পৃষ্ঠা:কুলি (উপন্যাস).pdf/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
কুলি

গোটেই খিনি পঢ়িও মই নিজেই ক'ব নোৱাৰিলো— কি পঢ়িলো। বৰষুণ অলপ পাতলাটো কিন্তু ক’ব পাৰো, লাহেকৈ জাপিটো মূৰত লৈয়ে ওলালো। ছাতি এটা যোগাৰ কৰা মোৰ পক্ষে সচাঁই টান আছিল। মৌজাদাৰ আৰু ডাক্তৰৰ সৰু সৰু ল’ৰা-ছোৱালী কেইটাকে ক ক ম ম শিকাই মাত্ৰ ২০৲ বিশ টকা পাওঁ। তাৰে পেট প্ৰৱৰ্ত্তোৱা মোৰ পক্ষে কঠিন, ছাতিটোৰ কথা নুঠেই। মাজে মাজে দুই চাৰিজন বন্ধুৱে সহায় নকৰিলে মোৰ ড্ৰেচটোৰ যোগাৰ হ’ব নোৱাৰে। তাৰোপৰি আলহী আছে। বহুতো আলহীৰ আকৌ বেছি ভদ্ৰতা থকা কাৰণে হয়তো দুদিনৰ কাৰণে খোৰাকী কিনি থৈয়ো যায়। ভাৱিলো চাইকেলখন লৈয়ে যাওঁনে কি? কিন্তু আন্ধাৰত ঢিমিক-ঢামাক পোহৰ দিয়া টৰ্চ্চটো লৈ যাবলৈ সাহ নহ’ল। হয়তো পৈতৃক সম্পত্তি দেহাটোত ঘুণ লাগিব বুলি, খোজ কাঢ়িয়েই যাবলৈ ওলালো। ডাৱৰ কমা নাই, বিজুলি মাৰিয়েই আছে। গাজনিবোৰ অলপ সৰু হৈছে। গৈ পালোগৈ, আশা আৰু নিৰাশাৰ কোনো কথা নাই। মাত্ৰ মনুষ্যত্ব আৰু সেৱা বোলা কথাটোৰ এটা ধূলি কণাৰ উপমাৰ আদৰ্শতে গলো। ঘোৰ অন্ধকাৰ, ৰাষ্টাত কেইবাজোপাও কলগছ পৰি আছে। অলপতে হৈ যোৱা ধুমুহাৰ জয়-চিহ্ন। লাইনত কেইবা ঘৰতো ক’লা কেৰাচিনৰ চাকি ঢিমিক-ঢামাককৈ জ্বলি থকা দেখিলো সময় হৈছে যদিও সিহঁতৰ একান্ত আশ্ৰয় বিচনাখন, য’ত হয়তো দুখন