পৃষ্ঠা:কুলি (উপন্যাস).pdf/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
কুলি


ভুৱা দিবলৈ সুবিধাহে পাব। আমাৰ কলেঞ্জৰ প্ৰিন্সিপেল তাৰ সভাপতি আছিল। ভোটত আমাৰ হিন্দ মজদুৰ দল জিকিল। দাবীবোৰৰ প্ৰায় আধাভাগ কামত পৰিণত হৈছে। দলৰ প্ৰতিপত্তি বাঢ়িছে। আনফালে I. N. T. U. C. দলৰ মাজতে মতানৈক্য ঘটিছে; আৰু বহুতেই হেনো দলকে ত্যাগ কৰিছে।

 লক্ষ্ণৌত অলপতে লেবাৰ কনভেনচন এখন হ’ব। সকলো ঠাইৰে প্ৰায় সকলো ভাৰতীয় লেবাৰৰ প্ৰতিনিধি আহিব। মোকো বাছিছে আমাৰ কলেজৰ প্ৰতিনিধি পাঁচ জনৰ ভিতৰৰে এজন হিচাৱে। মই ইচ্ছাকৃত ভাৱে ওলোৱা নাই। আপুনি টকা ক’ৰ পৰানো দিব, তাকে ভাবি-চিন্তি প্ৰিন্সিপেলক আপত্তি কৰিছো যাবলৈ টান হ'ব বুলি। ইয়াত কিছুমান এনে ছাত্ৰ আছে যি লেৱাৰ কলেজত পঢ়িও কেনেকৈ চৰকাৰী চাকৰী ল'ব পাৰি তাৰ চিন্তাতে থাকে। সিহঁতৰ টকাৰ অভাবো নাই, মানবতাৰ সেৱাৰ কথাও নাই। হাঁহিহে উঠে সিহঁতৰ ভাও বোৰ দেখিলে। প্ৰিন্সিপেলে অলপ টকা দিছে। যাবৰ কাৰণে হব। কিন্তু অহাৰ খৰচ নাই। পাৰে যদি অন্ততঃ ৩০৲ টকা মান পঠাব। নোৱাৰিলে টেলিগ্ৰাম কৰি জনাৰ যাতে মোৰ পৰিবৰ্ত্তে অন্য এজনক পঠাব পাৰো। অসমৰ আৰু দুজন আছে, কিন্তু সভাত কথা ক’ৱলৈ ভয় কৰা কাৰণে প্ৰিন্সিপেলে তেওঁলোকক পঠাব নোখোজে। তিনিশ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আমাৰ চেক্ৰেটৰী