পৃষ্ঠা:কুলি (উপন্যাস).pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুলি

বুঢ়া দেখাতহে—বয়সত নহয়। সি কুলিৰ ভিতৰত মন কৰিৱলগীয়া কুলি। মদ খায় যিদিনা তাৰ কাৰো লগত কথা হ’বৰ প্ৰয়োজন নাথাকে। চুৰি বিদ্যা আৰু মিছা কথাক সি তাৰ অলপীয়া নীতি-জ্ঞানেৰে ঘিণ কৰে আৰু ধৰ্ম্মৰ নামত সি সঁচা কথা কয়। বহুত কাৰণতে সি কুলিৰ ভিতৰত মন কৰিব লগীয়া কুলি। ময়ো লাহে লাহে সুধিলো—“বাৰু তোৰ যদি চুক্ৰী দিবৰ মনেই নাই, তেন্তে তাইক সোনকালে বিয়া নিদিয় কিয়?”

 – “যদি কাৰবাৰ কৰো তেন্তে গণ্ডগোল লগাই দিব।”

 —“তই ভয় নকৰিবি, মাথোন ঠিক কৰি কবি। যদি চুক্ৰী মণিলালক দিয়, মই বন্দোৱস্ত কৰি দিম। কালি মণিলালক মোৰ ঘৰলৈ পঠাই দিবি।”

 “ৱাৰু বাবু কোনো ৰকম গণ্ডগোল হ’ব নালাগে আৰু বিপদ বাচিব লাগে।”

 তাৰ পিছত মই যাওঁ বুলি কৈ ওলাই আহিলো। তাৰ চোতালতে সময় ভালেমান হ'ল। ইপিনে লাইনতো হুলস্থুল লাগি আছেই। মাদল বজোৱাই মাদল বজাইছে,কোনোটোৱে গানকে টানিছে, কোনোটোৱে কোনোটোৰ মা-বহিনক ধৰি গালিয়েই পাৰিছে। মোটতে শনিবাৰে সন্ধিয়া ওচৰত মহল থকা বাগানৰ লাইনৰ অৱস্থা দেখিলেহে বুজিৱ পাৰি, নহলে বুজা টান। এটা নতুন চাহাবে আহি ৰৱিবাৰে কোনো এক ৱাগানৰ অফিচত কাম চাবলগীয়া হৈছিল।