পৃষ্ঠা:কুলি (উপন্যাস).pdf/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
কুলি

ক’তো শুংসূত্ৰ উলিয়াব নোৱাৰি বৰ মহৰীৰ মনত সুখ নাই৷ কেনেবাকৈ গম পালে বিকিয়া ছচিয়েলিষ্ট পাৰ্টিৰ অফিচৰ চকিদাৰৰ লগত থকা কথাটো। চাহাবক কথাষাৰ কৈ পুলিচ অফিচাৰক খাটিৰ লগাই চাহাবৰ জামিনত বিকিয়াক দিবলৈ এটা টকাৰ দেনা-পাওনাৰ বন্দোবস্ত কৰিলে। চাহাবেও তাতে হয় দিলে। ইপিনে হয়তো বুঢ়া ৱৰ মহৰীয়ে নাজানে যে ছচিয়েলিষ্ট কি বস্তু। মোচত তাও দি চাহাবৰ নতুন গাড়ীত উঠি গৈ পুলিচ ইন্সপেক্টৰক লগ ধৰি সেই দিনাই বিকিয়াক এৰেষ্ট কৰোৱাৰ ৱাৰেণ্ট বাহিৰ কৰিলে। পুলিচ ইন্সপেক্টৰে আপত্তি কৰিছিলে—“ৰাজনৈতিক দলক আপুনি জোকাই নল’ব, পানী খুৱাই পঠিয়াব। আৰু আমিও সেইদৰে নভবা-নিচিন্তাকৈ কাম নকৰিম।” বৰ মহৰীয়ে কিন্তু অন্যহে ভাবিলে যে বয়সস্থ মানুহ আৰু ভদ্ৰলোক ভাবি পুলিচে তেনেকৈ প্ৰকাৰান্তৰে টকাৰ কথা কৈছে। সেই বুলি তেওঁ তেতিয়াই এখন ডাঙৰ নোট জেপৰপৰা উলিয়াই কাম চলাই, দিবলৈ বুলি প্ৰেজেণ্ট দিলে। বিলাতী চাহাবৰ, “মাইকী”ৰ আশাত দিয়া টকাৰ শৰাধৰ আৰম্ভ হ’ল৷ বৰ মহৰীৰ কথা অনুযায়ী, মেজিষ্ট্ৰেটৰ হতুৱাই কাগজ চহী কৰাই শনিবাৰে দিনৰ দুটা বজাত্ হঠাতে পুলিচে বিকিয়াক এৰেষ্ট কৰি লৈ আহিলগৈ। সেইদিনা পাৰ্টি অফিচত কোনো নাছিল। বুঢ়া চকিদাৰৰ জ্বৰ——শুই আছিল। পুলিচে যেতিয়া আনিবলৈ গ'ল লগত বৰ মহৰীও গৈছিল