পৃষ্ঠা:কুলি (উপন্যাস).pdf/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
কুলি

হাতত দি পঢ়ি যাবলৈ কলো। তাৰে মাজৰ পৰা আৰু এখন উলিয়াই মই পঢ়িলো।

 “মৰমৰ খুৰা,

 আপুনি ভাৱিছে, মই বম্বে দেখি পাগল হলো। কিন্তু নহয়। সদায় মোক মিছাজানৰ দুৱাৰী চৰ্দ্দাৰৰ সেই ব্ৰনচন চাহাবে কুলি মেম কৰিব খোজা বিকিয়া বুলিয়েই ভাবি থাকে নহয়নে? ভাৱক আৰু কি কৰিম। জীৱনত মই সেই ঘটনা নাপাহৰো। পতিত মনুষ্যত্বক সুধাৰ কৰিবলৈ হলে সেইটো উপমা খুৱাই দিব নোৱাৰি। মোৰ আজি- কালি হিন্দী শব্দৱোৰ বৰ ব্যৱহাৰ হয়; কিন্তু সি ইচ্ছাকৃত নহয়। সদায় কৈ থকা কাৰণেই বোধহয় এনে হৈছে। মাতৃ-ভাষাক উপেক্ষা কৰা বুলি ভুলতো নাভাৱিৱ বাৰু, অন্য কথালৈ আহোহঁক। কালি আহমদাৱাদত ট্ৰেড ইউনিয়নিষ্ট দলৰ শোচনীয় অৱস্থা। লগতে আই-এন্‌-টি- ইউ-চিৰো৷ কাৰণ এটা ষ্ট্ৰাইক হোৱাৰ কথা লৈ তিনি দলৰ তিনিটা মত। হিন্দু মজদুৰ সংঘই ক’লে যে সময় দি নটিচ কৰি দাবী জনোৱা হওক। কিন্তু দেশৰ বস্ত্ৰ-সমস্যাৰ অজুহাত দেখুৱাই I. N. T. U. C. এ একো কাম হাতত লৱলৈ নিবিচাৰে; মাত্ৰ দাবীবোৰ জনাবহে খোজে। কিন্তু বৰ্ত্তমান অৱস্থাত চৰকাৰৰ পক্ষৰপৰা মালিকসকলক প্ৰেচাৰ দি দি কাপোৰ আদায় কৰা কাৰণে সিহঁতৰ লোকচান হৈছে বুলি ষ্ট্ৰাইক্ কৰি মিল বন্ধ কৰি দিলে সিহঁতে চৰকাৰক