পৃষ্ঠা:কুলি (উপন্যাস).pdf/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
কুলি

কৰা ব্যৱহাৰ তাই লক্ষ্য কৰি আহিছে। তাইক মই যেতিয়াই তেতিয়াই যি কথাকে মই জানো তাকেই কৈছো আৰু শিকাইছো। আচৰিত তাইৰ স্মৰণ শক্তি। মানুহৰ ক্ৰমবিকাশৰ কথা কওঁতে মই এখন কিতাপৰ কথা কৈছিলো। প্ৰায় দহ দিনৰ মূৰত তাই মোক সেই গোটেই কিতাপ খনকে আনি পঢ়ি দিবলৈ কৈছিল। মই ককায়েক তাই ভনী আৰু মই শিক্ষক তাই ছাত্ৰী—সেই সম্বন্ধটো আমাৰ বৰ মধুৰ আৰু পবিত্ৰ। সেই সম্বন্ধে তাইক আখ্যানিক আৰু ধৰ্ম্ম শাস্ত্ৰৰ কথা অলপো কৈছিলো। ইমান মনোযোগী আৰু উদ্যোগী ছাত্ৰী পালে শিক্ষকৰ আনন্দৰ সীমা নাথাকে। সেই দিনা মই ভাতপানী গধূলিতে খাই মিল-মজদুৰ সভা এখনলৈ যাব লগা আছিল। ৰাতি ৱাৰ বজাত তাৰপৰা ঘূৰি আহিলো। গোটেই জগত নিস্তব্ধ। সকলোৱে একান্ত মনে দিনৰ ভাগৰ দূৰ কৰিছে। বাহিৰত ফৰিংফুটা জোনাক। মোৰ মনটো কিবা উদাস উদাস লাগি আছে। আহি বিকিয়াক মাতিলো, তাই টোপনিত লালকাল। গৰমৰ দিন, বাহিৰৰ পৰা হাত সুমুৱাই দুৱাৰখন খুলিব পৰা অৱস্থাত আছিল। খুলি ভিতৰ সোমালো। অচেতন ভাৱে নিদ্ৰাত তাইৰ শৰীৰটো অসাৱ- ধানতাত উলঙ্গ প্ৰায় হৈ আছে। মোৰ কি ইচ্ছা জন্মিল ক’ব নোৱাৰিলো। এবাৰ চাই লাজ নাপালো, পুনৰ চাবৰ ইচ্ছা হ’ল। তাইৰ নিপোটল বুকুখনলৈ চাই মনক সংযম কৰিব নোৱৰা হ’লো। ওচৰৰে ভগা চকিখনত বিমোৰ হৈ,