পৃষ্ঠা:কুলি (উপন্যাস).pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
কুলি


লাইনৰ এনে অৱস্থা দেখি বাবুক সুধিলে—“কেৰাণী বাবু, what গণ্ডগোল?” ইংৰাজীত বিদগ্ধ পণ্ডিত কেৰাণীয়ে উত্তৰ দিলে—“চাহাব, মাটি কলহৰ দেশী wine taking, senseless and drum beating and খচখচ তাল hiting and গণ্ডগোল। “Yes” বুলি চাহাবে মিচিকিয়াই হাঁহি মাৰি থ'লে। নতুন চাহাবৰ মুখত হাঁহি দেখি বাবুৰ মনত বৰ খুচি। সেয়ে বাগানৰ বাবু, কুলি আৰু চাহাব। ইয়াক বুধিয়ক বাবুবোৰে চাহ বাগান নোবোলে ৱোলে “বাগিছা।” তাৰ অৰ্থ হৈছে যে বাগি দিছোঁ চা। কুলিক বাগি দি,ফাঁকি দি ধন কেনেকৈ গোটাইছে, পূজিপতি দলে তাকে মানুহক চাবলৈ কৈছে। সেয়ে হল বাগিছা! বাগিছাৰ মনোবৃত্তি সাধাৰণ ভাবে ৱৰ উন্নত হবলৈ নাপায়। কাৰণ অলপ চালাক-চতুৰ মানুহ বাগানৰ কামত সোমালে ইমান ৱিন্ধা পায় যে যেনিয়ে তেনিয়ে কেৱল স্বাৰ্থৰ পৰিসীমা ৱঢ়াই নিব পাৰে৷ সেই কাৰণে ওপৰৱালা বগা চাহাবে বাবুসকলক বা কুলিকো অন্য মানুহৰ লগত মিল হোৱাটো, পঢ়া-শুনা জনাটো ভাল নাপায়। সেই কাৰণে বাগান বহুতো ক্ষেত্ৰত পিছপৰা। এইটো দোষ পাৰি-পাৰ্শ্বিকতাৰ আৰু ধাৰণাৰ। আমাৰ মধ্যবিত্ত মানুহ বাগানৰ চাকৰিত সোমালেই সোধে—“পইচা-পাতি কেনেকুৱা?” অৰ্থাৎ অসৎউপায়েৰে উপাৰ্জ্জন কৰিব পাৰিনে নোৱাৰি? সেয়ে ৱাগানৰ বাবু আৰু কুলিতো কুলিয়েই, তাৰ কথা মানুহে ৱৰ চিন্তা নকৰে। আজিকালি লেবাৰ মুভমেন্ট হোৱাত মালিকসকলে