পৃষ্ঠা:কুলি (উপন্যাস).pdf/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
কুলি


ৱৰাৰ উৎসাহ-উদ্দীপনা আৰু বুদ্ধি আৰু লগতে নিজৰ অক্লান্ত পৰিশ্ৰমৰ ফলতে উজনি অসমৰ প্ৰায়বিলাক বাগানৰ বনুৱাই হিন্দ মজদুৰ দলৰ লগত চামিল হল। ইফালে অলপ কথাতে ভয়খোৱা চৰকাৰে ইমান সোনকালে অন্যদলৰ কৃতকাৰ্য্যতাত ভয়খাই জন-নিৰাপত্তা আইনৰ আশ্ৰয় লৈ হিন্দ মজদুৰ কৰ্ম্মীসকলক কামৰপৰা বিৰত কৰিবলৈ চেষ্টা কৰিলে। চৰকাৰৰ এই প্ৰচেষ্টা বৰ গোপনীয় আছিল কাৰণে কৰ্ম্মীসকল অতি সোনকালে ধৰা পৰিল। কোনোক অন্তৰীণাদেশ, কোনো জনৰ ওপৰত বহিস্কাৰ বা নিষেধাজ্ঞা জাৰি কৰাত কামত যথেষ্ট বিঘিনি ঘটিবলৈ ধৰিলে। কিন্তু মিচ বিকিয়াক চিনি নাপালে আৰু জানিৱ বা সুবিধা কৰিব নোৱাৰিলে— বিকিয়াৰ কামত বিঘিনি ঘটাবলৈ। সেই কাৰণে ৱিকিয়াই অকলে অকলে ধাৰাসাৰে কামৰ ধাৰাবাহিক গতিটোক ৰক্ষা কৰাত লাগি গ’ল। ফলত তাইৰ গা ওলাই পৰিল। তিতাবৰ পুলিচ ষ্টেচনৰ গৰাকীয়ে হয়তো বাগানতো খবৰ কৰিলে। কিন্তু বিকিয়াৰ আজি সাত আঠ বছৰৰ আগৰ ইতিহাসেৰে যি কাম হ’ব বুলি ভাবিছিল সি নহল। সৰল সহজ কুলি ছোৱালী, ক’লা চালুৰ মেখেলা, বগা মাৰ্কিনৰ ৰিহা আৰু ক’লা জাকিত চোলাৰেই তাই মিটিঙত ৱক্তৃতা কৰে—কুলিয়ে বুলিব পৰা আদৰঙীয়া কুলিৰ ভাষাতে। তাইক হয়তো কুলিবোৰে ভাবে যে তাই মানুহ নহয়। তাই কোৱা কথাত ইমান ভোল যায় যে তাই পতা এখন