পৃষ্ঠা:কুলি (উপন্যাস).pdf/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
কুলি

পৰি-পাটি নহয় কিন্তু শয়ন-চতুৰ। গাৰু চাপৰ হ’লে টোপনিয়েই নাহে। সেই ধৰণে বিচনাখন মোৰ কাৰণে ৰূচৰ তাহানি খনৰ জাৰৰ সিংহাসন বুলিব পাৰি। কলেজত পঢ়া দিনতো মই শুই শুয়েই পঢ়িছিলো। আজিও শুই নপঢ়িলে বা নাভাবিলে মোৰ বহুত খেলিমেলিয়েই হয়। ৰেলত টিকট কৰি উঠিলো আৰু উঠিয়েই চুক এটাত গাৰুটো দি ভালকৈ আউজি শুই যাব পৰাকৈ ঠাই ডোখৰ অধিকাৰ কৰিলো৷ ৰেল-মটৰত অলপ গলেই মোৰ টোপনিয়ে ধৰে। সেই কোঠাটোতে এজন পুৰণা চিনাকী মানুহ ওলাল। পাইখানাৰ পৰা ওলায়েই মাত দিলে – “কি আপুনি দেখোন বহুত reduced হৈছে?” “এৰা, আপোনাৰ ভালনে? ক’ত আজিকালি?’’ “ভালেই বুলিব পাৰি। মই মঙ্গলদৈত আছো বৰ্ত্তমান। পিছে বাৰু, আপোনাৰ সেই বৰৱাবু জন মৰিলেই নহয়। ছোৱালীজনী ক’ত? সেই পুৰণি সাধুটো কওকচোন।” মঙলদৈৰ তেওঁ পুলিচ চাৱ-ইন্সপেক্টৰ বৰুৱা— পূৰ্ব্বৰ ইতিহাসৰ পাতনি জুৰিলে। “বাৰু ক’ম, বহক” বুলি আৰম্ভ কৰিলো। এনেতে তললৈ মূৰকৈ কাগজ পঢ়ি থকা আমাৰ পূৰ্ব্বৰ দোচ চাহাৱে মাত দিলে—“আৰে ভাই মহেন্দ্ৰ দেখোন, বুঢ়াটো হৈ গ’লি। খবৰ কচোন, ক’ত আছ কি কৰিছ?” “ৰ, তই ক’ত আগে তাক কৈ ল। মই য’ৰ মানুহ ততে আছো। তোৰ ক।”

 “মই চাকৰী কৰো। এতিয়া পাচিঘাটলৈ বদলি হৈ