পৃষ্ঠা:কুলি (উপন্যাস).pdf/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুলি

ৱিকট গোন্ধ নাকড লাগিছে, কিন্তু ধৈৰ্য্যেৰে সহ্য কৰিছো। আগৱাঢ়ি গৈ দুৱাৰী চৰ্দ্দাৰৰ ঘৰৰ মুখ পালো। বাগানখন মোৰ ৱৰ বেচি চিনাকী নহলেও চৰ্দ্দাৰ, চকিদাৰ আৰু বাবু বোৰকো চিনি পাওঁ। দুৱাৰী দুৱাৰ মুখতে এটা সৰু মূঢ়াত বহি আছিল। মোক দেখিয়ে মাতিলে— “এ পোৱালী বামুণ! তোকে হামি খুজলি – তুই কাহাঁ যাইছিলি?”

 —“ঘৰতে আছিলো, কি হ’লনো তোৰ?”

 মোক সি পোৱালী বামুণ বুলি মাতে। কাৰণ মোৰ সৰু গঠনটোৱে মোক “পোৱালী” উপনাম এটা প্ৰখ্যাত কৰাই দিছে। চেন্‌ট্ৰেল ইন্সপেক্টৰৰ লগত পেটব দায়ত ৰান্ধনি হৈ থকা দিনৰে এই নাম জনাজাত। বুঢ়া দুৱাৰীয়ে মোক যৰ মৰম কৰে। কাৰণ, মই তাক পালে কথা পাতো আৰু তাঁহাতৰ স্বভাৱ-চৰিত্ৰ — সকলোবোৰ কথা সোধো। সেই দিনা দুৱাৰীয়ে মোক বিচৰা কথাটো অৱশ্যে মই, বুজা নাই। মোৰ বাগানৰ বাহিৰৰ অকণমান পাণৰ দোকানৰপৰা দুৱাৰীয়ে জুইচলা, বিড়ি আৰু মানচাদা তাহানিখন সদায়েই আনিছিল৷ কিয় বিচাৰিছে বুলি সোধাত দুৱাৰীয়ে মোক ওচৰলৈ মাতি নি অন্য এটা মূঢ়াত বহিবলৈ দিলে আৰু লাহে লাহে ক’বলৈ ধৰিলে—“বাবু, তোক মাতিছো মোৰ অলপ কথা ক'বলৈ। মই বাগানৰ কুলি। তথাপি মই হিন্দু মানুহ। মোৰ ঈশ্বৰ- কৃষ্ণ আৰু তহঁতৰো ঈশ্বৰ কৃষ্ণ। মুচলমান বা খৃষ্টানৰ লগত ম‍ই নাথাওঁ আৰু তহঁতেও