পৃষ্ঠা:কুলি (উপন্যাস).pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
কুলি

হুমুনিয়াহ কাঢ়ি ক’লে,—“দুৱাৰী আৰু নাই। সিবোৰ যি হওক আৰু ৱিকিয়াক মোৰ তাত কালি পঠাই দিবি। দুৱাৰী বুঢ়াই মোক তাইক ধৰম-বহিন্ দি গৈছে।”

 —“কুলিকে তোৰ সঙ্গে কি কৰি ৰাখিবি, মানুষ কি বলিবেক। এইসব ঠিক নাই বাবু।”

 “নাই জানকীয়া, মানুহৰ কথা বাদ দে। মোৰ ধৰম- বহিন্, তই তাইক ৰাতিপুৱা পঠাই দিবি। তাইক কৈ দিবি যে ৱাবু ৰাতি গলগৈ। নহলে হয়তো চাহাবে গম পালে ৱেয়া হব।” বাগানৰ লাইনত এটা লেবাৰ ইউনিট্ কৰিবলৈ চেষ্টা কৰাৰপৰা চকিদাৰবোৰৰ লগত মোৰ ভাল চিনাকী। সিহঁতে মই কোৱা কথাবোৰ অন্ততঃ অলপ ভাবে আৰু পাৰিলে মানে। জানকীয়া চকিদাৰ মোৰ সহায়ৰ মানুহ বুলিয়েই তাক সেই কেইটা কথা কৈ গুচি আহিলো। ৰাতি ২॥ টা বজালৈ নোখোৱা-নোবোৱাকৈ অৱসাদ লাগিছিল। আহি ভিতৰত আনি থোৱা পানীৰে পৰিস্কাৰকৈ গাটো ধুই চাহ একাপ কৰি শুকান ৰুটী দুখন খাই ৩ বজাত বিচনাত পৰিলো। টোপনি হলে নাহিল। বিকিয়াক কাইলৈ আনি কত থম, কি কৰিম আদি নানা চিন্তাত মনটো উগুগ-থুগুল লাগি টোপনি দূৰতে বিদূৰ হল।

 * * * *