পৃষ্ঠা:কুলি (উপন্যাস).pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুলি

ৰজনীগন্ধাৰ মোল হয়তো ইমানকেই বুজে—“ফুলগাছ টাৰ থিন্‌লে খুব গন্ধ হেকো৷।" এই ঠাইত “অ” ৰজনী গন্ধা,তোমাৰ গন্ধে সুধা ঢালো” বুলি ৰবীন্দ্ৰ সঙ্গীতৰ লহৰ নুঠে। এই ৰজনীগন্ধা ফুলে লিপষ্টিক লগা ওঠত ওঠ লগাবলৈ নাপায় বা পাল্পচ্ ক্ৰীম্ লগোৱা গালত গালখনি স্পৰ্শ কৰাৱলৈকো নাপায়। হাঁয়! দুৰ্ভগীয়া দেৱতা, তোৰ এই মন্দিৰত বাস, আৰু তোৰ নিচিনা দেৱতাই দিল্লী নগৰীৰ বিৰলা মন্দিৰতো আছে।তহঁতক মানুহে নেদেখে,—আছে বুলি ভাবেহে। স্বৰ্গত ৱোলে সৰু বৰ নাই, সকলো সমান আৰু সকলো সুখী। তেন্তে দেৱতা, ত‍ই মৰতত আহি খেৰৰ জুপুৰীত সোমাই আছ আৰু তোৰে নিচিনা এজনে আজি বিৰলাৰ লক্ষ্মীনাৰায়ণ মন্দিৰতো আছে। দেৱতা তহঁতৰ মাজতো সমতা নাই। মানুহে ভুলকৈ কয় যে তহঁত সমান আৰু সুখী। মই মানুহ, সিও মানুহ, আৰু সৰু লাইন লাইন ঘৰবোৰত থকাবোৰো মানুহ; কিন্তু এটা কথা ইয়াত আছে, সেয়ে বৰ্ত্তমানৰ পৃথিৱীৰ মূল কথা।— অসমতা অশান্তি, অসুখ আৰু সমাজৰ স্তৰৰ পাৰ্থক্য।

 সেই সন্ধিয়াত ময়ে গ'লো আগবাঢ়ি সেইফালে। ইচ্ছাকৃত ফুৰা-চকা মোৰ কাম নহয়। মই নিজকে নিজেই whimsical বুলি বুজি পাওঁ৷ ভাল লগা বেয়া লগা কথাও নহয়। মাত্ৰ যাব লাগে গ'লো। বাগানৰ লাইনত সেইদিনা মানুহ নোসোমায়। মই সোমাওঁ—ময়ো মানুহ। মদৰ