পৃষ্ঠা:কুলি (উপন্যাস).pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
কুলি

মানুহ। সেই দিনা ৪ টা মান বজাতে ওলাই গৈছিলো। মনটো এনেয়ে বন্ধনত থকা দৰে লাগিছিল। চাৰি আলি পাওঁতেই এখন মটৰ পাৰ হৈ গল। হঠাতে তাত এখন চিনাকি মুখ দেখি সন্দেহ হ’ল। বিকিয়া হ'ব নোৱাৰে নিশ্চয়, অন্য কোনোবাহে—মনতে ভাবি গৈছো। অলপ আগবাঢ়ি গৈ থাকোতে ৰিয়াচৎ হাজৰিকাক পাই সুধিলো—“হাজৰিকা, এইখন গাড়ী? হাজৰিকা গাড়ীৰ খেল থকা মানুহ। ক’লে “ব্ৰনচন চাহাবৰ, তাতে আকৌ দেখোন বৰ মহৰীয়ে এজনী মাইকী মানুহ লৈ উঠি গৈছে।” মোৰ সন্দেহ ভাগিল — পুলিচৰ সহায়ত ধূৰ্ত্ত চাহাবে ৱিকিয়াক হাত কৰিৱলৈ চেষ্টা কৰিছে—এই কথাটো মই আন্দাজ কৰিলো। কিন্তু উপায় ভাবি পোৱা নাই। এনেতে গোলাঘাটৰ শেষৰ বাচখন চাৰি আলিত ৰ’লহি। মানুহবোৰ নামিছে। মাজতে দেখিলো নৰেনক। সি সিফালৰ পৰা মাত—দিলে ‘মাষ্টৰ দা'। ওচৰলৈ গ’লো৷ সি ভাঙি-পাতি সকলো ক’লে আৰু চিঠি খনো দিলে। চিঠি পঢ়ি বুজিলো শৰ্ম্মাই নগৰত বিশেষ একো কৰিব নোৱাৰিব। ইফালেতো ৱিকিয়াক হাত কৰিলেই। হঠাতে বুদ্ধি এটা মগজত খেলালে। নৰেনক সুধিলো “মিছাজানত কোনোৱা চিনাকি বাবু আছেনে কি?” “কেলৈ মোৰ পেহাদেউৰ ভায়েক” বুলি নৰেনে কলে। “তেন্তে তুমি এতিয়াই তালৈ যাব লাগিব। সুধিলে কোনোবাই ক’ৱা তুমি তিনিচুকিয়াৰ পৰা আহিলো বুলি। মই দুখন