পৃষ্ঠা:কুলি (উপন্যাস).pdf/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

—আঠ—

 নিৰ্ব্বাচনৰ জোৰ প্ৰচাৰ আৰম্ভ হ’ল। সময় মাত্ৰ এমাহ। কমিউনিষ্ট, কংগ্ৰেছ, ৰেডিকেল ছচিয়েলিষ্ট, ছচিয়েলিষ্ট, ইণ্ডিপেণ্ডেণ্ট, মিলিত জনসংঘ, সমাজসেৱী দল ইত্যাদি বহুত দলৰ নিৰ্ব্বাচন যুদ্ধ আৰম্ভ হল। ইণ্ডিয়ান নেচনেল ট্ৰেড ইউনিয়ন কংগ্ৰেচ আদি কৰি সকলোবোৰ কংগ্ৰেচী অনুষ্ঠান চৰকাৰী সাহায্যত সমাৰোহেৰে নিৰ্ব্বাচন যুদ্ধত নামিল। চৰকাৰী ধনৰ সহায়ত কুলিৰ মাজত অপপ্ৰচাৰৰ ফলত প্ৰগতিবাদী দলবিলাকৰ প্ৰতিষ্ঠা কিছু কিছু কমি গ'ল। বিকিয়াৰ শৰীৰো বৰ দুৰ্ব্বল হৈ পৰিছিল। তাই গা টঙাবই পৰা নাই। তাইক লৈ মোৰ এটা সমস্যা হৈ পৰিল। এফালেদি তাইক অনবৰত শুশ্ৰূষা কৰিব লাগে আৰু আনহাতে নিৰ্ব্বাচনৰ প্ৰচাৰ কাৰ্য্যও চলাব লাগে। পাৰ্টিৰ পৰা নতুন নতুন নিৰ্দ্দেশ আহি আছে। অথচ কোনো প্ৰকাৰেই কামত লাগিব নোৱাৰি মই বৰ অস্থিৰ হৈ পৰিলো। বিকিয়াৰ হ’ল কলিক পেইন্‌। যেতিয়া বিষে ধৰিৱ তাইৰ চেতন নাথাকে। চিকিৎসা কৰাৰো অন্ত নোহোৱাত পৰিছে। কতো কাৰোপৰা ভাল ফলাফল পোৱা নাই। অৱশেষত বৰাৰ পৰামৰ্শ মতে তাইক ডিব্ৰুগড় হস্পিটেললৈকে operation কৰাৱৰ নিমিত্তে লৈ গ’লো।