পৃষ্ঠা:কুলি (উপন্যাস).pdf/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
কুলি

আজি ৰাতিপুৱা...’’ বুলি আৰু ক’ব নোৱাৰিলে৷ মাত্ৰ কান্দোনৰ মূৰত আৰু কান্দি কান্দি কোৱা কথাবোৰত বুজিলো যে সিও মৰিল। মই ভগৱানক বিশ্বাস কৰো। এনেকৈ দুখীয়াক বিপদত পেলোৱা কথাটোৰ ওপৰত মোৰ ভগৱানৰ প্ৰতিয়েই বিৰাগ জন্মি উঠিল। মই ভাৱিলো — দুৱাৰীয়ে হয়তো আজিয়েই শেষ নিশ্বাস ত্যাগ কৰিব। তাৰ পিছত তাইৰ কি অৱস্থা হ’ব? দুৱাৰীৰ মনৰ কথা কামত পৰিণত ন’হল, তকিয়া মৰিল, মণিলাল মৰিল আৰু সি এই ভয়ানক নিশাটোতে হয়তো বিদায় ল’ব। বুঢ়াটোৱে এনেতে টোপনিৰপৰা সাৰ পোৱাৰ দৰে মাত দি ক’লে— “বেটী, ৱাবুটা গেলেক্ না কি?” মই “নাই যোৱা” বুলি সহাৰি দিয়াত সি সেহাই সেহাই ক’লে—“বাবু, মই একটা স্বপন দেখিলে যে মোৰ ৱেটী ৱিকিয়াই একটা মটৰ গাৰীতে উঠি গৈছে আৰু বহুত মানুহৰ চাম্‌নে কথা কৈছে, একটা মুকলি জায়গাতে। সঙ্গে তুই ভী আছ, বাবু।” মই মাত্ৰ ক’লো, “তই অলপমান মনে মনে শুই থাক, ভাল পাবি।”

 —“কি আৰু ভাল হ’বে বাবু? হ’ৱাৰটো হৈয়ে গেছে। মাত্ৰ বাকী জীউতা, কালি পুৱা পুতি পেলা বেক। বাবু, মৰিবাৰ সময় কি কৰিতে লাগে? ৰাম নাম ল’ব লাগে? নাহয় বাবু?

 —“সেইবোৰ তই এতিয়া ন’কবি, তই ভাল হ’বি।”

 —“মই ভাল নহ’ম বাবু, মই বেছি সময় নাথাকো।