত উঠি গৈ পুলিচ ইন্সপেক্টৰক লগ ধৰি সেই দিনাই বিকিয়াক এৰেষ্ট কৰোৱাৰ ৱাৰেণ্ট বাহিৰ কৰিলে। পুলিচ ইন্সপেক্টৰে আপত্তি কৰিছিলে—“ৰাজনৈতিক দলক আপুনি জোকাই নল’ব, পানী খুৱাই পঠিয়াব। আৰু আমিও সেইদৰে নভবা-নিচিন্তাকৈ কাম নকৰিম।” বৰ মহৰীয়ে কিন্তু অন্যহে ভাবিলে যে বয়সস্থ মানুহ আৰু ভদ্ৰলোক ভাবি পুলিচে তেনেকৈ প্ৰকাৰান্তৰে টকাৰ কথা কৈছে। সেই বুলি তেওঁ তেতিয়াই এখন ডাঙৰ নোট জেপৰপৰা উলিয়াই কাম চলাই, দিবলৈ বুলি প্ৰেজেণ্ট দিলে। বিলাতী চাহাবৰ, “মাইকী”ৰ আশাত দিয়া টকাৰ শৰাধৰ আৰম্ভ হ’ল৷ বৰ মহৰীৰ কথা অনুযায়ী, মেজিষ্ট্ৰেটৰ হতুৱাই কাগজ চহী কৰাই শনিবাৰে দিনৰ দুটা বজাত্ হঠাতে পুলিচে বিকিয়াক এৰেষ্ট কৰি লৈ আহিলগৈ। সেইদিনা পাৰ্টি অফিচত কোনো নাছিল। বুঢ়া চকিদাৰৰ জ্বৰ——শুই আছিল। পুলিচে যেতিয়া আনিবলৈ গ'ল লগত বৰ মহৰীও গৈছিল [ ২৯ ] চিনাক্ত কৰি দিবলৈ। পুলিচৰ ওপৰৱালী জনক বিকিয়াই সুধিলে কিয়নো তাইক ধৰি নিয়া হৈছিল। পুলিচে বাগানৰ হাওলতী খাই পলাই যোৱাৰ কথা ক'লে। তাইৰ যদিও বয়স কম কথা বেচ বুজিব পৰা হৈছিল। বুজিলে যে ইয়াত চাহাব আৰু বৰ বাবুৰ অভিসন্ধি আছে। তাই এই দুমাহ নগৰত থাকি বহুত কথাই শিকিছে। কিন্তু তাই ক’বলৈ ভয় কৰে। “এতিয়া মোক ক'ত নিব” বোলাত “থানালৈ” আৰু “তাৰ পাছত” বুলি সোধাত “তাৰ পিছত ৱৰ বাবুক গটাই দিম” বুলি অফিচাৰ জনে, সৰল সহজ ভাবে কৈ গ'ল। আৰু ক'লে যে হাওলতী আদায় হ'লে তাই খুচি মতে য’তে যায় যাব পাৰিব। বেমাৰী চকিদাৰে কি কৰিৱ নকৰিব থিক কৰিব নোৱাৰি বেমাৰী গাৰে তেতিয়াই শৰ্ম্মাৰ ঘৰ পাই সকলে! খবৰ কলেগৈ। বেচেৰা শৰ্ম্মাও ৱিবুদ্ধিত পৰিল। কি কৰিব নকৰিব তেৱো একো থিক কৰিব নোৱাৰি, মেজিষ্ট্ৰেটৰ ঘৰলৈকে, যাৱলৈ স্থিৰ কৰিলে। সময় প্ৰায় ২॥ টা বাজিছিল। পুতেক নৰেনক চাইকেলখন দি লৰালৰিকৈ বাচলৈ পঠালে আৰু লৰালৰি ভাবে এখন চিঠি লিখি দি, কাক, চিঠিখন দিব লাগিব তাকো বটাই দিলে। বাচ্ নাপালে চাইকেল বা ট্ৰাকতে গৈ চিঠি দিবলৈ ক’লে।

 আবেলি সাধাৰণতে নাৰায়ণৰ দোকানৰ ফালে ওলাই যাওঁ। সৰু তিতাবৰ খনত সিয়েই মানুহ বহিবৰ আদ্দা৷ নাৰায়ণ চাহৰ দোকানী মানুহজন ভদ্ৰ। ব্যৱহাৰ ভাল। চিধা [ ৩০ ] মানুহ। সেই দিনা ৪ টা মান বজাতে ওলাই গৈছিলো। মনটো এনেয়ে বন্ধনত থকা দৰে লাগিছিল। চাৰি আলি পাওঁতেই এখন মটৰ পাৰ হৈ গল। হঠাতে তাত এখন চিনাকি মুখ দেখি সন্দেহ হ’ল। বিকিয়া হ'ব নোৱাৰে নিশ্চয়, অন্য কোনোবাহে—মনতে ভাবি গৈছো। অলপ আগবাঢ়ি গৈ থাকোতে ৰিয়াচৎ হাজৰিকাক পাই সুধিলো—“হাজৰিকা, এইখন গাড়ী? হাজৰিকা গাড়ীৰ খেল থকা মানুহ। ক’লে “ব্ৰনচন চাহাবৰ, তাতে আকৌ দেখোন বৰ মহৰীয়ে এজনী মাইকী মানুহ লৈ উঠি গৈছে।” মোৰ সন্দেহ ভাগিল — পুলিচৰ সহায়ত ধূৰ্ত্ত চাহাবে ৱিকিয়াক হাত কৰিৱলৈ চেষ্টা কৰিছে—এই কথাটো মই আন্দাজ কৰিলো। কিন্তু উপায় ভাবি পোৱা নাই। এনেতে গোলাঘাটৰ শেষৰ বাচখন চাৰি আলিত ৰ’লহি। মানুহবোৰ নামিছে। মাজতে দেখিলো নৰেনক। সি সিফালৰ পৰা মাত—দিলে ‘মাষ্টৰ দা'। ওচৰলৈ গ’লো৷ সি ভাঙি-পাতি সকলো ক’লে আৰু চিঠি খনো দিলে। চিঠি পঢ়ি বুজিলো শৰ্ম্মাই নগৰত বিশেষ একো কৰিব নোৱাৰিব। ইফালেতো ৱিকিয়াক হাত কৰিলেই। হঠাতে বুদ্ধি এটা মগজত খেলালে। নৰেনক সুধিলো “মিছাজানত কোনোৱা চিনাকি বাবু আছেনে কি?” “কেলৈ মোৰ পেহাদেউৰ ভায়েক” বুলি নৰেনে কলে। “তেন্তে তুমি এতিয়াই তালৈ যাব লাগিব। সুধিলে কোনোবাই ক’ৱা তুমি তিনিচুকিয়াৰ পৰা আহিলো বুলি। মই দুখন [ ৩১ ] চিঠি দিম। সেই দুখন খুব সাৱধানে যেনে-তেনে মানুহ কিজনক দি আহিবা। দেখিৱা, কোনো বাবুৱে যাতে কথাটো গম নাপায়। বাবু বিলাকৰ আলোচনাত সাধাৰণতে যোগ দিৱা আৰু যি বাবুৱে সেইটো বেয়া হৈছে বুলি মন্তব্য দিয়ে তুমি তেওঁৰ যেনে-তেনে আপোন হবলৈ চাৱা। এখন চিঠি ৱিকিয়াক দিবা আৰু আনখন লাইন চকিদাৰ জানকীয়াক দিবা৷ সাৱধানে চিঠি দি বৰৱাবুৰ ঘৰতে থাকিবা। ৱিকিয়াই তোমাক চিনি পালেও নোপোৱা ভাও ধৰিবলৈ প্ৰথমতেই ক’বা। আজি তাই নিশ্চয় বৰ মহৰীৰ ঘৰতে বা লাইনৰ কাৰোবাৰ ঘৰত থাকিব।” নৰেনে সকলো শলাগি ল’লে৷ লৰালৰিকৈ দুখন কাগজত গোট গোট আখৰেৰে চিঠি দুখন লিখিলো। এখনত লিখিলো—“বিকিয়া, যেনে- তেনে আজি বৰ মহৰীৰ ঘৰতে থাকিবি। চাহাবলৈ যোৱা কথাটো একদম ভাল হ’ৰ বুলি, লাগিলে কবিও। বৰ মহৰীৰ ফালে চাই দুই এবাৰ মিচিকি মিচিকি হাঁহি মনটো ভূলাবি আৰু ৰাতি আঠ ন বজাত খুব চিঞৰি দিবি যে বৰ মহৰীয়ে তোৰ ধৰম নষ্ট কৰিব খুজিছিলে। মই ওচৰতে থাকিম আৰু অন্য মানুহো থাকিব। তই পিছৰ কথা ভাবিব নালাগে। সেইবোৰ মই ব্যৱস্থা থিক কৈ ৰাখিছো। তই চিন্তা নকৰিৱি৷ মাথোন যেনেকৈ কৈছো তেনেকৈ হ’ব লাগিৱ।” ইখনত লিখিলো— “মৰমৰ ভাই, তোৰ লগত মোক ভালপোৱা সকলোকে কৱি যে বৰ বাবুৱে আজি বিকিয়াক [ ৩২ ] পুলিচ দি ধৰাই আনিছে। আজি খুব সম্ভৱ তাৰ ঘৰত ৰাখিব, কালিহে চাহাবক দিব। তহঁতৰ হিন্দু ছোৱালী এটাৰ ধৰ্ম্ম নষ্ট কৰি জাত মাৰিব। তাইৰ চাহাবত যাবলৈ মন নাই। মই আগতে ধৰাৰ কথা ক’ব নোৱাৰো। আজি ৰাতি চুপ-চাপ আঠ দহটা ভাল বিশ্বাসী মানুহে ৱৰ বাবুৰ ঘৰৰ ওচৰত থাকিব লাগে। তহঁতে জান যে বৰ ৱাবুৰ স্বভাৱ-চৰিত্ৰ আগৰেপৰাই ভাল নহয়। তাইৰ ধৰ্ম নষ্ট হ’বলৈ নিদিবি—মোৰ ৱহিন।"। ওপৰত নাম লিখি চিঠি দুখন দি পঠাই দিলো নৰেনক। ইতিমধ্যে মই গৈ পুলিচৰ এ-এচ-আই বৰুৱাক লগ ধৰি গোটেই কথা ক’লো। অৱশ্যে পুলিচক কওঁতে বহুতো কথা জোৰা দি ৰাজনৈতিক দলগত স্বাৰ্থটো একেবাৰে নাইকীয়া কৰি সাজি ক’লো। বৰুৱাই শুনি মোক কথা দিলে—দৰ্কাৰ হ’লে তেৱো সহায় কৰিব। মই ঘৰলৈ গলো।

