পৃষ্ঠা:কুলি (উপন্যাস).pdf/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
কুলি

বিকিয়াৰ ওচৰলৈ আহিল। প্ৰথমতে বিকিয়াই একো নকৈ মাথোন—“এইসব কি, ঠিক নহয়” বুলি গোৰ-গোৰাই থাকিল। তথাপি কামুক বৰ বাবুৱে গৈ তাইৰ হাতত ধৰাত তাই চিঞৰি দিলে। ওচৰতে ৰাষ্টাত লুকাই থকা নৰেন আৰু তিনিটা কুলিয়ে ‘কি হ’ল’ ‘কি হ’ল’ বুলি বৰ বাবুৰ ঘৰৰ দুৱাৰ মুখ পালেগৈ। ইতিমধ্যে বৰ বাবুৱে মানুহৰ মাত শুনি নিজৰ শোৱা কোঠা সোমাই দুৱাৰ বন্ধ, কৰি ৰ’লগৈ। বাহিৰৰ পৰা মাত দিয়াত মতা নাই,— ভয়ত থৰ-থৰি কম্পমান। ভিতৰৰপৰা বিকিয়াই ধূমধাম গালি পাৰি দিছে। তাইক ৱাহিৰৰ মানুহে দৰজা খুলি ওলাই আহিবলৈ ক’লে। তাই ওলাই আহিল। তাই সচাঁসঁচি ঘটনাটো বিবৰি কোৱাত কুলি কেইটা গৰ্জ্জি উঠিল। নৰেনে লগাই দিয়া মতে এটাই পুলিচত খবৰ দিবলৈ লৰ দি আহিল আৰু বাটতে মোক পাই মোকে পুলিচকে নি ঘটনা স্থলত উপস্থিত কৰিলে। তেতিয়া ৰাতি দহ ৱাজিছে। লাজত বৰ মহৰীয়ে নাক উলিয়াব নোৱাৰিলে। পুলিচে ৱিকিয়াক আনি মোৰ হাওলাত দিলে। বিকিয়াই মোৰ সাহসত পুলিচৰ আগত বিবৰি ক’লে যে তাইৰ কোনো হাওলতী নাই, আছিল বাপেকৰ। বাপেক মৰিল। এইটো মাথোন তাইক চাহাবক দিবলৈ এটা ফন্দিহে। ৱৰ মহৰীক বৰুৱাই ওলোটা ধাৰাত আৰু বলৎকাৰী কেচত পেলাৱ বুলি সাক্ষী- বাদী লৈ গুচি আহিল। কিন্তু দুখৰ কথা যে অপমানৰ