আহিছো। ঘৰত সোমাবলৈকো সময় নাই। ডাক্তৰী কৰো, মানুহৰ বেমাৰ ভাল কৰো বুলি ক'ব পৰাটোৱেই মোৰ কাম। তই খা-খৱব আৰু কচোন।”
“ৰবি অথন। এখেতকো বহু ক’ব লাগে। এখেতক বোধহয় নাজান? এখেত নন্দ বৰুৱা, বোধহয় আজি-কালি পুলিচ ইন্সপেক্টৰ, আগেয়ে ইয়াতে আছিল।”
—“নহয়, চাব-ইন্সপেক্টৰ। তেখেতে বাৰু মোক চিনি পায়ো৷ আজি আপোনাৰ কথা দুয়ো পাতিছিলোহঁক অলপমান।”
—“কি হৈছিল?”
—“একো বিশেষ নাই, সুধিছিলো ইয়াকে যে মহেন্দ্ৰ শৰ্ম্মা ক’ত আছে আজি-কালি? ক’লে বহুত দিন লগ পোৱা নাই বুলি। বাৰু আপোনাৰ কথা কওক এতিয়া, কিমানলৈকে যাব।”
—“ডিব্ৰুগড়লৈকে।”
“অ’ বহুত কথা হ'ব পৰা হ'ব। বাৰু ছোৱালী জনীৰ বিষয়ে কওকচোন।”
মই লাহে লাহে ক’বলৈ ধৰিলো—কেনেকৈ গুৱাহাটীৰ শৰণীয়াত ছ-মাহ থৈ পিছত বম্বেৰ লেবাৰ কলেজত দু-বছৰ ট্ৰেইনিং দিওৱা হ'ল ৱিকিয়াক। কথাবোৰ শুনি দোচ আবু চাহে হাঁহি হাঁহি ক'লে—“ব’ম্ মাৰিছ? থ থ তোৰ কথা।”
“স’চা-মিছা প্ৰমাণ পাবি বাৰু” বুলি কৈ চুটকেচৰ পৰা টোপোলা এটা খুলি লৈ বিকিয়াৰ চিঠি এখন তাৰ