পৃষ্ঠা:কুলি (উপন্যাস).pdf/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুলি

দেখিলে মোৰ বেটী বিকিয়াক। মোৰ বেটী অৱশ্যে অন্য কুলী মাইকী, চুক্ৰীবোৰত থাকি ধুনীয়া। এতিয়া চাহাবক মোৰ বেটীটো লাগে। মোক বৰবাবুৱে কৈছে যে চাহাবে চুক্ ৰী নিদিলে বাগানতে থাকিবলৈ নিদিব আৰু গ’ল বছৰৰ হাওলাটীটো এই দুই মাহৰ ভিতৰত কাটি ল’ব। হাওলাটী,দুই মাহতে কাটিলে মই এক পয়চা নাপাওঁ৷ তাৰোপৰি কোন দিন কি কৰিৱ ঠিক নাই। একফালে পেট আৰু একফালে জাত। তাৰোপৰি কোন দিন হয়তো বাগানকে এৰি দিব লাগিব৷ সেই কাৰণে মই বৰ বিবুদ্ধিত পৰিছো। তুমি ইয়াৰ এটা উপায় কৰিব লাগিব। মই চুক্ ৰীটো মণিলালক চাদি দিবৰ ঠিক কৰি ৰাখিছো। সি বস্তিৰ মানুহ খেতি-বাতি আছে আৰু মানুহটোও ভাল। তাৰ বাহিৰেও বেটা তকিয়াই চুক্ ৰী দিয়াৰ কথা ক’লেই ৰাগত গৰম হৈ উঠে৷ সি চাহাব, বাবু এইসব দেখিৱই নোৱাৰে। কয় বোলে এই সব ঠগ, ডকাইত, এইসৱক একদম মাৰি পেলাব লাগে। একৱাৰ ৱৰবাবুক গালিপাৰাত তাক পুলিছে ধৰি নিছিল। মই দুই কুৰি টাকা দিহে খুলি আনিছো, আৰু আগলৈ গণ্ডগোল কৰিলে মই দায়ী থাকিম বুলি লিখা দিছো৷ এতিয়া মিছা কাৰণতে তাক আকৌ দুইটা সাক্ষী ধৰি পুলিচত দি দিৱও পাৰে। আমাৰ যে কুলি মানুহ সৱ্ দেখিছ, ইহঁতৰ ৱহুতক পইছা দিলে আৰু মদ খাবলৈ দিলে খাৰাপ কাম কৰাই ল’ব পাৰি। ফুচুলালে, মিঠা মিঠা কথা