 *    *   *  *  *

[ ৩৩ ]
 

—চাৰি—


 পাপৰ পৰাজয় ৰামায়ণৰ দিনৰ পৰা চলি আহিছে। পুৰাণৰ সত্য আখ্যানিক যদিও উদাহৰণ গ্ৰহণযোগ্য। মানুহৰ কাম-শক্তি বৰ আচৰিত শক্তি। ইয়াক দমন কৰিব পাৰিলেই মানুহ। নহ’লে ইতৰ জন্তুৰ শাৰীত পৰে। সেইদিনা সন্ধিয়া মোৰ অনুমানিক ঘটনা অনুযায়ী সত্য ঘটনায়েই ঠাই ল’লে নৰেনে যি কৈ পঠালো তাকেই কৰিলে। চিঠি দুখন সময় মতে বিকিয়া আৰু জানকীয়াক দিলে। ইফালে বিকিয়াক দিনতেই নি বৰ মহৰীয়ে ঘৰত সুমুৱাই ৰাখিলে। চাহাবৰ মটৰ পঠাই দি ড্ৰাইভাৰক কৈ পঠালে যে পিছদিনা পুৱা সকলো ঠিক হ’ৱ। সন্ধিয়া ৱৰ মহৰী ফুৰিৱলৈকো নগ’ল। বৰ মহৰীৰ কাৰ্য্য-কলাপৰ বিষয়ে কোনো বাবুৱেই একো নজনা কথাষাৰো কেনেবাকৈ নৰেনে যোগাৰ কৰি দি গ’লহি। নৰেনটো বেচ বুধিয়ক ল’ৰা। সেই খনতে ঘূৰি-পকি জানকীয়াৰে সৈতে মনে মনে এটা দলো যোগাৰ কৰি ৰাখিলে। বৰ মহৰী সেইদিনা ঘৰৰপৰা নোলালেই। ৰাতি ভাত-পানী খাই উঠাৰ পিছত তেওঁৰ পোৱালী বামুণৰ ল’ৰাটিও শুলে। বিকিয়ায়ো ভাত-পানী খালে। তাইৰ মনত ভীষণ অশান্তি আৰু উৎকণ্ঠাা ৱাবু লাইনৰ বাকী বিলাকৰ ঘৰত চাকি নুমাইছে। এনেতে সচাঁই বৰ মহৰী [ ৩৪ ] বিকিয়াৰ ওচৰলৈ আহিল। প্ৰথমতে বিকিয়াই একো নকৈ মাথোন—“এইসব কি, ঠিক নহয়” বুলি গোৰ-গোৰাই থাকিল। তথাপি কামুক বৰ বাবুৱে গৈ তাইৰ হাতত ধৰাত তাই চিঞৰি দিলে। ওচৰতে ৰাষ্টাত লুকাই থকা নৰেন আৰু তিনিটা কুলিয়ে ‘কি হ’ল’ ‘কি হ’ল’ বুলি বৰ বাবুৰ ঘৰৰ দুৱাৰ মুখ পালেগৈ। ইতিমধ্যে বৰ বাবুৱে মানুহৰ মাত শুনি নিজৰ শোৱা কোঠা সোমাই দুৱাৰ বন্ধ, কৰি ৰ’লগৈ। বাহিৰৰ পৰা মাত দিয়াত মতা নাই,— ভয়ত থৰ-থৰি কম্পমান। ভিতৰৰপৰা বিকিয়াই ধূমধাম গালি পাৰি দিছে। তাইক ৱাহিৰৰ মানুহে দৰজা খুলি ওলাই আহিবলৈ ক’লে। তাই ওলাই আহিল। তাই সচাঁসঁচি ঘটনাটো বিবৰি কোৱাত কুলি কেইটা গৰ্জ্জি উঠিল। নৰেনে লগাই দিয়া মতে এটাই পুলিচত খবৰ দিবলৈ লৰ দি আহিল আৰু বাটতে মোক পাই মোকে পুলিচকে নি ঘটনা স্থলত উপস্থিত কৰিলে। তেতিয়া ৰাতি দহ ৱাজিছে। লাজত বৰ মহৰীয়ে নাক উলিয়াব নোৱাৰিলে। পুলিচে ৱিকিয়াক আনি মোৰ হাওলাত দিলে। বিকিয়াই মোৰ সাহসত পুলিচৰ আগত বিবৰি ক’লে যে তাইৰ কোনো হাওলতী নাই, আছিল বাপেকৰ। বাপেক মৰিল। এইটো মাথোন তাইক চাহাবক দিবলৈ এটা ফন্দিহে। ৱৰ মহৰীক বৰুৱাই ওলোটা ধাৰাত আৰু বলৎকাৰী কেচত পেলাৱ বুলি সাক্ষী- বাদী লৈ গুচি আহিল। কিন্তু দুখৰ কথা যে অপমানৰ [ ৩৫ ] বোজা সহিব নোৱাৰি ৰাতিয়েই ডিঙিত চিপজৰী লৈ আত্ম- হত্যা কৰিলে। পাছদিনা পুলিচে আচামী আনিব লগীয়া ন’হল, হ’ল লাচ আনিবহে লগীয়া। যাহওক, সেই নৰাধমৰ, হাতৰ পৰা বিকিয়াই মুক্তি লাভ কৰিলে। ব্ৰনচন চাহাবৰো কুলি মেমৰ সাধ মিটিল। যেতিয়া সি বুজি পালে যে তাৰ কথাটো জাহিৰ হৈ গ’ল সিও তেতিয়া বৰকৈ মানুহৰ আগত নোলোৱা হ’ল৷ বিকিয়াক মোৰ ঘৰলৈ সেই দিনাৰ কাৰণে লৈ আহিলো। অৱশ্যে মানুহৰ সন্দেহব মাজে দিয়েই তাই পোৱালী বাবুৰ ঘৰত থাকিৱলৈকে আহিল।

