পৃষ্ঠা:কুলি (উপন্যাস).pdf/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
কুলি

উপন্যাস পঢ়া নাছিলো। তই এখন উপন্যাস কলি। সঁচাই ই ‘কুলি’ৰ উপন্যাস।” গাড়ী পুনৰ যাবলৈ ধৰে আৰু সকলোৱে নিমাতে যেন ৱিকিয়াৰ ঘটনাকে উপলব্ধি কৰি গৈ থাকে। নীৰৱতাৰ মাজেদি বহুত দূৰ যোৱাৰ পাছত বৰুৱাই পুনৰ কয়— “এৰা, এনে মানুহক সুৱিধা দিলে বহুত কাম হয়। ইহঁতৰো শক্তি-সামৰ্থ্য আৰু মগজ আছে।” —“নহয়, বৰুৱা মগজ কাৰো জন্মৰপৰা বিশেষত্বৰ সৈতে মগজ নাথাকে। সকলোৰে একেই, মাথোন আপুনি কোৱাৰ দৰে বিকাশৰ পথ লাগে। অৰ্থাৎ সুবিধা দিব লাগে।” “মানুহৰ প্ৰতিভা-বিকাশৰ ক্ষেত্ৰ আৰু সুবিধা লগাটোও নিশ্চয় আৱশ্যকীয় কথা। কাৰণ ইহঁতৰ উদাহৰণটোকে ল’লে দেখা যায় যে আজি ইহঁত পদ- দলিত, উপেক্ষিত কুলি আৰু কাইলৈ সুবিধা দিলেই ইহঁত আমাতকৈ ৱহুত ভাল মানুহ হৈ উঠিব।”