পৃষ্ঠা:কুলি (উপন্যাস).pdf/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুলি


মানুহ সিহঁত হয়নে নহয় সেইটো হলে ভাবিব লাগিব। মাৰ্কচে সিহঁতক মানুহ বুলি কৈছে। গান্ধীয়ে সিহঁতক হিন্দুৰ ঈশ্বৰৰ নামেৰেহে নাম দিছে। কিন্তু সচাঁই সিহঁতক মানুহ বুলি কোনোবাই মানিছেনে? ওচৰত সৰু সৰু জোপোহা জোপোহ লাইন্ লাইন্‌ সেউজীয়া পাতৰ চাহৰ গছবোৰ,গজাল লগা কাঁইটীয়া কাটা তাঁৰৰ মাজতে। সেইফালে অলপ আঁতৰতে সৰু সৰু শাৰী শাৰীকৈ সজা ৰঙা টিঙৰ সৰু পকাবেৰৰ চাপৰ চাপৰ ঘৰবোৰ। ঘৰবোৰ ইটোতে সিটো লগা। দুৱাৰ একোখন আছে। অন্ধকাৰ ভিতৰবোৰ, খিড়িকি বোলা বস্তুটোৰ ব্যৱহাৰ এই শ্ৰেণীৰ ঘৰত হোৱা নাই। বেৰ গোবৰ মাটি দি ইটাৰে গঁথা। ভেটিবোৰৰ লগত বাহিৰৰ চোতালৰ কোনো প্ৰভেদ নাই। বৰষুণ আনিলে হয়তো চোতালৰপৰা পানী ভিতৰলৈহে সোমাৱ। এৰা, ইয়াতে কিছুমান আমাৰ আকৃতিৰেই হাত ভৰি মুখ থকা, কথা ক'ব পৰা জীৱ থাকে। ওচৰতে এটা সৰু টুপ লগা খেৰৰ ঘৰ। বেৰ আধালৈকে দিয়া—তাক অৱশ্যে বেৰ নুবুলি জেওৰা বোলাই ভাল। ত্ৰিকোণাকাৰকৈ কটা চাৰিডোখৰ ৰঙা কাপোৰ লগাই চাৰিডাল ওখ বাঁহ ঘৰটোৰ চাৰি চুকে পোতা আছে। অনুস্তুপীয়া হ'লেও বুজিব লাগিবই কোনো দেৱতাৰ বাসস্থানৰ কাৰণেই তৈয়াৰী হৈছে। সেইজন দেৱতা সৰ্ব্বসাধাৰণ সমাজৰ দেৱতা হয়তো নহবও পাৰে। সেইজন দেৱতা হয়তো যোগ-নিদ্ৰাত মগ্ন—সেইজন