পৃষ্ঠা:কুলি (উপন্যাস).pdf/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুলি


দেৱতাই মধু আৰু কৈটভৰ হাতত হোৱা ব্ৰহ্মাৰ বিপদৰ কথা নাজানে। তাকেই, সেই ঘৰটোকেই সিহঁতে কয় “দেওৰ ঘৰ” বা “মূৰৈ ঘৰ।” ৰঙা ফুল বেলপাত দি পাঠা ছাগলি বলী দি সিহঁতে তাতে বৈষ্ণৱী কীৰ্ত্তন কৰে আৰু পূজাও কৰে। তাৰ কাষতেই সিহঁতে গায়—“এস দুটি ভাই,গৌৰ নিতাই;” আৰু হয়তো গায়—“বাগাল ভাইকো লিয়ে দিবেক পিতল গৰা বাঁশী।” সিহঁতৰ কাৰণে সেয়ে বহুত “ধৰমেৰ কথা৷” “অজপা” নামক সাধনা কৰি মুক্তি মাৰ্গৰ চৰম সত্ত্বাটোক উপেক্ষা কৰে সিহঁতেই। এইযে এটা সৰু মন্দিৰ—ইয়াৰ কাষতেই কোনোৱা দেৱতা দৰদীয়ে ৰুলে কেইজোপামান ফুল।ৰজনীগন্ধাৰ গোন্ধে ঠাইডোখৰত এটা আনন্দৰ ঢৌ বগৰাবলৈকে হয়তো চেষ্টাও কৰিছে। তাই হতভাগী, তাইৰ নিচিনা বহু জোপা ৰজনীগন্ধাই আজি কিমান প্ৰেমিক-প্ৰেমিকাৰ বিলাসকক্ষত গন্ধ ৱিতৰণ কৰিছে। হয়তো কোনো বিলাস উদ্যানত তাইৰ নিচিনা কোনো জুপি ৰজনীগন্ধাৰ গালত হাত ফুৰাই মৰম কৰিছে কত যুৱক-যুৱতীয়ে। কিন্তু তাই আজি ক’ত? দেৱত্বশূন্য অনাদৃত এটা স্বৰ্গৰ বাসিন্দাৰ কাৰণে সজা খেৰৰ আধা ভগা জুপুৰীৰ দাঁতিত। প্ৰকৃতিৰ বিচাৰত ভুল—পাহাৰত গোলাপৰ গন্ধ হৰণ কৰাদি তাইৰো এই গন্ধ হৰণকে কৰিব লাগিছিল। কাৰণ ৰজনীগন্ধাৰ গোন্ধ পাৱৰ উপযুক্ত দেৱতা বা উপযুক্ত মানুহ আজিৰ সমাজৰ পৰিস্থিতিয়ে সেই ঠাইত ৰখা নাই। এই ঠাইত