পৃষ্ঠা:কুলি (উপন্যাস).pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

— তিনি —

 পাৰ্টি অফিচৰ সোলা বুঢ়া চকিদাৰৰ থৰক-বৰক দেহাটোৰ অলপ তৎ আহিল। সি আমাৰ নামত হে চকিদাৰ কামত নাছিল। ভাত কেইটা আৰু পানী টোপাত সি এতিয়া চিন্তা কৰিৱ নালাগে। কিন্তু বুঢ়াই লিখা-পঢ়া জনাৰ কাৰণে ৱৰ টান কাম হাতত লব লগা হল। বুঢ়া শৰ্ম্মাৰ অফিচৰ কামৰ বাহিৰেও ৱিকিয়াক ইংৰাজী আখৰ কেইটা শিকোৱাৰ ভাৰ পৰিল। তাৰ বাবে প্ৰতি দেওবাৰে তেওঁৰ ঘৰত কাপোৰ ধূই দিবৰ ব্যৱস্থা আছিল। বুঢ়া চকিদাৰ শৰ্ম্মাৰ পৰা বিকিয়াই, এ-বি, চি-ডি, কিটা শিকি পেলালে। অসমীয়াতো চিঠি এখন-দুখন লিখিব পৰা হল। প্ৰায় দুমাহ হল, বিকিয়াই ‘জনতা' কাগজখনো সৰ্ণম্পুকৈ পঢ়িব পৰা হল। ইংৰাজীত আখৰ জোটাৰপৰা অৱস্থাও হল।

 ইফালেদি বাগানৰ বৰলা চাহাবৰ মূৰত গৰম বেছি হবলৈ ধৰিলে। সি বিকিয়াক বাগানত বিচাৰ লগালে। যেতিয়া সি জানিব পাৰিলে যে বাপেক ককায়েক মৰাত তাই তাৰপৰা গুচি আহিল, তেতিয়া সি জানিব পাৰিলে যে বিকিয়াক সহজে কৰায়ত্ব কৰিব পৰা হৱ। তাকে ভাবি ৱৰ মহৰীৰে সৈতে পৰামৰ্শ কৰি হাওলতী টকা খাই পলাই যোৱা বুলি ৱিকিয়াক পুলিচত দিলে। এমাহ মান বিচাৰি