পৃষ্ঠা:কুলি (উপন্যাস).pdf/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
কুলি


মিটিঙৰ পিছত ইখন মিটিঙলৈও আগত তাইৰ বক্তৃতা শুনা মানুহবোৰ পুনৰ যায়। লাহে লাহে পৰিস্থিতিৰ গুৰুত্বক লক্ষ্য কৰি চৰকাৰে ৱিকিয়াৰ ওপৰত ৱাৰেণ্ট জাৰি কৰিলে। অতি সোনকালে গ্ৰেপ্তাৰৰ প্ৰচেষ্টাও চলিল। কিন্তু ৱিকিয়া ধৰা নপৰিল। পুলিচৰ অতৰ্কিতে গতি সলাই ধৰা নিদি কামৰ জোৰ প্ৰচাৰ কৰাত লাগি গ'ল। ইফালে লাহে লাহে নিৰ্ব্বাচনৰ ওচৰ চপাত চৰকাৰে গণতন্ত্ৰৰ ভিত্তিত বাধ্য হৈ ৰাজনৈতিক দল বিলাকৰ ওপৰত দিয়া নিষেধাজ্ঞা তুলি ল'ব লগা হ'ল। কঠোৰ পৰিশ্ৰমৰ মাজত বিকিয়াৰ স্বাস্থ্যও ৰুগ্ন হ'ল আৰু বাধ্য হৈ খুৰা মহেন্দ্ৰৰ কাষ চাপিব লগাত পৰিল।

 * * * * *