চিনাক্ত কৰি দিবলৈ। পুলিচৰ ওপৰৱালী জনক বিকিয়াই
সুধিলে কিয়নো তাইক ধৰি নিয়া হৈছিল। পুলিচে বাগানৰ
হাওলতী খাই পলাই যোৱাৰ কথা ক'লে। তাইৰ যদিও
বয়স কম কথা বেচ বুজিব পৰা হৈছিল। বুজিলে যে
ইয়াত চাহাব আৰু বৰ বাবুৰ অভিসন্ধি আছে। তাই এই
দুমাহ নগৰত থাকি বহুত কথাই শিকিছে। কিন্তু তাই
ক’বলৈ ভয় কৰে। “এতিয়া মোক ক'ত নিব” বোলাত
“থানালৈ” আৰু “তাৰ পাছত” বুলি সোধাত “তাৰ পিছত
ৱৰ বাবুক গটাই দিম” বুলি অফিচাৰ জনে, সৰল সহজ ভাবে
কৈ গ'ল। আৰু ক'লে যে হাওলতী আদায় হ'লে তাই
খুচি মতে য’তে যায় যাব পাৰিব। বেমাৰী চকিদাৰে কি
কৰিৱ নকৰিব থিক কৰিব নোৱাৰি বেমাৰী গাৰে তেতিয়াই
শৰ্ম্মাৰ ঘৰ পাই সকলে! খবৰ কলেগৈ। বেচেৰা শৰ্ম্মাও
ৱিবুদ্ধিত পৰিল। কি কৰিব নকৰিব তেৱো একো থিক
কৰিব নোৱাৰি, মেজিষ্ট্ৰেটৰ ঘৰলৈকে, যাৱলৈ স্থিৰ কৰিলে।
সময় প্ৰায় ২॥ টা বাজিছিল। পুতেক নৰেনক চাইকেলখন
দি লৰালৰিকৈ বাচলৈ পঠালে আৰু লৰালৰি ভাবে এখন চিঠি
লিখি দি, কাক, চিঠিখন দিব লাগিব তাকো বটাই দিলে।
বাচ্ নাপালে চাইকেল বা ট্ৰাকতে গৈ চিঠি দিবলৈ ক’লে।
আবেলি সাধাৰণতে নাৰায়ণৰ দোকানৰ ফালে ওলাই যাওঁ। সৰু তিতাবৰ খনত সিয়েই মানুহ বহিবৰ আদ্দা৷ নাৰায়ণ চাহৰ দোকানী মানুহজন ভদ্ৰ। ব্যৱহাৰ ভাল। চিধা