পৃষ্ঠা:কুলি (উপন্যাস).pdf/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
কুলি

বহি পৰিলো—পাহৰিলো যে তাত এটা খুৰা ভগা আছিল। আউজি দিয়াত লুটি খাই গৈ পৰোতে মোৰ হাতখন তাইৰ মুখত লাগিলগৈ। তাৰ শব্দত আৰু গাত হাত লগাত তাই সাৰ পাই উঠি চকমক্ খাই ৱহি পৰিল। দেখে যে অসংযত অৱস্থাত তাই নগ্ন। মই উঠিৱ খুজিলো বহাৰ পৰা। তাই লৰালৰিকৈ কাপোৰ চম্ভালি লৈ সুধিলে—“কোন?” আকউ দ্বিতীয় বাৰ সুধিলে। অথচ ম‍ই মতা নাই। চাকিটো তেতিয়াও জ্বলিয়েই আছিল। মই শিলৰ মূৰ্ত্তিৰ দৰে থিয় হৈয়ে আছো। তাই মাতিলে—“খুৰা!” তথাপি মই নিমাত। অন্তৰত মোৰ তাইৰ সৌন্দৰ্য্যৰ কায়িক উপভোগৰ ঘৃণনীয় ইচ্ছা—পুৰুষ ইমান দুৰ্ব্বল। তাই বুজিলে—কিন্তু কৰিৱ কি। ঘপকৰে থিয় হ’ল। মই আগবাঢ়ি হাতখনত ধৰিৱ খোজোতেই তাই উচাট মাৰি এৰাই গৈ বেৰৰ পৰা গান্ধীৰ ছবিখন আনি ডাঙি ধৰিলেহি মোৰ আগত ম‍ই ছৱিখনত চকু দিয়াৰ লগে লগেই তাই কৈ উঠিল—“খুৰা কেইৱা দিনৰো পৰা মই এইটো বুজিছো। শপত কৰা এই গান্ধীৰ ছবি চুই—নহলে মই ওলালো, আত্মহত্যা কৰিম। তুমি ইমান দুৰ্ব্বলনে?” শেষৰ কথাষাৰত এনে এটা আদেশ আৰু স্পৰ্দ্ধাৰ ভাৱ ফুটি উঠিছিল, মই আৰু সেই ঠাইত ৰৈ থাকিৱ নোৱাৰিলো। একেবাৰে আহি মোৰ বিচনাৰ ওচৰ পালোহি। লাজ অপমানত নিজৰ ওপৰত ঘৃণা জন্মিল৷ তায়ো চাকিটো লৈ পিছে পিছে আহিল৷ মই বিচনাত