“কুলিৰ বেমাৰত ৱাবুৱে ৰাতি খবৰ কৰা কথা, পোৱালী বাবু, তোকে জীৱনত পহিলা দেখিলো।” “এৰা।” সি হুমুনিয়া কাঢ়ি ক’লে—“ৱাবু লাইন্ একৰকম গোঁসানীৰ ৰাগতে শেষ হৈছে। আজিলৈকে চাৰি দিনৰ ভিতৰত চোক্ৰা-চুক্ৰী লগাই দু-কুৰি মৰিছে আৰু মৰিবলগীয়া আছে একুৰি মান।”
“আঃ ইমান হৈছেনে? দুৱাৰী বুঢ়াটোৰ ভালনে?”
“এৰা বাবু তাৰ বেটাটো পৰহি মৰিল, সিও এতিয়া পৰিহে আছে। সি চকুৱে নেদেখা হ’ল। কি ঠিক, তাৰো হয় কি? বাবু, গোঁসানীৰ ইচ্ছা হৈছে, লেগিছে। তুমি আমি জানো কিৱা কৰিব পাৰো? আৰু, বাবু, দুইটা অলপতে মৰিছে, বৰষুণৰ কাৰণে পুতিব পৰা নাই; বৰবাবুক খবৰ দিব লাগে যাওঁ। তই দেখিলে দুৱাৰীটোক দেখি আহিব পাৰ। তোৰ কথা সি সৱ দিন কৈয়ে আছে, সি মৰাৰ আগতে দেখি আহ। মই পিছত লগ পাম” বুলি সি গলগৈ।
তকিয়াৰ মৃত্যু, দুৱাৰীৰ চকু · কণা হোৱা আৰু মৃত্যু-শয্যাত চটফট কৰি থকা অৱস্থা আৰু বেচেৰী বিকিয়াৰ অকলশৰীয়া জীৱনৰ বিপদৰ কথা ভাবি মনটো কিবা লাগি গ’ল। আগবাঢ়ি গৈ বিকিয়াক মাত দিলো—“বিকিয়া”?
“কোন” বুলি দুৱাৰ মেলি আউলী-জাউলী চুলিৰে কাপোৰ-কানিৰ লাগ-বান্ধ নোহোৱা অৱস্থাত গাভৰু বিকিয়াই হাতত টিপ চাকি এটা লৈ ওলাই আহি “হা পোৱালী