পৃষ্ঠা:কুলি (উপন্যাস).pdf/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
কুলি


কুলিক এপিজমেন্ট পলিচি অৰ্থাৎ যেনে-তেনে শান্ত কৰি ৰখা নীতিৰে চলাবলৈ প্ৰচেষ্টা কৰিছে। তাৰপৰা লেবাৰৰ কিন্তু লাভ হোৱা নাই – হৈছে মদৰ মহল লওঁতা কিজনৰ আৰু মাৰোৱাৰী মহাজনৰ। দেশত ইনফ্লেচন্ ( মুদ্ৰাস্ফীতি ) সমস্যাত প্ৰকাৰান্তৰে সহায়হে হৈছে। এয়ে অসমত চাহ বাগান আৰু তাৰ ব্যৱহাৰ ব্যৱস্থা। লাহে লাহে কথাবোৰ ভাবি ভাবি ওলাই আহিলো। প্ৰায় সন্ধ্যাটোৰ আধাঘণ্টা সময় এইদৰে গল। মনটো সময়ৰ সুখ উপভোগ কৰিবৰ উপযোগী হৈ নুঠিল— এটা গভীৰ ভাব আৰু ঘৃণাৰ ভাবেৰে উৎকণ্ঠিত হৈ পৰিল। ভাবিলো বাগান, বনুৱা, বাবু আৰু ৱগা চাহাব — সিহঁতৰ প্ৰত্যেকৰে পাৰিপাৰ্শ্বিক ব্যৱস্থা আৰু চাহপাত—ইয়াৰ বজাৰ।

 *  *  *  *  *  *  *  *