 * * * *

[ ৩৬ ]
 

—পাঁচ—

 কামনাৰ পৰিতৃপ্তি মানুহৰ নৈসৰ্গিক বিকাৰ। প্ৰকৃতিৰ লগত যুদ্ধ কৰি মানুহে ব্ৰহ্মচৰ্য্য পালন কৰে। আজি পোন্ধৰ দিন বিকিয়া মোৰ লগতে আছে। মোৰ হৰিজনৰ সীমাটো বৰ নিয়ন্ত্ৰিত। মই য’তে ত’তে নাখাওঁ আৰু যেয়ে সেয়ে দিলেও নাখাওঁ। মোৰ বাচন-বৰ্ত্তনতে বিকিয়াক মই খাবলৈকো দিছোঁ। মোৰ বাঁহৰ চাঙৰ ওপৰত পাৰি লোৱা ঢাৰিখন আৰু শতৰঞ্চি খনো তাইক মাটিতে পাৰি ল’বলৈ দিছো। তাই শোৱে বাহিৰৰ কোথাটোতে। দিনত পাছ ফালে বিচনাবোৰ চপাই থয়। মই ভাত ৰান্ধো, তাইকো দিওঁ। দুখনমান কাপোৰো তাইক যোগাৰ কৰি দিছো। মোৰ লাহে লাহে এটা সাংসাৰিক চিন্তা আহি পৰিছে। তাই মোক নিজ ককায়েকৰ দৰেই সঁচাই ভাবে। মোৰ কিন্তু সময়ে সময়ে সেই ভাৱটো আঁতৰি যায়। তাই কেতিয়াবা মোৰ ওচৰত অসাৱধান ভাৱে থিয় দিলে তাইৰ নগ্ন সৌন্দৰ্য্যত চকু পৰি মোৰ শৰীৰ ৰোমাঞ্চিত হৈ উঠে। ভ্ৰাতৃত্বৰ পবিত্ৰ ভাৱ কেতিয়াৱা ক’ৰবালৈ উৰি যাব খোজে। ইচ্ছা হয় যেন তাইক সাবটি বুকুত সুমুৱাই ল’ম৷ তাই মোক খুৰা বুলি মাতে—ময়ে তাইক তেনে বুলিবলৈ শিকাই- ছিলো। মোৰ মনৰ গতি আৰু তাইৰ প্ৰতি কেইদিন মান [ ৩৭ ] কৰা ব্যৱহাৰ তাই লক্ষ্য কৰি আহিছে। তাইক মই যেতিয়াই তেতিয়াই যি কথাকে মই জানো তাকেই কৈছো আৰু শিকাইছো। আচৰিত তাইৰ স্মৰণ শক্তি। মানুহৰ ক্ৰমবিকাশৰ কথা কওঁতে মই এখন কিতাপৰ কথা কৈছিলো। প্ৰায় দহ দিনৰ মূৰত তাই মোক সেই গোটেই কিতাপ খনকে আনি পঢ়ি দিবলৈ কৈছিল। মই ককায়েক তাই ভনী আৰু মই শিক্ষক তাই ছাত্ৰী—সেই সম্বন্ধটো আমাৰ বৰ মধুৰ আৰু পবিত্ৰ। সেই সম্বন্ধে তাইক আখ্যানিক আৰু ধৰ্ম্ম শাস্ত্ৰৰ কথা অলপো কৈছিলো। ইমান মনোযোগী আৰু উদ্যোগী ছাত্ৰী পালে শিক্ষকৰ আনন্দৰ সীমা নাথাকে। সেই দিনা মই ভাতপানী গধূলিতে খাই মিল-মজদুৰ সভা এখনলৈ যাব লগা আছিল। ৰাতি ৱাৰ বজাত তাৰপৰা ঘূৰি আহিলো। গোটেই জগত নিস্তব্ধ। সকলোৱে একান্ত মনে দিনৰ ভাগৰ দূৰ কৰিছে। বাহিৰত ফৰিংফুটা জোনাক। মোৰ মনটো কিবা উদাস উদাস লাগি আছে। আহি বিকিয়াক মাতিলো, তাই টোপনিত লালকাল। গৰমৰ দিন, বাহিৰৰ পৰা হাত সুমুৱাই দুৱাৰখন খুলিব পৰা অৱস্থাত আছিল। খুলি ভিতৰ সোমালো। অচেতন ভাৱে নিদ্ৰাত তাইৰ শৰীৰটো অসাৱ- ধানতাত উলঙ্গ প্ৰায় হৈ আছে। মোৰ কি ইচ্ছা জন্মিল ক’ব নোৱাৰিলো। এবাৰ চাই লাজ নাপালো, পুনৰ চাবৰ ইচ্ছা হ’ল। তাইৰ নিপোটল বুকুখনলৈ চাই মনক সংযম কৰিব নোৱৰা হ’লো। ওচৰৰে ভগা চকিখনত বিমোৰ হৈ, [ ৩৮ ] বহি পৰিলো—পাহৰিলো যে তাত এটা খুৰা ভগা আছিল। আউজি দিয়াত লুটি খাই গৈ পৰোতে মোৰ হাতখন তাইৰ মুখত লাগিলগৈ। তাৰ শব্দত আৰু গাত হাত লগাত তাই সাৰ পাই উঠি চকমক্ খাই ৱহি পৰিল। দেখে যে অসংযত অৱস্থাত তাই নগ্ন। মই উঠিৱ খুজিলো বহাৰ পৰা। তাই লৰালৰিকৈ কাপোৰ চম্ভালি লৈ সুধিলে—“কোন?” আকউ দ্বিতীয় বাৰ সুধিলে। অথচ ম‍ই মতা নাই। চাকিটো তেতিয়াও জ্বলিয়েই আছিল। মই শিলৰ মূৰ্ত্তিৰ দৰে থিয় হৈয়ে আছো। তাই মাতিলে—“খুৰা!” তথাপি মই নিমাত। অন্তৰত মোৰ তাইৰ সৌন্দৰ্য্যৰ কায়িক উপভোগৰ ঘৃণনীয় ইচ্ছা—পুৰুষ ইমান দুৰ্ব্বল। তাই বুজিলে—কিন্তু কৰিৱ কি। ঘপকৰে থিয় হ’ল। মই আগবাঢ়ি হাতখনত ধৰিৱ খোজোতেই তাই উচাট মাৰি এৰাই গৈ বেৰৰ পৰা গান্ধীৰ ছবিখন আনি ডাঙি ধৰিলেহি মোৰ আগত ম‍ই ছৱিখনত চকু দিয়াৰ লগে লগেই তাই কৈ উঠিল—“খুৰা কেইৱা দিনৰো পৰা মই এইটো বুজিছো। শপত কৰা এই গান্ধীৰ ছবি চুই—নহলে মই ওলালো, আত্মহত্যা কৰিম। তুমি ইমান দুৰ্ব্বলনে?” শেষৰ কথাষাৰত এনে এটা আদেশ আৰু স্পৰ্দ্ধাৰ ভাৱ ফুটি উঠিছিল, মই আৰু সেই ঠাইত ৰৈ থাকিৱ নোৱাৰিলো। একেবাৰে আহি মোৰ বিচনাৰ ওচৰ পালোহি। লাজ অপমানত নিজৰ ওপৰত ঘৃণা জন্মিল৷ তায়ো চাকিটো লৈ পিছে পিছে আহিল৷ মই বিচনাত [ ৩৯ ] পৰিলো। কিন্তু তাই চাকিটো থৈ উচুপ উচুপি কান্দিবলৈ ধৰিলে। মোৰ আৰু অসহ্য হৈ উঠিল। ভাবিলো কি ভীষণ বিশ্বাসঘাটকতা মই কৰিব খুজিছিলো। জ্ঞান অহাৰ লগে লগেই মোৰ ভাব হ’ল মই তাইৰ ভৰিত ধৰি ক্ষমা খুজিৱ লাগে। বহুত সময় নিমাতে থকাৰ পিছত অলপ- প্ৰকৃতিস্থ হলো। কলো—“বিকিয়া, মই সচাঁকৈয়ে বৰ দুৰ্ব্বল৷ তই প্ৰকৃততে মানুহ নহয়, দেৱীহে। গান্ধী আৰু কৃষ্ণৰ – ছবি দুখনত ধৰি মই শপত খাম—জীৱনত এনে ভুল আৰু নকৰো বুলি।” তাই সেই কথাৰ যুক্তি বোধকৰো বিবেচনাত নাপালে, মাথোন মোৰ ভৰিত ধৰি কান্দিবলৈ ধৰিলে। মই ভাবিলো এনে এজনী ভনীক মই পাপ সাগৰত লিপ্ত কৰিবলৈকে বিচাৰিছিলো। তাইৰ চাগৈ অন্তৰত মই কিমান কষ্ট দিলো। ঘূৰাই মই একো ক’ব নোৱাৰিলো। দেখিলো, তাই বৰ ব্যাকুল হৈ পৰিছে। তাইক জোৰেৰে নি শুৱাই থৈ আহিলোগৈ। মোৰ সেই ৰাতি আৰু টোপনি নাহিল। ক’ৱ নোৱাৰো বোধহয় তাইৰো নাহিল।


