পৃষ্ঠা:কুলি (উপন্যাস).pdf/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫2
কুলি

বৰ যত্নৰ মুৰত চিট যোগাৰ কৰা হ’ল। তাৰ দুদিনৰ পিছত তাইক তাতে এক্সৰে কৰোৱা হ'ল। ফলাফল এইটোৱেই হল যে দুটা মেজৰ এবড'মেন অপাৰেচনৰ আৱশ্যক। কিন্তু ছ-মাহ শয্যাগত ৰোগীক কেনেকৈ দুটাকৈ মেজৰ অপাৰেচন কৰিবলৈ দিব পাৰি— এই চিন্তাই মোক কেৱাদিনলৈকে হাৰাশাস্তি কৰিলে৷ তথাপি মৰণত শৰণ দি কৰাবলৈকে মান্তি হ’লো। প্ৰথম অপাৰেচন হৈ গ’ল। ডাক্তৰে ইটো অপাৰেচনৰ কাৰণে পোন্ধৰ দিন জিৰণিৰ সময় দিলে।

 ইতিমধ্যে পশ্চিমৰ প্ৰদেশবোৰত ইলেক্‌চন আৰম্ভ হৈ গ’ল। বেছি ভাগ প্ৰদেশতে কংগ্ৰেচন জয় বেছিকৈ হোৱাত তাৰ প্ৰতিক্ৰিয়াই মানুহৰ অন্তৰত পাৰ্টিৰ প্ৰতি নিৰাশাৰ সৃষ্টি কৰি আস্থা কমাই পেলালে। লেবাৰৰ মাজতো তেনে এটা অৱস্থাই হবলৈ ধৰিলে। এনেতে ৱিকিয়াৰ ইটো অপাৰেচনো কৃতকাৰ্য্যতাৰেই শেষ হ’ল! ডাক্তৰে তাইক তিনিমাহ সম্পুৰ্ণভাবেই জিৰণি লবলৈ ক’লে। তাই কিন্তু হস্পিটেলৰপৰা ওলায়েই বাহিৰে বাহিৰে নিৰ্ব্বাচনৰ কামত আকৌ লাগি গ’ল। কত ক’লো, তাই একোতেই মান্তি নহ'ল। লেৱাৰবিলাকক বাগানে বাগানে গৈ পুনৰ জগাই তুলিলে। যিখন বাগানত বিকিয়া এবাৰ সোমাই গৈছে তাত আৰু আনৰ কাম নাথাকে। কিন্তু কি হ’ৱ, ভাগ্য বিড়ম্বনা, দুখীয়াৰ দুখ কাহানিও নুগুচে। তাই পুনৰ শুব লগা হল। এইবাৰ আৰু ধৈৰ্য্যৰ অৱকাশ নাথাকিল।