পৃষ্ঠা:কুলি (উপন্যাস).pdf/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
কুলি

মই জানিলো, কান্দি ভাগৰিলে আপুনি এই শান্ত হ'ব-- ভবিষ্যতৰ কথা ভাবি। দুৱাৰী মৰাৰ আগত যে এই আপদ মোক গটালৈ তাক কি কৰা যায়, সেই চিন্তাই মোক বৰ ৱ্যস্ত কৰিলে। দুৱাৰখন মেলি বাহিৰলৈ চালো—ভয় লাগে, ইমান অন্ধকাৰ। এনে দুৰ্য্যোগ মোৰ জীৱনত কাহানিও ঘটা নাই। দুৱাৰ বন্ধ কৰি দিলো। ভিতৰত যদি হুৰাও-ৰাৱে চিঞৰিছে বাহিৰলৈ তাক কোনেও নুশুনে। বতাহ-বৰষুণ তেতিয়াও পূৰা দমেই চলি আছে। গতিকে তাৰ শব্দই ইয়াক কোনো মতেই বাহিৰলৈ ওলাবলৈ দিয়া নাই। হয়তো ভগৱানেও শুনা নাই। নহ’লে এটা দুখীয়া পৰিয়ালক নিজ হাতে স্ৰজন কৰি এনেকৈ নষ্ট হবলৈ নিদিলেহেতেন।। কান্দি-কান্দি বিকিয়া অচেতন হল। তাই বুঢ়াৰ মৰাশৱৰ ওচৰতে শুই পৰিল। প্ৰায় তিনিঘণ্টা সময় এইদৰেই যোৱাত বৰষুণ কমি আহিল। মোৰ মন ইমান সময় দুখ-বেজাৰতে ব্যস্ত হৈ থকা নাছিল। মানুহ ওপজে আৰু মৰে। সি স্বাভাৱিক দুখ-বেজাৰ, কথাটোত বৰ জোৰ দি সমাজৰ কামো সমাধা নহয়। ৱৰষুণ কমাত জাপিটো লৈ ওলাই আহি জানকীয়াক বাবু ঘৰৰ ফালৰপৰা হাতত লেম লৈ অহা দেখিলো। অলপ ৰ'লো তাক লগ পালো। “জানকীয়া আজি বৰ খাৰাপ দিন।”

 –“এৰা ভগৱানৰ একদম ৰাগ হৈছে। তই যোৱা নাই? যাবি কি ৰকম? দুৱাৰীক দেখিলি?” “ওঁ” বুলি