[ ৪০ ]
 

—ছয়—

 বহুত দিন পাৰ হ’ল। মই সেই প্ৰাইভেট টিউটৰ প্ৰাইভেট টিউটৰেই। মানুহৰ অৱস্থা কাৰো ৱৰ বেচি, কাৰো বৰ কম। মোৰ এতিয়া অৱস্থা কিছু ভালেই। কাৰণ টিউশ্যনৰ পৰাই দুপইছা মান পাওঁ আৰু মোৰে ভাঙনি দুখন হিন্দী কিতাপ বজাৰত বেচ বিক্ৰী হৈছে৷ মই অৱশ্যে পূজিপতি হ’ব পৰা নাই, কিন্তু দুখ কমিছে। তাৰোপৰি কুৰিটকাকৈ বম্বেলৈ মাহে মাহে পঠাবই লাগে। ইত্যাদি কথাত মই মানুহটো বিয়া-বাৰু নকৰোৱাকৈয়ে সংসাৰী। আগদিনা এখন টেলিগ্ৰাম পালো—টকা অলপ লাগে। লগতে এখন চিঠি যে অসমৰ চাহ-বনুৱা সম্পৰ্কে যদি কিবা বিশেষ নতুন সমস্যা আছে, অতি সোনকালে পঠাব লাগে। কাৰণ, লক্ষ্ণৌত লেৱাৰ কনভেনচন এটা বহিব। লেবাৰ কলেজৰ পৰা তেওঁক লেৱাৰ কনভেনচনৰ কাৰণে প্ৰতিনিধি নিযুক্ত কৰিছে। মই মহা দিগদাৰিত পৰিলো। কি কৰা যায় ভাবি-চিন্তি ঠিক কৰিলো যে ডিব্ৰুগড়লৈ গৈ প্ৰভিন্সিয়েল লেবাৰ অৰ্গেনাইজাৰৰ লগত পৰামৰ্শ কৰি যি লিখিব লাগে লিখিম। সেইবুলি ৰাতিপুৱা নটা বজাৰ ৰেলত ডিবুৰুলৈ ওলালো৷ চুটকেচটো আৰু শতৰঞ্চিৰে মেৰোৱা গাৰুটো অৱশ্যে এৰা নাই। মই মানুহটো খোৱা-পিন্ধা সকলোতে [ ৪১ ] পৰি-পাটি নহয় কিন্তু শয়ন-চতুৰ। গাৰু চাপৰ হ’লে টোপনিয়েই নাহে। সেই ধৰণে বিচনাখন মোৰ কাৰণে ৰূচৰ তাহানি খনৰ জাৰৰ সিংহাসন বুলিব পাৰি। কলেজত পঢ়া দিনতো মই শুই শুয়েই পঢ়িছিলো। আজিও শুই নপঢ়িলে বা নাভাবিলে মোৰ বহুত খেলিমেলিয়েই হয়। ৰেলত টিকট কৰি উঠিলো আৰু উঠিয়েই চুক এটাত গাৰুটো দি ভালকৈ আউজি শুই যাব পৰাকৈ ঠাই ডোখৰ অধিকাৰ কৰিলো৷ ৰেল-মটৰত অলপ গলেই মোৰ টোপনিয়ে ধৰে। সেই কোঠাটোতে এজন পুৰণা চিনাকী মানুহ ওলাল। পাইখানাৰ পৰা ওলায়েই মাত দিলে – “কি আপুনি দেখোন বহুত reduced হৈছে?” “এৰা, আপোনাৰ ভালনে? ক’ত আজিকালি?’’ “ভালেই বুলিব পাৰি। মই মঙ্গলদৈত আছো বৰ্ত্তমান। পিছে বাৰু, আপোনাৰ সেই বৰৱাবু জন মৰিলেই নহয়। ছোৱালীজনী ক’ত? সেই পুৰণি সাধুটো কওকচোন।” মঙলদৈৰ তেওঁ পুলিচ চাৱ-ইন্সপেক্টৰ বৰুৱা— পূৰ্ব্বৰ ইতিহাসৰ পাতনি জুৰিলে। “বাৰু ক’ম, বহক” বুলি আৰম্ভ কৰিলো। এনেতে তললৈ মূৰকৈ কাগজ পঢ়ি থকা আমাৰ পূৰ্ব্বৰ দোচ চাহাৱে মাত দিলে—“আৰে ভাই মহেন্দ্ৰ দেখোন, বুঢ়াটো হৈ গ’লি। খবৰ কচোন, ক’ত আছ কি কৰিছ?” “ৰ, তই ক’ত আগে তাক কৈ ল। মই য’ৰ মানুহ ততে আছো। তোৰ ক।”

