পৃষ্ঠা:কুলি (উপন্যাস).pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
কুলি

দে তাৰ মূৰটো খুব গৰম আছে।” মই মূৰত হাত দি চাইছিলো। তাই হাৰিয়াটোৰেই পানী আনি দিলে আৰু ম‍ই কোৱাত মুৰটো ডাঙি ধৰিলে, মই লাহে লাহে পানী ঢালিলো। অলপ সময়ৰ পিছত সি অলপ হুচ পালে। লাহে লাহে কলে—“বাবু, চকুৰে নেদেখো। তোৰ হাতটো দে, মই চুই দেখিম। তই বাবুনে কি?” মই ওচৰতে থকা সৰু মূঢ়াটোতে বহি হাতটো আগবঢ়াই দিলো। সি হাত-টোত টানি ধৰিলে আৰু লাহে লাহে কলে—“ঠিক তই,বাবু। বাবু মানে তই চাফা কানি-কাপোৰ পিন্ধা বাবু নহয়, তোৰ কলিজা বাবুৰ কলিজা” বুলি মনে মনে থাকিল। হাতটো ধৰি কপালত লগালে আৰু এৰি দি এটা নমস্কাৰ কৰিলে। তাৰ পিছত অলপ সময় নিমাত। বৰষুণ আকৌ আহিবলৈ উপক্ৰম হ'ল। মেঘে বৰকৈ গাজনি মাৰিৱলৈ ধৰিলে। বতাহ বেছিকৈ মৰা দেখি চাকিটো নুমাই যাব বুলি দৰজাটো বন্ধ কৰি দিলো। ৰাতি দহ বজাত কুলি লাইনৰ ঘৰৰ ভিতৰত এজনী গাভৰু ছোৱালী,এটা কণা বেমাৰী বাপেক আৰু এনে ডবাপিতা শিল-বৰষুণৰ অভিজ্ঞতা আন কোনো বাবুৱে কেতিয়াবা পাইছেনে নাই মই ক'ব নোৱাৰো। মোৰ জীৱনত কিন্তু এয়ে প্ৰথম অভিজ্ঞতা। মই ভাৱিলো যে কুলিবোৰে দেখিলে কিভাবিব। সিহঁতে নিশ্চয় ক’ব যে বিকিয়া দেখিবলৈ বৰ ধুনীয়া, যোৱান চুক্ৰী দেখি বাবুটো ইয়ালৈ আহে। অৱশ্যে