পৃষ্ঠা:কুলি (উপন্যাস).pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
কুলি

বাবু” বুলি হুক্‌ হুক্‌ কৰে কান্দিবলৈ ধৰিলে। মোৰ মানসিক অৱস্থা সেই সময়ত কি হৈছিল সঁচাই কব নোৱাৰো। মাথোন থিয় হৈ থাকোতে জৰ জৰ কৰে দুই চকুৱেদি চকুপানী বৱলৈ ধৰিলে। সম্ভবতঃ ৰূমালেৰে দুবাৰমান চকুপানী মচিও পেলাইছিলো। দুৱাৰখন পাৰহৈ গলো আৰু একেথৰে তিনি মিনিট মান ৰলো। ভাৱিবৰ সময় নাছিল, মই ক’ত কেনেকৈ আৰু কিয় আছিলো। লাহেকৈ কলো—“বিকিয়া, নাকান্দিবি, সকলো ভগৱানৰ ইচ্ছা। বিপদত থিৰেৰে থাকিব লাগে। মই আছো -ভয় নকৰিবি।” কিন্তু তাই নামানে। অলপ চিলমিলকৈ টোপনি অহা বুঢ়াই তাইৰ কান্দোনত সাৰ পালে আৰু মাতটো শুনি সেহাই সেহাই মাতিলে——“কোন হেকে বেটী, পোৱালী বাবু?”

 “ওঁ ময়ে দুৱাৰী, অলপ ভাল পাইছনে?”

 “ৱাবু, তই ইয়াত কিয় আহিছ? কুলি মৰিলে তোৰ কি লোকচান? বাবু, তই যাগৈ, তোৰ গাত বেমাৰ লাগিব পাৰে।” “দুৱাৰী, সেইবোৰ নকবি। অলপ ভাল পাইছনে? মই ঘৰত নাছিলো আজি আহি খবৰ পায়ে আহিছো।”

 “ভাল কৰিছ, পোৱালী বাবু, নাই তই কুলিৰ ৱাবু আছ, মনত নুদুখাবি। মোৰ মগজটো খাৰাপ হৈ গৈছে।” সি সেহাই সেহাই আৰু কিছুমান লাগ-বান্ধ নোহোৱা অবান্তৰ কথা কৈ গ’ল। সি ভ্ৰম বকিৱলৈ ধৰিলে। ৱিকিয়াক ক’লো, “বিকিয়া বাপেৰৰ মূৰত অলপ পানী ঢালি