 “মই চাকৰী কৰো। এতিয়া পাচিঘাটলৈ বদলি হৈ [ ৪২ ] আহিছো। ঘৰত সোমাবলৈকো সময় নাই। ডাক্তৰী কৰো, মানুহৰ বেমাৰ ভাল কৰো বুলি ক'ব পৰাটোৱেই মোৰ কাম। তই খা-খৱব আৰু কচোন।”

 “ৰবি অথন। এখেতকো বহু ক’ব লাগে। এখেতক বোধহয় নাজান? এখেত নন্দ বৰুৱা, বোধহয় আজি-কালি পুলিচ ইন্সপেক্টৰ, আগেয়ে ইয়াতে আছিল।”

 —“নহয়, চাব-ইন্সপেক্টৰ। তেখেতে বাৰু মোক চিনি পায়ো৷ আজি আপোনাৰ কথা দুয়ো পাতিছিলোহঁক অলপমান।”

 —“কি হৈছিল?”

 —“একো বিশেষ নাই, সুধিছিলো ইয়াকে যে মহেন্দ্ৰ শৰ্ম্মা ক’ত আছে আজি-কালি? ক’লে বহুত দিন লগ পোৱা নাই বুলি। বাৰু আপোনাৰ কথা কওক এতিয়া, কিমানলৈকে যাব।”

 —“ডিব্ৰুগড়লৈকে।”

 “অ’ বহুত কথা হ'ব পৰা হ'ব। বাৰু ছোৱালী জনীৰ বিষয়ে কওকচোন।”

 মই লাহে লাহে ক’বলৈ ধৰিলো—কেনেকৈ গুৱাহাটীৰ শৰণীয়াত ছ-মাহ থৈ পিছত বম্বেৰ লেবাৰ কলেজত দু-বছৰ ট্ৰেইনিং দিওৱা হ'ল ৱিকিয়াক। কথাবোৰ শুনি দোচ আবু চাহে হাঁহি হাঁহি ক'লে—“ব’ম্ মাৰিছ? থ থ তোৰ কথা।”

 “স’চা-মিছা প্ৰমাণ পাবি বাৰু” বুলি কৈ চুটকেচৰ পৰা টোপোলা এটা খুলি লৈ বিকিয়াৰ চিঠি এখন তাৰ [ ৪৩ ] হাতত দি পঢ়ি যাবলৈ কলো। তাৰে মাজৰ পৰা আৰু এখন উলিয়াই মই পঢ়িলো।

 “মৰমৰ খুৰা,

 আপুনি ভাৱিছে, মই বম্বে দেখি পাগল হলো। কিন্তু নহয়। সদায় মোক মিছাজানৰ দুৱাৰী চৰ্দ্দাৰৰ সেই ব্ৰনচন চাহাবে কুলি মেম কৰিব খোজা বিকিয়া বুলিয়েই ভাবি থাকে নহয়নে? ভাৱক আৰু কি কৰিম। জীৱনত মই সেই ঘটনা নাপাহৰো। পতিত মনুষ্যত্বক সুধাৰ কৰিবলৈ হলে সেইটো উপমা খুৱাই দিব নোৱাৰি। মোৰ আজি- কালি হিন্দী শব্দৱোৰ বৰ ব্যৱহাৰ হয়; কিন্তু সি ইচ্ছাকৃত নহয়। সদায় কৈ থকা কাৰণেই বোধহয় এনে হৈছে। মাতৃ-ভাষাক উপেক্ষা কৰা বুলি ভুলতো নাভাৱিৱ বাৰু, অন্য কথালৈ আহোহঁক। কালি আহমদাৱাদত ট্ৰেড ইউনিয়নিষ্ট দলৰ শোচনীয় অৱস্থা। লগতে আই-এন্‌-টি- ইউ-চিৰো৷ কাৰণ এটা ষ্ট্ৰাইক হোৱাৰ কথা লৈ তিনি দলৰ তিনিটা মত। হিন্দু মজদুৰ সংঘই ক’লে যে সময় দি নটিচ কৰি দাবী জনোৱা হওক। কিন্তু দেশৰ বস্ত্ৰ-সমস্যাৰ অজুহাত দেখুৱাই I. N. T. U. C. এ একো কাম হাতত লৱলৈ নিবিচাৰে; মাত্ৰ দাবীবোৰ জনাবহে খোজে। কিন্তু বৰ্ত্তমান অৱস্থাত চৰকাৰৰ পক্ষৰপৰা মালিকসকলক প্ৰেচাৰ দি দি কাপোৰ আদায় কৰা কাৰণে সিহঁতৰ লোকচান হৈছে বুলি ষ্ট্ৰাইক্ কৰি মিল বন্ধ কৰি দিলে সিহঁতে চৰকাৰক [ ৪৪ ] ভুৱা দিবলৈ সুবিধাহে পাব। আমাৰ কলেঞ্জৰ প্ৰিন্সিপেল তাৰ সভাপতি আছিল। ভোটত আমাৰ হিন্দ মজদুৰ দল জিকিল। দাবীবোৰৰ প্ৰায় আধাভাগ কামত পৰিণত হৈছে। দলৰ প্ৰতিপত্তি বাঢ়িছে। আনফালে I. N. T. U. C. দলৰ মাজতে মতানৈক্য ঘটিছে; আৰু বহুতেই হেনো দলকে ত্যাগ কৰিছে।

 লক্ষ্ণৌত অলপতে লেবাৰ কনভেনচন এখন হ’ব। সকলো ঠাইৰে প্ৰায় সকলো ভাৰতীয় লেবাৰৰ প্ৰতিনিধি আহিব। মোকো বাছিছে আমাৰ কলেজৰ প্ৰতিনিধি পাঁচ জনৰ ভিতৰৰে এজন হিচাৱে। মই ইচ্ছাকৃত ভাৱে ওলোৱা নাই। আপুনি টকা ক’ৰ পৰানো দিব, তাকে ভাবি-চিন্তি প্ৰিন্সিপেলক আপত্তি কৰিছো যাবলৈ টান হ'ব বুলি। ইয়াত কিছুমান এনে ছাত্ৰ আছে যি লেৱাৰ কলেজত পঢ়িও কেনেকৈ চৰকাৰী চাকৰী ল'ব পাৰি তাৰ চিন্তাতে থাকে। সিহঁতৰ টকাৰ অভাবো নাই, মানবতাৰ সেৱাৰ কথাও নাই। হাঁহিহে উঠে সিহঁতৰ ভাও বোৰ দেখিলে। প্ৰিন্সিপেলে অলপ টকা দিছে। যাবৰ কাৰণে হব। কিন্তু অহাৰ খৰচ নাই। পাৰে যদি অন্ততঃ ৩০৲ টকা মান পঠাব। নোৱাৰিলে টেলিগ্ৰাম কৰি জনাৰ যাতে মোৰ পৰিবৰ্ত্তে অন্য এজনক পঠাব পাৰো। অসমৰ আৰু দুজন আছে, কিন্তু সভাত কথা ক’ৱলৈ ভয় কৰা কাৰণে প্ৰিন্সিপেলে তেওঁলোকক পঠাব নোখোজে। তিনিশ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আমাৰ চেক্ৰেটৰী [ ৪৫ ] হাডচন পিল্লে (মাদ্ৰাছী) আৰু অৰ্গেনাইজিং চেক্ৰেটৰী মিচ অনুপমা দাস (বঙালী ) সঁচাকৈয়ে আচৰিত মানুহ। দাস একেবাৰে বিদ্ৰোহী মনোভাবৰ মানুহ। কোনো কথাতেই আপোচৰ ওচৰ চাপিব নোখোজে। মোক কয় 'মিচ ৱিকিয়া, আপনি সেবাগ্ৰামেই অহিংস নীতি নিয়ে থাকা উচিত ছিল।' কাৰণ মই সাধাৰণতেই কওঁ যে যি কামকেই কৰা যায় তাৰ প্ৰতিক্ৰিয়াৰ কথা ভাৱি কৰা উচিত।

