পৃষ্ঠা:কুলি (উপন্যাস).pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
কুলি

একটা কথা। তোক মৰাৰ আগে একটা বস্তু দিম, ল’বি?”

 “কি” বুলি মই সুধিলো।

 “মই যদি তোৰ বন্ধু মানুষ হওঁ, মোক যদি তই ভাল পাৱ, তোক একটা বহিন্ দিলো। ইয়াকে তই দেখিবি। মোৰ আৰু নাই। জাতিৰ বহিন নহয়, কুলি ৱহিন্। লবিনে বাবু?” “মই আগতে লৈ থৈছো দুৱাৰী, তই সেইবোৰ বাদ দে।” “বাদ দিবলৈ নাই, মই জানো, মই মৰিম৷ তই কালিৰ ভিতৰত ইয়াৰ পৰা লৈ যাবি। নহলে চালাসবে ইয়াৰ জাত খাব।”

 ইফালে বিকিয়াৰ কান্দোন মাৰ যোৱাই নাই। ৱৰষুণ বৰকৈ আহিবলৈ ধৰিলে। গাজনি আগতকৈয়ো ৱেছি হবলৈ ধৰিলে। বিজুলি ছাট্‌ ছাট্‌ কৰে মাৰি চকু জলক-তবক লগাবলৈ ধৰিলে। যেন পুৰাণৰ কোনোবা প্ৰলয়ঙ্কৰী দেৱাসুৰৰ যুদ্ধহে আৰম্ভ হ’ল! এবাৰ গাজনিত চক্ খাই ৱিকিয়া বেমাৰী বাপেকৰ কাষ চাপি গ’ল। কিন্তু কি হ’ব? নিয়তিৰ বিচাৰ অন্য ধৰণৰ। দুৱাৰীয়ে হাত- ভৰিবোৰ ৱৰকৈ চটফট্ কৰিবলৈ ধৰিলে। বৰ জোৰ দি এবাৰ মাতিলে দীঘলীয়াকৈ—“ৰাম।” তাৰ পিছত আৰু একো সাৰ-সুৰ নাই। বিকিয়াই বৰকৈ কান্দিবলৈ ধৰিলে। মোৰ ভৰি দুটাত অকস্মাতে সাবটি ধৰি চিঞৰিবলৈ ধৰিলে। “বাবু, বচা, বচা, বাবাকে বচাই দে।” অসময়ত বুজনিৰ পৰা লাভ নাই। বৰ ৱেছি শোক পালে কিছুমানে নাকান্দে।