পৃষ্ঠা:কুলি (উপন্যাস).pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
কুলি

ঘূৰাই জন্ম পাওঁ, তেস্তে যেন তোমাৰ ককাই স্বৰূপেই পাওঁ। মোৰ শেষ অনুৰোধ মনত ৰাখিবা — মই জাতত কুলি। মোক পাহৰিলেও কুলি জাতক নাপাহৰা যেন। ক্ষমতা পালেও নিজ ভনীক নাপাহৰাৰ দৰে কুলিক নাপাহৰিৱা। শেষৰ সময়তো তোমাক সেৱা এটা কৰিব নোৱাৰি দুখেৰে মৰিলো। মনত মোৰ কাৰণে দুখ নকৰিবা। তুমি পোৱালী বাবু আৰু মই বিকিয়া—মিছাজানৰ কুলি চুক্ ৰী৷ বিদায় খুৰা।

অভাগিনী—

বিকিয়া

 * * * * *

 জীৱনক জয়ৰ গৌৰৱ মালাৰে মেৰিয়াই লৈ তাই উপভোগ কৰিৱলৈ নাপালে—নিয়তিয়ে নামানে মৃত্যু প্ৰাকৃতিক নহ’লে ঘৃণাৰ ৱস্তু হ’ব বুলি ধাৰণাৰ অপ্ৰাকৃতিক বিচাৰ কৰাটো যুক্তিৰে ফঁহিয়াই ভুল বুলিলে পোহৰৰ জগতখনে নামানে। কিন্তু ৱেদনাৰ বিৰাট হাহাকাৰ সহ্য কৰাতকৈ আত্ম-চৈতন্য বিলোপ কৰাটো মানসিক শক্তিৰ উৎকৃষ্ট ৱিচাৰহে—দুৰ্ব্বলতা বা ঘৃণাৰ কথা নহয়। কুলিৰ জীৱনত বিকাশৰ মুখ দেখিলে সভ্য; কিন্তু অসুন্দৰৰ নিষ্ঠুৰ প্ৰকাশ পূৰ্ণ নহ’ল।


—শেষ—