পৃষ্ঠা:কুলি (উপন্যাস).pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

—সাত—

 “নেহৰু লিয়াকৎ পেক্ট” হৈ যোৱাৰ পিছত সাম্প্ৰদায়িক সম্প্ৰীতি হ’ৱৰ উপক্ৰম হ'ল। বাস্তুহাৰাৰ দল ভাৰতৰ অন্য প্ৰদেশ বোৰত আহি ভৰি পৰাত অৰ্থনৈতিক অনাটনে দেখা দিলে। মিল-মালিক আৰু চাহ বাগানৰ মালিকসকলে অৰ্থাৎ ধনী দলে ইমান দিনে চৰকাৰৰ বিপৰ্য্যযৰ ওপৰত সুবিধা কৰিব পাৰিছিল৷ চৰকাৰে এতিয়া অসুবিধা আঁতৰ হোৱাৰ লগে লগে মালিকসকলৰ ওপত হেঁচা দিবলৈ আৰম্ভ কৰিলে। ৰাজনৈতিক দলবোৰেও ইমান দিন মনে মনে আছিল, কিন্তু এতিয়া পুৰাদমে লাগি গ’ল। নৰ্ব্বাচনৰ যো- জা হোৱাৰ আগতেই সকলোৱে নিজৰ সুবিধা কৰিবৰ বাবে বিৰাট আড়ম্বৰ ভিতৰি ভিতৰি কৰিবলৈ ধৰিলে। সেই সূত্ৰতে বিকিয়ায়ো আহি অসমত কাম কৰিবলৈ আৰম্ভ কৰিলে। ৰাজনৈতিক চেতনা নথকা কুলিৰ মাজত কাম কৰা সহজ কথা নহয়। তাইৰ আপ্ৰাণ চেষ্টাৰ ফলতেই প্ৰায়বোৰ বাগানৰে ইউনিটবোৰ হিন্দ মজদুৰ দলৰ হাতলৈ আহিল। প্ৰায় ছয় সাত মাহ কাম কৰালৈকে মিচ বিকিয়ানো কোন সেইটো কোনেও জনাই নাছিল। তাই দলগত ৰাজনীতিৰ প্ৰতিষ্ঠা বাঢ়িবৰ কাৰণে যুক্তি-তৰ্ক বাদ দি মাত্ৰ এটা ফ্ৰেম হে সাজি লবলৈ চালে। প্ৰভিন্সিয়েল লেবাৰ অৰ্গেনাইজাৰ