 অসমৰ চাহ বাগিছা সম্পৰ্কে ইয়াৰ মানুহৰ আচৰিত ধাৰণা এটা আছে। ধানবাদ মাইনৰ এজন লেবাৰ কৰ্ম্মীয়ে তেওঁলোকৰ অসমৰ লেৱাৰ সম্পৰ্কে কোৱা কথা এটাত মোৰ হাঁহি উঠিল। হাজাৰিবাগতো অসমৰ চাহ বাগিছা সম্পৰ্কে উচ্চ ধাৰণা আছে। তেওঁলোকে ভাবে যে আমি বনুৱা নহওঁ—একৰকমৰ মালিকেই। সেই কাৰণে ইয়াত হোৱা সপ্তাহী মিটিঙত চাহ বনুৱা সম্পৰ্কে আমি সদায় ক’ব লাগে। প্ৰতিকাৰ সম্পৰ্কে প্ৰফেচাৰবিলাকে মতামত দিয়ে যদিও আমাৰ যেন মনঃপুত নহয়। আপুনি লগত থকা হ’লে মই এটা ভাল প্লেন দিলোহেতেন। মদনলাল শৰ্ম্মাৰ মৃত্যুৰ পিছত আমাৰ যে কি ক্ষতি হল তাক এতিয়াহে বুজিছো। তথাপি আপুনি ডিব্ৰুগড়লৈ গৈ প্ৰভিন্সিয়েল অৰ্গেনাইজ়াৰৰ লগত ভালদৰে আলোচনা কৰি মোলৈ যি হয় অতি সোনকালে বৰ্ত্তমান আমাৰ লেবাৰৰ সমস্যাবিলাক বিশদভাৱে লিখিব৷ ময়ো তেখেতলৈ অৱশ্যে লিখিব [ ৪৬ ] পাৰো। কিন্তু প্ৰথম কথা হল তেখেত মোৰ অপৰিচিত আৰু পিছকথা হলগৈ যে তেখেত বহুত জনা মানুহ, কিবাটো সুধিলে কিবাটো হব। তাৰ ভয়তে নিলিখাকৈ আছো। দিগদাৰ দিয়াৰ কাৰণে বেয়া নাপাৱ। মই নিদিলেনো কোনে দিব, সেইটোও মন কৰিব।

 পুনৰ, বুঢ়া চকীদাৰ ভালে আছেনে? মোৰ নমস্কাৰ দিব আৰু শৰ্ম্মা দেউতাক মোৰ সেৱা জনাব। অধিক নাই।

আপোনাৰ

—ৱিকিয়া।

 ইতিমধ্যে গাড়ী আহি শিমলুগুৰি পালেহি মোৰ আৰু বিকিয়াৰ কাহিনীৰ মাজতেই৷ বৰুৱা ইন্সপেক্টৰে ক’লে— “সেই ৰাতি গই কথা সোধোতে কঁপি কঁপি উত্তৰ দিয়া সেই ছোৱালী জনীয়েই এইবোৰ কথা আৰু এনেখন চিঠি লিখিছেনে?” মই ক’লো—“এয়া কি, labour law, factory law আৰু employment law মুখস্ত মতা দেখিলে আৰু তাইক যুক্তি-তৰ্ক কৰা দেখিলে আৰু আচৰিত মানিব। মই নিজে তবধ লাগো, তাই মোক ওলোটাই তিনিবাৰ পঢ়াব পাৰে আৰু প্ৰকৃততে জানেও বহুত। কিন্তু সেই বুলি তাই মোৰ আগত চকীতো নবহে, আনকি মোৰ ঘৰত এতিয়াও তাই মাটিতে শোৱে।” আবু চাহে ইমান পৰে নীৰৱে শুনিয়েই আছিল। তিনিটা মাটিৰ পিয়লাত চাহ লৈ খাই থকা অৱস্থাতে নীৰৱতা ভঙ্গ কৰি ক’লে— “ভাই, বহুত দিন [ ৪৭ ] উপন্যাস পঢ়া নাছিলো। তই এখন উপন্যাস কলি। সঁচাই ই ‘কুলি’ৰ উপন্যাস।” গাড়ী পুনৰ যাবলৈ ধৰে আৰু সকলোৱে নিমাতে যেন ৱিকিয়াৰ ঘটনাকে উপলব্ধি কৰি গৈ থাকে। নীৰৱতাৰ মাজেদি বহুত দূৰ যোৱাৰ পাছত বৰুৱাই পুনৰ কয়— “এৰা, এনে মানুহক সুৱিধা দিলে বহুত কাম হয়। ইহঁতৰো শক্তি-সামৰ্থ্য আৰু মগজ আছে।” —“নহয়, বৰুৱা মগজ কাৰো জন্মৰপৰা বিশেষত্বৰ সৈতে মগজ নাথাকে। সকলোৰে একেই, মাথোন আপুনি কোৱাৰ দৰে বিকাশৰ পথ লাগে। অৰ্থাৎ সুবিধা দিব লাগে।” “মানুহৰ প্ৰতিভা-বিকাশৰ ক্ষেত্ৰ আৰু সুবিধা লগাটোও নিশ্চয় আৱশ্যকীয় কথা। কাৰণ ইহঁতৰ উদাহৰণটোকে ল’লে দেখা যায় যে আজি ইহঁত পদ- দলিত, উপেক্ষিত কুলি আৰু কাইলৈ সুবিধা দিলেই ইহঁত আমাতকৈ ৱহুত ভাল মানুহ হৈ উঠিব।”

[ ৪৮ ]
 

