পৃষ্ঠা:কুলি (উপন্যাস).pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

—দুই—

 সেই দিনা সন্ধিয়া—আৰু যিটো দিনৰ সন্ধিয়াৰ কথা কব লাগিব বহুত বেলেগ। বাহিৰত ঘন-ঘোৰ অন্ধকাৰ। ৰঙা ৰঙা জুইৰ নিচিনা বিজুলিয়ে অন্ধকাৰ ছাট্‌ কৰে দূৰ কৰে, কিন্তু পিছ মুহূৰ্ত্তকতে অন্তৰ কঁপি উঠে। বতাহৰ হো হো শব্দ, কাৰো কতো সাৰ-সুৰ পাবলৈ নাই। তাৰোপৰি মেঘত প্ৰলয়ঙ্কৰী গৰ্জ্জন। ছাট কৰে বিজুলি মাৰি পঠিৱাৰ পিছতেই একোটা শব্দই তাল-ফাল খুৱাই পঠিয়ায়। মোৰ সৰু ঘৰটো অকলশৰে এফালে পথাৰৰ মাজতে। বাঁহৰ খুটাৰ খেৰী ঘৰ। বতাহে বাৰুকৈয়ে হেঁচি ধৰিছে; কিন্তু হয়তো বায়ু দেৱতাৰ কৰুণাতে সি ৰক্ষা হৈ আছে। এশহাত মান আতৰতে থকা আম গছ জোপাৰ আজি যৱনিকা হল। বুঢ়া গছজোপাৰ দৃঢ়তাক বায়ুয়ে নামানিলে, সি ৰামায়ণৰ যুদ্ধত কুম্ভকৰ্ণৰ মৃত্যু নাইবা হয়তো কৰ্ণ একাঘ্নি অস্ত্ৰত ঘটোৎকচৰ অৱস্থাই হল। সিহঁতে কয় তাত বোলে কিবা এজন বুঢ়া ডাঙৰীয়া আছে। সি যদি ভূত বা দেৱতাই, বেচেৰা প্ৰাকৃতিক এই মহা দুৰ্য্যোগত আশ্ৰয়হীন। বেচেৰা হয়তো ক’ৰবাত শিল বৰষুণৰ ঠেলাত অজ্ঞান হৈ পৰি আছে বা হয়তো সেই যোনিৰ পৰা মুক্তই হৈছে। “সিন্দুৰ” বুলি এখন টকী দেখিছিলো। তাতো এনে