পৃষ্ঠা:কুলি (উপন্যাস).pdf/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
কুলি

সন্দেহ নাই, ঘুৰণীয়া মিঠা বৰণীয়া মুখখনেৰে জাকিত চোলাৰ মাজেদি ঠৰঙা হৈ জিলিকি থকা বুকুখনেৰে লোহোৰা লোহোৰ হাত-ভৰিৰে বিকিয়াজনী সঁচাকৈয়ে মোহ লগা। তাইৰ চেহেৰাতকৈ তাইৰ মাত বোল আৰু কথা ইমান লনী যে তাইৰ লগত এবাৰ কথা পতা মানুহেও, হয়তো বহুত দিনলৈ তাইক মনত ৰাখি যাব। অমায়িক ব্যৱহাৰ, সৰু টিয়া মাত সাধাৰণতে কুলি ছোৱালীৰ স্বভাৱগত কথা। কাৰণ সিহঁত সৰু যেতিয়া সদায় অমায়িক হ’ব, হ’বই লাগে, ন’হলে যে কুলি আৰু তাতে কুলিৰ তিৰোতা৷ অৱশ্যে লাওপানী খাই লৈ মছগুল হৈ গান গাবৰ সময়ত আৰু নাচিৱৰ সময়ত সেই অমায়িকতা আৰু ভদ্ৰতা সিহঁতৰ থাকিব নোৱাৰে। বিকিয়াৰ কিন্তু আচৰিত ব্যৱহাৰ সকলোৰে আদৰণীয় আৰু বহুতেই মানো কৰে আৰু মৰমো কৰে। ষোল বছৰীয়া গাভৰু বিকিয়াৰ তেজে ফুটি যাওঁ ফাটি যাওঁ কৰা গালকিখন এই কেই দিনতে আচৰিত ধৰণে শুকাই যোৱাতো স্বাভাৱিক কথা। চুলিবোৰ আউল-জাউল পৰি থকা স্বত্বেও তাইৰ সৌন্দৰ্য্যৰ কম-বেছ হোৱা নাই। নহলেনো ইউৰোপীয়ান, চাহাবে তাইক চকু দিলেহেতেন নে? মনে মনে থকাটো বৰ বেয়া দেখায় আৰু জানিবলগীয়া কথা এটাও মনত পৰি লাহেকৈ সুধিলো— “ৱিকিয়া, মণিলাল আহিছিলনে?” তাই হুক্ হুক্ কৰে আকউ কান্দিবলৈ ধৰি ফেঁকুৰি ফেঁকুৰি ক'লে—“আমাৰ কাৰণে ৱাবু সেই মানুষটো ও

.