পৃষ্ঠা:কুলি (উপন্যাস).pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
কুলি

কামুৰিব নোৱাৰে৷ জাৰৰ দিনত ৱিনা কাপোৰে কটাব পৰাকৈয়ে ভগৱানে সৃষ্টি কৰিছে। ভগৱানে কৰা নাই, মানুহেই সিহঁতক তেনে অভ্যাসত অভ্যস্ত কৰি দিছে। মানুহ তুমি, “সবাৰ উপৰ মানুষ সত্য” বুলি কবিত! নাগাবা! বক্তৃতা কৰিছা গণসেৱাৰ; কিন্তু আজি মানুহ হৈ মানুহৰ তেজ কি বুলি পিব ধৰিছা? স্বত্বৰ সূত্ৰত তোমাৰ কি অধিকাৰ আছে যে তুমি এইবোৰক সদায় এনেকৈ গড়কি ৰাখিবা? তুমি আজি গান্ধীৰ নাম কৈ ৰাজত্ব কৰিছা, লোকায়ত্ব শাসন পাতিছা আৰু গান্ধীৰ প্ৰাণ-প্ৰিয় “হৰিজন” আৰু “মজদুৰ”ক জহন্নামলৈ হেলাৰঙে ঠেলি দিছা। দুখীয়া খেতিয়কক যি সুখ দিছা সিও তথৈবচ। কৰৰ হেঁচাত সিহঁত হয়তো কেতিয়াবা তোমালোকৰ পৰা একেবাৰে বিচ্ছিন্ন হৈ যাবগৈ লাগিব৷ আৰু কুলি? তাৰ ব্যৱস্থাৰ কথা তোমাৰ শাসনে আজি ভাবিছেনে? এইবোৰকে ভাবি ভাবি গৈ লাইনৰ মূৰ পালোগৈ। দেখিলো সিফালৰপৰা এটা লেম লৈ কোনোবা আহিছে। ওচৰ পাই বুজিলো, যে লাইন চকিদাৰ জানকীয়া। মাত দিলো, “জানকীয়া, ক’ত যাৱ?"

 “কোন? অ’ পোৱালী বাবু, ৰাতি ইয়ালৈ কিয আহিলি?”

 “এৰা, তহঁতৰ লাইনত বোলে বেমাৰ হৈছে। মানুহ বোৰৰ খবৰকে কৰিবলৈ আহিলো, ভাল হৈছেনে এতিয়া?”