পৃষ্ঠা:কুলি (উপন্যাস).pdf/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুলি


ক’লে কুলি ভুলি যায়। যি ৰকম একদম তেল নাথাকিলে চাকি নজ্বলে আৰু অলপ থাকিলেই জ্বলে, সেই ৰকম অলপ পানীৰ পুথি মাছৰ দৰে কুলিয়ে অলপ পালেই সব ভুলি যায়। মই জাতত কমাৰ, অসমীয়া মানুহৰ হ’লে কলিতা জাত। তেন্তে মইনো কি ৰকম চাহাৱক চুক্ৰীটো দিম? চাহাবে মোক কাম দিব খুজিছে—মালীৱাৰীৰ চকিদাৰ, দৰমহাও বেচি দিম বুলিছে আৰু চুক্ৰী দিলে টাকাও দিম বুলিছে, কিন্তু কি ৰকম মোৰ এই মাউৰা ছোৱালীটোৰ জাতটো খাম? আৰু মই মণিলালৰ লগত কথা পকা কৰি থৈছো যে তাৰ লগত চুক্ৰীটোক চাদি দিম। মোক একটা উপায় দে বাবু, মই বৰ দুখ পাইছো। কুলি যেতিয়া মৰিবলৈ বেচি দিনো নাই, মোৰ জাত আৰু ইজ্জৎটো বছাই মৰি যাব পাৰিলেই ভাল।”

 তাৰ কথাবোৰ শুনি গ’লো। সি একেলেঠাৰিয়ে কিতাপ পঢ়াদি কথাবোৰ কৈ গ’ল। হয়তো কেইবাদিনৰে পৰা মুন্সিপৰ আগত সাক্ষী ক’বলৈ সাজি থোৱাদি সি কথাবোৰ জুকিয়াই থৈছিল বা ভাৱনাত ভাও দিবলৈ থোৱা দিয়ে থৈছিল। বাস্তৱতে সত্যতা থকা কথা যেতিয়া বুজিবলৈ আৰু বাকী নাথাকিল। তাৰ অন্তৰত ভীষণ বেজাৰ, তাৰ হিয়াখন হয়তো বেজাৰত টুকুৰা-টুকুৰ হৈ গৈছে। মই জানো, বিকিয়াৰ মাক তিনি কি চাৰি মাহতে মৰিছে আৰু বুঢ়াই সিহঁতক বৰ দুখেৰে তুলিছে। এই বুঢ়া চৰ্দ্দাৰ যদিও