পৃষ্ঠা:কুলি (উপন্যাস).pdf/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

—পাঁচ—

 কামনাৰ পৰিতৃপ্তি মানুহৰ নৈসৰ্গিক বিকাৰ। প্ৰকৃতিৰ লগত যুদ্ধ কৰি মানুহে ব্ৰহ্মচৰ্য্য পালন কৰে। আজি পোন্ধৰ দিন বিকিয়া মোৰ লগতে আছে। মোৰ হৰিজনৰ সীমাটো বৰ নিয়ন্ত্ৰিত। মই য’তে ত’তে নাখাওঁ আৰু যেয়ে সেয়ে দিলেও নাখাওঁ। মোৰ বাচন-বৰ্ত্তনতে বিকিয়াক মই খাবলৈকো দিছোঁ। মোৰ বাঁহৰ চাঙৰ ওপৰত পাৰি লোৱা ঢাৰিখন আৰু শতৰঞ্চি খনো তাইক মাটিতে পাৰি ল’বলৈ দিছো। তাই শোৱে বাহিৰৰ কোথাটোতে। দিনত পাছ ফালে বিচনাবোৰ চপাই থয়। মই ভাত ৰান্ধো, তাইকো দিওঁ। দুখনমান কাপোৰো তাইক যোগাৰ কৰি দিছো। মোৰ লাহে লাহে এটা সাংসাৰিক চিন্তা আহি পৰিছে। তাই মোক নিজ ককায়েকৰ দৰেই সঁচাই ভাবে। মোৰ কিন্তু সময়ে সময়ে সেই ভাৱটো আঁতৰি যায়। তাই কেতিয়াবা মোৰ ওচৰত অসাৱধান ভাৱে থিয় দিলে তাইৰ নগ্ন সৌন্দৰ্য্যত চকু পৰি মোৰ শৰীৰ ৰোমাঞ্চিত হৈ উঠে। ভ্ৰাতৃত্বৰ পবিত্ৰ ভাৱ কেতিয়াৱা ক’ৰবালৈ উৰি যাব খোজে। ইচ্ছা হয় যেন তাইক সাবটি বুকুত সুমুৱাই ল’ম৷ তাই মোক খুৰা বুলি মাতে—ময়ে তাইক তেনে বুলিবলৈ শিকাই- ছিলো। মোৰ মনৰ গতি আৰু তাইৰ প্ৰতি কেইদিন মান