—সাত—

 “নেহৰু লিয়াকৎ পেক্ট” হৈ যোৱাৰ পিছত সাম্প্ৰদায়িক সম্প্ৰীতি হ’ৱৰ উপক্ৰম হ'ল। বাস্তুহাৰাৰ দল ভাৰতৰ অন্য প্ৰদেশ বোৰত আহি ভৰি পৰাত অৰ্থনৈতিক অনাটনে দেখা দিলে। মিল-মালিক আৰু চাহ বাগানৰ মালিকসকলে অৰ্থাৎ ধনী দলে ইমান দিনে চৰকাৰৰ বিপৰ্য্যযৰ ওপৰত সুবিধা কৰিব পাৰিছিল৷ চৰকাৰে এতিয়া অসুবিধা আঁতৰ হোৱাৰ লগে লগে মালিকসকলৰ ওপত হেঁচা দিবলৈ আৰম্ভ কৰিলে। ৰাজনৈতিক দলবোৰেও ইমান দিন মনে মনে আছিল, কিন্তু এতিয়া পুৰাদমে লাগি গ’ল। নৰ্ব্বাচনৰ যো- জা হোৱাৰ আগতেই সকলোৱে নিজৰ সুবিধা কৰিবৰ বাবে বিৰাট আড়ম্বৰ ভিতৰি ভিতৰি কৰিবলৈ ধৰিলে। সেই সূত্ৰতে বিকিয়ায়ো আহি অসমত কাম কৰিবলৈ আৰম্ভ কৰিলে। ৰাজনৈতিক চেতনা নথকা কুলিৰ মাজত কাম কৰা সহজ কথা নহয়। তাইৰ আপ্ৰাণ চেষ্টাৰ ফলতেই প্ৰায়বোৰ বাগানৰে ইউনিটবোৰ হিন্দ মজদুৰ দলৰ হাতলৈ আহিল। প্ৰায় ছয় সাত মাহ কাম কৰালৈকে মিচ বিকিয়ানো কোন সেইটো কোনেও জনাই নাছিল। তাই দলগত ৰাজনীতিৰ প্ৰতিষ্ঠা বাঢ়িবৰ কাৰণে যুক্তি-তৰ্ক বাদ দি মাত্ৰ এটা ফ্ৰেম হে সাজি লবলৈ চালে। প্ৰভিন্সিয়েল লেবাৰ অৰ্গেনাইজাৰ [ ৪৯ ] ৱৰাৰ উৎসাহ-উদ্দীপনা আৰু বুদ্ধি আৰু লগতে নিজৰ অক্লান্ত পৰিশ্ৰমৰ ফলতে উজনি অসমৰ প্ৰায়বিলাক বাগানৰ বনুৱাই হিন্দ মজদুৰ দলৰ লগত চামিল হল। ইফালে অলপ কথাতে ভয়খোৱা চৰকাৰে ইমান সোনকালে অন্যদলৰ কৃতকাৰ্য্যতাত ভয়খাই জন-নিৰাপত্তা আইনৰ আশ্ৰয় লৈ হিন্দ মজদুৰ কৰ্ম্মীসকলক কামৰপৰা বিৰত কৰিবলৈ চেষ্টা কৰিলে। চৰকাৰৰ এই প্ৰচেষ্টা বৰ গোপনীয় আছিল কাৰণে কৰ্ম্মীসকল অতি সোনকালে ধৰা পৰিল। কোনোক অন্তৰীণাদেশ, কোনো জনৰ ওপৰত বহিস্কাৰ বা নিষেধাজ্ঞা জাৰি কৰাত কামত যথেষ্ট বিঘিনি ঘটিবলৈ ধৰিলে। কিন্তু মিচ বিকিয়াক চিনি নাপালে আৰু জানিৱ বা সুবিধা কৰিব নোৱাৰিলে— বিকিয়াৰ কামত বিঘিনি ঘটাবলৈ। সেই কাৰণে ৱিকিয়াই অকলে অকলে ধাৰাসাৰে কামৰ ধাৰাবাহিক গতিটোক ৰক্ষা কৰাত লাগি গ’ল। ফলত তাইৰ গা ওলাই পৰিল। তিতাবৰ পুলিচ ষ্টেচনৰ গৰাকীয়ে হয়তো বাগানতো খবৰ কৰিলে। কিন্তু বিকিয়াৰ আজি সাত আঠ বছৰৰ আগৰ ইতিহাসেৰে যি কাম হ’ব বুলি ভাবিছিল সি নহল। সৰল সহজ কুলি ছোৱালী, ক’লা চালুৰ মেখেলা, বগা মাৰ্কিনৰ ৰিহা আৰু ক’লা জাকিত চোলাৰেই তাই মিটিঙত ৱক্তৃতা কৰে—কুলিয়ে বুলিব পৰা আদৰঙীয়া কুলিৰ ভাষাতে। তাইক হয়তো কুলিবোৰে ভাবে যে তাই মানুহ নহয়। তাই কোৱা কথাত ইমান ভোল যায় যে তাই পতা এখন [ ৫০ ] মিটিঙৰ পিছত ইখন মিটিঙলৈও আগত তাইৰ বক্তৃতা শুনা মানুহবোৰ পুনৰ যায়। লাহে লাহে পৰিস্থিতিৰ গুৰুত্বক লক্ষ্য কৰি চৰকাৰে ৱিকিয়াৰ ওপৰত ৱাৰেণ্ট জাৰি কৰিলে। অতি সোনকালে গ্ৰেপ্তাৰৰ প্ৰচেষ্টাও চলিল। কিন্তু ৱিকিয়া ধৰা নপৰিল। পুলিচৰ অতৰ্কিতে গতি সলাই ধৰা নিদি কামৰ জোৰ প্ৰচাৰ কৰাত লাগি গ'ল। ইফালে লাহে লাহে নিৰ্ব্বাচনৰ ওচৰ চপাত চৰকাৰে গণতন্ত্ৰৰ ভিত্তিত বাধ্য হৈ ৰাজনৈতিক দল বিলাকৰ ওপৰত দিয়া নিষেধাজ্ঞা তুলি ল'ব লগা হ'ল। কঠোৰ পৰিশ্ৰমৰ মাজত বিকিয়াৰ স্বাস্থ্যও ৰুগ্ন হ'ল আৰু বাধ্য হৈ খুৰা মহেন্দ্ৰৰ কাষ চাপিব লগাত পৰিল।

 * * * * *

[ ৫১ ]
 

—আঠ—

 নিৰ্ব্বাচনৰ জোৰ প্ৰচাৰ আৰম্ভ হ’ল। সময় মাত্ৰ এমাহ। কমিউনিষ্ট, কংগ্ৰেছ, ৰেডিকেল ছচিয়েলিষ্ট, ছচিয়েলিষ্ট, ইণ্ডিপেণ্ডেণ্ট, মিলিত জনসংঘ, সমাজসেৱী দল ইত্যাদি বহুত দলৰ নিৰ্ব্বাচন যুদ্ধ আৰম্ভ হল। ইণ্ডিয়ান নেচনেল ট্ৰেড ইউনিয়ন কংগ্ৰেচ আদি কৰি সকলোবোৰ কংগ্ৰেচী অনুষ্ঠান চৰকাৰী সাহায্যত সমাৰোহেৰে নিৰ্ব্বাচন যুদ্ধত নামিল। চৰকাৰী ধনৰ সহায়ত কুলিৰ মাজত অপপ্ৰচাৰৰ ফলত প্ৰগতিবাদী দলবিলাকৰ প্ৰতিষ্ঠা কিছু কিছু কমি গ'ল। বিকিয়াৰ শৰীৰো বৰ দুৰ্ব্বল হৈ পৰিছিল। তাই গা টঙাবই পৰা নাই। তাইক লৈ মোৰ এটা সমস্যা হৈ পৰিল। এফালেদি তাইক অনবৰত শুশ্ৰূষা কৰিব লাগে আৰু আনহাতে নিৰ্ব্বাচনৰ প্ৰচাৰ কাৰ্য্যও চলাব লাগে। পাৰ্টিৰ পৰা নতুন নতুন নিৰ্দ্দেশ আহি আছে। অথচ কোনো প্ৰকাৰেই কামত লাগিব নোৱাৰি মই বৰ অস্থিৰ হৈ পৰিলো। বিকিয়াৰ হ’ল কলিক পেইন্‌। যেতিয়া বিষে ধৰিৱ তাইৰ চেতন নাথাকে। চিকিৎসা কৰাৰো অন্ত নোহোৱাত পৰিছে। কতো কাৰোপৰা ভাল ফলাফল পোৱা নাই। অৱশেষত বৰাৰ পৰামৰ্শ মতে তাইক ডিব্ৰুগড় হস্পিটেললৈকে operation কৰাৱৰ নিমিত্তে লৈ গ’লো। [ ৫২ ] বৰ যত্নৰ মুৰত চিট যোগাৰ কৰা হ’ল। তাৰ দুদিনৰ পিছত তাইক তাতে এক্সৰে কৰোৱা হ'ল। ফলাফল এইটোৱেই হল যে দুটা মেজৰ এবড'মেন অপাৰেচনৰ আৱশ্যক। কিন্তু ছ-মাহ শয্যাগত ৰোগীক কেনেকৈ দুটাকৈ মেজৰ অপাৰেচন কৰিবলৈ দিব পাৰি— এই চিন্তাই মোক কেৱাদিনলৈকে হাৰাশাস্তি কৰিলে৷ তথাপি মৰণত শৰণ দি কৰাবলৈকে মান্তি হ’লো। প্ৰথম অপাৰেচন হৈ গ’ল। ডাক্তৰে ইটো অপাৰেচনৰ কাৰণে পোন্ধৰ দিন জিৰণিৰ সময় দিলে।

