পৃষ্ঠা:কুলি (উপন্যাস).pdf/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

—চাৰি—


 পাপৰ পৰাজয় ৰামায়ণৰ দিনৰ পৰা চলি আহিছে। পুৰাণৰ সত্য আখ্যানিক যদিও উদাহৰণ গ্ৰহণযোগ্য। মানুহৰ কাম-শক্তি বৰ আচৰিত শক্তি। ইয়াক দমন কৰিব পাৰিলেই মানুহ। নহ’লে ইতৰ জন্তুৰ শাৰীত পৰে। সেইদিনা সন্ধিয়া মোৰ অনুমানিক ঘটনা অনুযায়ী সত্য ঘটনায়েই ঠাই ল’লে নৰেনে যি কৈ পঠালো তাকেই কৰিলে। চিঠি দুখন সময় মতে বিকিয়া আৰু জানকীয়াক দিলে। ইফালে বিকিয়াক দিনতেই নি বৰ মহৰীয়ে ঘৰত সুমুৱাই ৰাখিলে। চাহাবৰ মটৰ পঠাই দি ড্ৰাইভাৰক কৈ পঠালে যে পিছদিনা পুৱা সকলো ঠিক হ’ৱ। সন্ধিয়া ৱৰ মহৰী ফুৰিৱলৈকো নগ’ল। বৰ মহৰীৰ কাৰ্য্য-কলাপৰ বিষয়ে কোনো বাবুৱেই একো নজনা কথাষাৰো কেনেবাকৈ নৰেনে যোগাৰ কৰি দি গ’লহি। নৰেনটো বেচ বুধিয়ক ল’ৰা। সেই খনতে ঘূৰি-পকি জানকীয়াৰে সৈতে মনে মনে এটা দলো যোগাৰ কৰি ৰাখিলে। বৰ মহৰী সেইদিনা ঘৰৰপৰা নোলালেই। ৰাতি ভাত-পানী খাই উঠাৰ পিছত তেওঁৰ পোৱালী বামুণৰ ল’ৰাটিও শুলে। বিকিয়ায়ো ভাত-পানী খালে। তাইৰ মনত ভীষণ অশান্তি আৰু উৎকণ্ঠাা ৱাবু লাইনৰ বাকী বিলাকৰ ঘৰত চাকি নুমাইছে। এনেতে সচাঁই বৰ মহৰী