পৃষ্ঠা:কুলি (উপন্যাস).pdf/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

—ছয়—

 বহুত দিন পাৰ হ’ল। মই সেই প্ৰাইভেট টিউটৰ প্ৰাইভেট টিউটৰেই। মানুহৰ অৱস্থা কাৰো ৱৰ বেচি, কাৰো বৰ কম। মোৰ এতিয়া অৱস্থা কিছু ভালেই। কাৰণ টিউশ্যনৰ পৰাই দুপইছা মান পাওঁ আৰু মোৰে ভাঙনি দুখন হিন্দী কিতাপ বজাৰত বেচ বিক্ৰী হৈছে৷ মই অৱশ্যে পূজিপতি হ’ব পৰা নাই, কিন্তু দুখ কমিছে। তাৰোপৰি কুৰিটকাকৈ বম্বেলৈ মাহে মাহে পঠাবই লাগে। ইত্যাদি কথাত মই মানুহটো বিয়া-বাৰু নকৰোৱাকৈয়ে সংসাৰী। আগদিনা এখন টেলিগ্ৰাম পালো—টকা অলপ লাগে। লগতে এখন চিঠি যে অসমৰ চাহ-বনুৱা সম্পৰ্কে যদি কিবা বিশেষ নতুন সমস্যা আছে, অতি সোনকালে পঠাব লাগে। কাৰণ, লক্ষ্ণৌত লেৱাৰ কনভেনচন এটা বহিব। লেবাৰ কলেজৰ পৰা তেওঁক লেৱাৰ কনভেনচনৰ কাৰণে প্ৰতিনিধি নিযুক্ত কৰিছে। মই মহা দিগদাৰিত পৰিলো। কি কৰা যায় ভাবি-চিন্তি ঠিক কৰিলো যে ডিব্ৰুগড়লৈ গৈ প্ৰভিন্সিয়েল লেবাৰ অৰ্গেনাইজাৰৰ লগত পৰামৰ্শ কৰি যি লিখিব লাগে লিখিম। সেইবুলি ৰাতিপুৱা নটা বজাৰ ৰেলত ডিবুৰুলৈ ওলালো৷ চুটকেচটো আৰু শতৰঞ্চিৰে মেৰোৱা গাৰুটো অৱশ্যে এৰা নাই। মই মানুহটো খোৱা-পিন্ধা সকলোতে