 ইতিমধ্যে পশ্চিমৰ প্ৰদেশবোৰত ইলেক্‌চন আৰম্ভ হৈ গ’ল। বেছি ভাগ প্ৰদেশতে কংগ্ৰেচন জয় বেছিকৈ হোৱাত তাৰ প্ৰতিক্ৰিয়াই মানুহৰ অন্তৰত পাৰ্টিৰ প্ৰতি নিৰাশাৰ সৃষ্টি কৰি আস্থা কমাই পেলালে। লেবাৰৰ মাজতো তেনে এটা অৱস্থাই হবলৈ ধৰিলে। এনেতে ৱিকিয়াৰ ইটো অপাৰেচনো কৃতকাৰ্য্যতাৰেই শেষ হ’ল! ডাক্তৰে তাইক তিনিমাহ সম্পুৰ্ণভাবেই জিৰণি লবলৈ ক’লে। তাই কিন্তু হস্পিটেলৰপৰা ওলায়েই বাহিৰে বাহিৰে নিৰ্ব্বাচনৰ কামত আকৌ লাগি গ’ল। কত ক’লো, তাই একোতেই মান্তি নহ'ল। লেৱাৰবিলাকক বাগানে বাগানে গৈ পুনৰ জগাই তুলিলে। যিখন বাগানত বিকিয়া এবাৰ সোমাই গৈছে তাত আৰু আনৰ কাম নাথাকে। কিন্তু কি হ’ৱ, ভাগ্য বিড়ম্বনা, দুখীয়াৰ দুখ কাহানিও নুগুচে। তাই পুনৰ শুব লগা হল। এইবাৰ আৰু ধৈৰ্য্যৰ অৱকাশ নাথাকিল। [ ৫৩ ] শাৰীৰিক পীড়াৰ লগতে মানসিক চিন্তা আৰু উদ্বিগ্নতাই দুইকো অস্থিৰ কৰি পেলালে। ইলেক্‌চনৰ কেই দিন মানৰ আগৰেপৰা তাইৰ ৱৰ টান। তথাপি এই সকলোবোৰৰ মাজেদিয়েই আমাৰ অংশিকভাৱে জয় হ’ল।

 জীৱনক এটা বোজা কৰি লৈ থাকিবলৈ বিকিয়াই নাপালে। ভাগ্য বিড়ম্বনাত বিমূঢ় হৈ এদিন ৰাতি তাই ডিঙিত চিপ লৈ আত্মহত্যা কৰিলে। পুৱা যেতিয়া মই সেই দৃশ্যটো দেখো মোৰ অৱস্থা কি হৈছিল ক’ব নোৱাৰো। মাথোন প্ৰাণপখী উৰি যোৱা বিকিয়াৰ মৃত শৰীৰটোৰ প্ৰতি এটা ঈৰ্ষাৰ ভাব উদয় হৈছিল। মোৰো যদি সেইটোৱেই অৱস্থা হ’লহেতেন ৱৰ সুখ পালোহেতেন। মেজৰ ওপৰত মোলৈ লিখা এখন চিঠি পৰি আছিল। মেলি চাই দেখো তাই লিখিছে :—

 খুৰা,

 মোৰ সংসাৰত তুমিয়েই সকলো। কিন্তু খুৰা আৰু নোৱাৰো। মৃত্যুৰ লগত যুদ্ধ কৰি হাইৰাণ হৈছো। উঃ, কি অসহ্য ৱেদনা। এনে শাস্তিতকৈ মৃত্যু ভাল। তাকে ভাৱি তোমাৰ চৰণ চুই বিদায় মাগিলো। হয়তো দুৰ্ব্বল বুলি ক্ষমা নকৰিবা। কিন্তু নোৱাৰো যেতিয়া আত্মহত্যা কৰিম।

 তুমি মোৰ পৰা যিমান আশা কৰিছিলা তাক নাপালা৷ যি কণ পালা তাতে যেন সন্তুষ্ট থাকা। মোৰ আশা যদি [ ৫৪ ] ঘূৰাই জন্ম পাওঁ, তেস্তে যেন তোমাৰ ককাই স্বৰূপেই পাওঁ। মোৰ শেষ অনুৰোধ মনত ৰাখিবা — মই জাতত কুলি। মোক পাহৰিলেও কুলি জাতক নাপাহৰা যেন। ক্ষমতা পালেও নিজ ভনীক নাপাহৰাৰ দৰে কুলিক নাপাহৰিৱা। শেষৰ সময়তো তোমাক সেৱা এটা কৰিব নোৱাৰি দুখেৰে মৰিলো। মনত মোৰ কাৰণে দুখ নকৰিবা। তুমি পোৱালী বাবু আৰু মই বিকিয়া—মিছাজানৰ কুলি চুক্ ৰী৷ বিদায় খুৰা।

অভাগিনী—

বিকিয়া

 * * * * *

 জীৱনক জয়ৰ গৌৰৱ মালাৰে মেৰিয়াই লৈ তাই উপভোগ কৰিৱলৈ নাপালে—নিয়তিয়ে নামানে মৃত্যু প্ৰাকৃতিক নহ’লে ঘৃণাৰ ৱস্তু হ’ব বুলি ধাৰণাৰ অপ্ৰাকৃতিক বিচাৰ কৰাটো যুক্তিৰে ফঁহিয়াই ভুল বুলিলে পোহৰৰ জগতখনে নামানে। কিন্তু ৱেদনাৰ বিৰাট হাহাকাৰ সহ্য কৰাতকৈ আত্ম-চৈতন্য বিলোপ কৰাটো মানসিক শক্তিৰ উৎকৃষ্ট ৱিচাৰহে—দুৰ্ব্বলতা বা ঘৃণাৰ কথা নহয়। কুলিৰ জীৱনত বিকাশৰ মুখ দেখিলে সভ্য; কিন্তু অসুন্দৰৰ নিষ্ঠুৰ প্ৰকাশ পূৰ্ণ নহ’ল।


—শেষ—

J

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )