পৃষ্ঠা:কুলি (উপন্যাস).pdf/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
কুলি

চিঠি দিম। সেই দুখন খুব সাৱধানে যেনে-তেনে মানুহ কিজনক দি আহিবা। দেখিৱা, কোনো বাবুৱে যাতে কথাটো গম নাপায়। বাবু বিলাকৰ আলোচনাত সাধাৰণতে যোগ দিৱা আৰু যি বাবুৱে সেইটো বেয়া হৈছে বুলি মন্তব্য দিয়ে তুমি তেওঁৰ যেনে-তেনে আপোন হবলৈ চাৱা। এখন চিঠি ৱিকিয়াক দিবা আৰু আনখন লাইন চকিদাৰ জানকীয়াক দিবা৷ সাৱধানে চিঠি দি বৰৱাবুৰ ঘৰতে থাকিবা। ৱিকিয়াই তোমাক চিনি পালেও নোপোৱা ভাও ধৰিবলৈ প্ৰথমতেই ক’বা। আজি তাই নিশ্চয় বৰ মহৰীৰ ঘৰতে বা লাইনৰ কাৰোবাৰ ঘৰত থাকিব।” নৰেনে সকলো শলাগি ল’লে৷ লৰালৰিকৈ দুখন কাগজত গোট গোট আখৰেৰে চিঠি দুখন লিখিলো। এখনত লিখিলো—“বিকিয়া, যেনে- তেনে আজি বৰ মহৰীৰ ঘৰতে থাকিবি। চাহাবলৈ যোৱা কথাটো একদম ভাল হ’ৰ বুলি, লাগিলে কবিও। বৰ মহৰীৰ ফালে চাই দুই এবাৰ মিচিকি মিচিকি হাঁহি মনটো ভূলাবি আৰু ৰাতি আঠ ন বজাত খুব চিঞৰি দিবি যে বৰ মহৰীয়ে তোৰ ধৰম নষ্ট কৰিব খুজিছিলে। মই ওচৰতে থাকিম আৰু অন্য মানুহো থাকিব। তই পিছৰ কথা ভাবিব নালাগে। সেইবোৰ মই ব্যৱস্থা থিক কৈ ৰাখিছো। তই চিন্তা নকৰিৱি৷ মাথোন যেনেকৈ কৈছো তেনেকৈ হ’ব লাগিৱ।” ইখনত লিখিলো— “মৰমৰ ভাই, তোৰ লগত মোক ভালপোৱা সকলোকে কৱি যে বৰ বাবুৱে আজি বিকিয়াক