নাখাৱ। আমি হিন্দু যদিও তহঁতে আমাক কুলি মানুহ বুলি বহুত ঘিণ কৰ। কৰিছ কৰ, আপত্তি নাই। কাৰণ আমি ওপজোতেই কুলি আৰু তহঁত ওপজোতেই বাবু।
এইবোৰ কথা বাদ দি মই আজি বৰ বিপদত পৰিছো। তই মোৰ এজন আপোন মানুহ আৰু বয়সত ছোট হলেও বন্ধু মানুহ বুলি বুদ্ধি বিচাৰিছো, তই ভাল বুদ্ধি দে। নহলে মোৰ জাত আৰু ধৰম সব যাব — মানে মই একদম্ পাপী হৈ যাব লাগিব।”
“কি বিপদ, তই অলপ খাই আছনেকি?”
–“খাই থাকিলে তোৰ লগত মই কথাকে নকওঁ। মোৰ বিপদটো শুনিবি। কিন্তু উপায় কৰিবও লাগিব। ন'হলে একদম.জাত গ'ল।”
—“বাৰু কৈ যা।”
– “বুজিছ, মাষ্টৰ, নতুন চাহাৱ এটা আমাৰ বাগানলৈ আহিছে। তাৰ মাইকী নাই। মতা বাবুৰ লগত বহুত দোস্ত। তাৰ বৰৱাবুৰ লগতো খুব ভাল। এতিয়া তাক একটা কুলি মেম লাগে। বৰবাবুৱে মোক বহুত দিনৰ পৰাই কৈ আছে আৰু মতা বাবুৱেও কৈছে। মই বাগানৰ কামৰ চৰ্দ্দাৰ হ'ব পাৰো, কিন্তু বাবু হিন্দু হৈ কি ৰকমে খৃষ্টান চাহাবক এটা জাতৰ মাইকী দিম? সেইকাৰণে চাহাবক ফাঁকি দি আছিলো যে বিচাৰিছো পোৱা নাই। সেইদিনা চাহাব কুলি লাইন দেখিবলৈ আহিছিল,